Logo
image

মডেল ইংলিছ ছিনিয়ৰ ছেকেণ্ডৰী স্কুলত কৃতি ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ মডেল ইংলিছ ছিনিয়ৰ ছেকেণ্ডৰী স্কুলত অনুষ্ঠিত এক গাম্ভীৰ্যপূণ অনুষ্ঠানত ২০২২ বৰ্ষৰ বিজ্ঞান বিভাগত স্নাতকোত্তৰ পৰীক্ষাত গুৱাহাটীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা  বিশ্ববিদ্যালয়ৰ ভিতৰতে  গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ (CGPA - 9.89)  লাভ কৰি সোণৰ পদক অৰ্জন কৰা কৃতি ছাত্ৰী নমী বেগমক সম্বৰ্ধনা জনোৱা হয়। 

নকছাৰিৰ দেবেৰাপাৰা চাৰিআলিৰ নিৱাসী শ্বেখ বাহাৰতদ্দিন আহমেদৰ কন্যা নমী বেগম মডেল ইংলিছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল প্ৰাক্তন ছাত্ৰী। এটি আৰম্ভণি গীতেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত দুখনকৈ সম্বৰ্ধনা প্ৰত্ৰ, এখন স্মাৰক, এখন ফুলাম গামোচাৰে বিদ্যালয়ৰ তৰফৰ পৰা নমীক সম্বৰ্ধনা জনোৱা হয়।

নমীৰ লগতে নয়দাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেৰাটে প্ৰতিযোগিতা পদক অৰ্জন কৰা চাৰিগৰাকী ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয়। শ্যামলিমা গগৈ আৰু ছেহনাজ বেগমে সোণৰ পদক, দৃষ্টিপ্ৰিয়া গগৈ আৰু চবনম বেগমে ৰূপৰ পদক অৰ্জন কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত আছিল বিদ্যালয়ৰ অধ্যক্ষ, প্ৰশাসনিক সচিব, অধীক্ষক, শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল।