Logo
image

দীঘলীপুখুৰীৰ নতুন মালিক কোন এই ৰাজা কাংকাৰীয়া

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ জুলাইঃ অসমীয়াৰ আৱেগ আৰু ঐতিহ্য বিজড়িত দীঘলীপুখুৰীক গুজৰাটী বণিয়াৰ হাতত গটোৱাক লৈ সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দীঘলীপুখুৰীত এতিয়া যেন ৰাজত্ব চলাব ৰাজা কাংকাৰীয়াই৷ অসম পৰ্যটন উন্নয়ন নিগমৰ তত্বাৱধানত থকা দীঘলীপুখুৰীটো অতি সংগোপনে ১৫ বছৰলৈ লীজত গটোৱা হ’ল গুজৰাটৰ ই চি এইছ টি কংলোমেৰা প্ৰাইভেট লিমিটেড নামৰ বণিক গোষ্ঠীটোক৷ দীঘলীপুখুৰীৰ পৰিচালনাৰ দায়িত্ব লোৱা গুজৰাটৰ এই কোম্পানীটোৰ স্বত্বাধিকাৰী হৈছে ৰাজা কাংকাৰীয়া৷ অসম পৰ্যটন উন্নয়ন নিগমে বিগত বৰ্ষৰ ২৪ অক্টোবৰত আহমেদাবাদ যোধপুৰৰ কোম্পানীটোক দীঘলীপুখুৰীৰ সমস্ত দায়িত্ব চমজাই দিছে৷ চৰ্চা অনুসৰি ৰাজা কাংকাৰীয়া হৈছে গুজৰাট বিজেপিৰ এজন শীৰ্ষ নেতাৰ আত্মীয়৷ আপৰ নেতা জিতুল ডেকাক তথ্য জনাৰ অধিকাৰ আইনৰ আৱেদন মৰ্মে পৰ্যটন নিগমে ৩০ লাখ ১২ হাজাৰ টকা ছিকিউৰিটী মানীৰ বিনিময়ত ৰাজা কাংকাৰীয়াৰ মালিকানাধীন ই চি এইচ টি কংলোমেৰাত প্ৰাইভেট লিমিটেডক ১৫ বছৰৰ বাবে দীঘলীপুখুৰীক চমজাই দিয়াৰ কথা সদৰী কৰিলেও পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই দীঘলীপুখুৰীক বাহিৰৰ কোম্পানীক গতাই দিয়া প্ৰশ্নই উঠিব নোৱাৰে বুলিহে স্ব-বিৰোধী মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে বিগত বৰ্ষৰ অক্টোবৰতেই দীঘলীপুখুৰীৰ নিবিদা প্ৰক্ৰিয়া সম্পন্ন হৈছিল যদিও বিগত পহিলা জুনত গুজৰাটী প্ৰতিষ্ঠানটোৱে দীঘলীপুখুৰীক আনুষ্ঠানিকভাৱে নিজৰ দখললৈ নিয়ে৷ অসম পৰ্যটন উন্নয়ন নিগমে পূৰ্বতে দীঘলীপুখুৰীৰ পাৰ্ক আৰু ৰেস্তোৰাঁ পৰিচালনাৰ বাবে স্থানীয় যুৱকক ঠিকা দিছিল যদিও পুখুৰীৰ নৌকা বিহাৰ নিগমে নিজেই চোৱা চিটা কৰিছিল৷ কিন্তু এতিয়া গুজৰাটী ঠিকাদাৰী প্ৰতিষ্ঠানটোক পাৰ্ক, ৰেস্তোৰাঁ আৰু নৌকা বিহাৰকে ধৰি দীঘলীপুখুৰীৰ সমষ্ট পৰিচালনাৰ দায়িত্ব ন্যস্ত কৰিছে৷ যাৰ বাবে দীঘলীপুখুৰীৰ দায়িত্ব লৈয়ে পাৰ্কৰ দৰ্শনাৰ্থীৰ প্ৰৱেশ মূল্য পূৰ্বৰ ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি কৰিলে গুজৰাটী কোম্পানীটোৱে৷ তথ্য অনুসৰি গুজৰাটৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে মূলত পেৰাছেলিং ব’ট, পেডেল ব’ট  ইত্যাদি নিৰ্মাণকাৰী প্ৰতিষ্ঠান হিচাপে পৰিচিত যদিও অসম পৰ্যটন নিগমে দীঘলীপুখুৰীৰ নিবিদাত ৰাজা কাংকাৰীয়াৰ সুবিধা হোৱাকৈ চৰ্ত আৰোপ কৰিছিল বুলিও অভিযোগ উঠিছে৷ যাৰ বাবে নিবিদাত অংশ ল’ব পৰা নাছিল অসমৰ থলুৱা কোনো ব্যৱসায়ী তথা ঔদ্যোগীয়ে৷ অথচ অসমৰ ঔদ্যোগীৰ পৰ্যটন প্ৰকল্পই দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণ কৰি আহিছে৷ আশ্চৰ্যজনকভাৱে পৰ্যটন নিগমৰ দীঘলীপুখুৰীৰ নিবিদাত গুজৰাটৰ ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেডক উপৰি মহাৰাষ্ট্ৰ এমফ্ৰিটাইট ছানছি প্ৰাইভেট লিমিটেড নামৰ দ্বিতীয় এটা প্ৰতিষ্ঠানেহে অংশ ল’ব পৰিছিল৷ ঐতিহ্যমণ্ডিত পুখুৰীটো গুজৰাটী প্ৰতিষ্ঠানটোক গতাই দিয়াৰ বাতৰিৰ পাছতেই স্বাভাৱিকতেই এতিয়া ৰাজ্যৰ বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দীঘলীপুখুৰীৰ পাৰত শনিবাৰে প্ৰতিবাদো সাব্যস্ত কৰে৷ হাতে হাতে বেনাৰ পোষ্টাৰ লৈ অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰক