Logo
image

উক্তি-বক্ৰোক্তি

আমাৰ চৰকাৰে বছৰি কৃষকৰ কল্যাণ আৰু কৃষিখণ্ডৰ বাবে ৬.৫ লাখ কোটি টকা ব্যয় কৰি আহিছে৷ খোৱাতেলৰ ক্ষেত্ৰত দেশ আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আমাৰ চৰকাৰে সৰ্বোৎকৃষ্ট প্ৰচেষ্টা হাতত লৈছে৷ কৃষকে যাতে ন্যূনতম সমৰ্থিত মূল্য লাভ কৰে আৰু সাৰৰ ৰাজসাহায্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ আমি দিনে-নিশাই কাম কৰি আছোঁ৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এক্সপ্ৰেছৱে’ৰ নিৰ্মাণৰ মান বেয়া হোৱাৰ বাবে এই পথ দুৰ্ঘটনাত ২৬জন লোকৰ মৃত্যু হোৱা বুলি কোৱাটো ভুল৷  সম্ভৱতঃ টায়াৰ ফাটি বা মানুহৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’ল৷ 
– মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশ

মণিপুৰত অতি ভয়ংকৰ ট্ৰেজেডী সংঘটিত হৈছে৷ সেয়া অতিশয় দুখলগা আৰু হৃদয়বিদাৰক৷ হিংসাই কোনো সমস্যাৰ সমাধান নকৰে৷ 
– কংগ্ৰেছ নেতা ৰাহুল গান্ধী

ৰাহুল গান্ধীয়ে মণিপুৰলৈ আহি কি সমস্যাৰ সমাধান কৰিলে? মণিপুৰৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিত এতিয়া সকলোৰে মাজত সৃষ্টি হোৱা সংঘাত আৰু পাৰ্থক্য দূৰ কৰাটোহে অতি জৰুৰী৷ ৰাহুল গান্ধীয়ে ৰাজনৈতিক লাভালাভৰ বাবে মণিপুৰ ভ্ৰমণ কৰিলে৷ এনে ভ্ৰমণৰ জৰিয়তে প্ৰচাৰ লাভ কৰা যায়৷ সেয়া তেওঁ পাইছে৷
– অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শৰীৰত মহম্মদ আলী জিন্নাৰ আত্মা সোমাই আছে৷ অসমৰ বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগে কৰা নাই৷ সেয়া হিমন্ত বিশ্ব শৰ্মাই কৰিছে৷  তেওঁ এই কাম এনেদৰে কৰিছে, যিটো কাম দেখিলে মহম্মদ আলী জিন্নায়ো তেওঁক প্ৰশংসা কৰিলেহেঁতেন৷
– সাংসদ আব্দুল খালেক

যিটো সময়ত বিশ্বৰ উন্নত দেশত আন্তঃৰাষ্ট্ৰীয় বেংক বিলুপ্ত হৈ গৈছে, সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহে অসামান্য প্ৰদৰ্শন আগবঢ়াইছে৷ ইয়াৰ ফলত ৰাজহুৱা খণ্ডৰ বেংকসমূহে বিগত বিত্তীয় বছৰত ১.০৪ লাখ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে, যিটো বিগত বছৰৰ তুলনাত তিনিগুণ৷
– কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

আঘাতৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰি মই লুছান ডাইমণ্ড লীগত ৮৬.৬৬ মিটাৰলৈ জেভেলিন দলিয়াবলৈ সক্ষম হ’লোঁ৷ কিন্তু এই প্ৰদৰ্শন মোৰ সামৰ্থ্যৰ তুলনাত কম৷ ইয়াতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শন আহি আছে৷ 
– অলিম্পিক চেম্পিয়ন জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা

যেতিয়াই চৰমপন্থাই হিংসা সৃষ্টিত ইন্ধন যোগায়, তেতিয়াই বিশ্বই ‘যোগী মডেল’ৰ শৰণাপন্ন হয়৷ এতিয়া সকলোৱে কৈ থকাৰ দৰে পেৰিছেও যোগী মডেলৰ আশ্ৰয় লোৱাৰ বিকল্প নাই৷
– উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ

বছিৰহাটৰ ‘উল্টা ৰথযাত্ৰা’ত ভাগ লৈ মই তৃপ্ত৷
– পশ্চিমবংগৰ সাংসদ নুছৰত জাহান