নিবিদা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷ ইফালে ৰাজ্যৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিয়েও সামাজিক মাধ্যম যোগে পৰ্যটন বিভাগৰ হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা দেখা যায়৷ আনকি চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা কৰা দেখা গ’ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী তথা বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীকো৷ সামাজিক মাধ্যমত মন্ত্ৰীৰ পত্নী তথা সাহিত্যিক ৰীতা চৌধুৰীয়ে গুজৰাটৰ কোম্পানীক পৰ্যটন নিগমে দীঘলীপুখুৰীক গটোৱাৰ কথা কি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ লক্ষণীয়ভাৱে ব্ৰহ্মপুত্ৰৰ পাৰ সৌন্দৰ্যবৰ্ধনৰ নামত ইতিমধ্যে উপায়ুক্ত কাৰ্যালয় ভাঙি পেলোৱাৰ পাছত শেহতীয়াকৈ গুৱাহাটী উচ্ছ ন্যায়ালয়কো উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কিন্তু গুৱাহাটী উচ্ছ ন্যায়ালয়ক স্থানান্তৰ কৰি সেই স্থানকো দীঘলীপুখুৰীৰ ‘পৰিসৰ’লৈ আনি গুজৰাটী কোম্পানীটোক বেপাৰৰ সুবিধা দিব বুলিও চৰ্চা চলিছে৷ অৱশ্যে এই কথাৰ সত্যতা কিমান পৰৱৰ্তী সময়তহে ৰাজ্যবাসী জ্ঞাত হ’ব৷ ইফালে ৰাজা কাংকাৰীয়াক দীঘলীপুখুৰী চমজাই দিয়াৰ কথা সদৰী কৰিলেও ইয়াৰ বাবদ মাহে পৰ্যটন উন্নয়ন নিগমে কিমান টকাৰ ৰাজহ লাভ কৰিব সেই তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে৷ তাৎপৰ্যপূৰ্ণভাৱে দীঘলীপুখুৰীক গুজৰাটী কোম্পানীটোৱে চমজি লৈ ব্যৱসায় আৰম্ভ কৰিলে যদিও মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ সন্দৰ্ভত অজ্ঞতাহে প্ৰকাশ কৰিছে৷ আনহাতে পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱায়ো শনিবাৰে প্ৰথম অৱস্থাত দীঘলীপুখুৰী গুজৰাটৰ কোম্পানীক লীজত দিয়াৰ খবৰ নাজানো বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যদিও পৰৱৰ্তী সময়ত সামাজিক মাধ্যমযোগে সমগ্ৰ অভিযোগটোকে অস্বীকাৰ কৰে৷ নাও বুৰিলেও টিঙৰ পৰা ননমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমত দীঘলীপুখুৰীৰ প্ৰসংগত উল্লেখ কৰে এইদৰে–‘দীঘলীপুখুৰী সন্দৰ্ভত সংবাদ মাধ্যমত কিছু বাতৰি মোৰ দৃষ্টিগোচৰ হৈছে৷ পৰ্যটন মন্ত্ৰী হিচাবে মই অসমৰ জনসাধাৰণক স্পষ্টভাৱে জনাও যে অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীটো কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে৷ পৰ্যটন বিভাগে যিধৰণে বিগত দিনসমূহত ইয়াৰ পৰিচালনা কৰিছিল৷ আগন্তুক দিনতো তাৰ উন্নয়নৰ বাবে বিভাগে নিজেই কাম কৰি যাব৷ ইয়াক লৈ অনাহকত বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই৷’

দীঘলীপুখুৰীক গুজৰাটৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ তীব্ৰ বিৰোধিতা ডি ৱাই এফ আইৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ দীঘলীপুখুৰী আৰু ইয়াৰ ভিতৰত থকা পাৰ্ক, নৌকা, ৰেস্তোৰাঁ আদি গুজৰাটৰ ব্যক্তিগত কোম্পানীক লীজত দিয়া কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে আৰু এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷ এই সন্দৰ্ভত ছাত্ৰ সংগঠনটোৰ নেতৃৰ্ত্বই কয়–পৰ্যটন খণ্ডৰ ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰা চৰকাৰখনে গুৱাহাটীৰ মাজ-মজিয়াৰ এই ৰাজহুৱা স্থানখিনিও বহিৰাগত কোম্পানীৰ হাতত তুলি দিবলৈ আগবাঢ়িছে৷ চৰকাৰখনে পৰ্যটন খণ্ডৰ উন্নয়নৰ সলনি বহিৰাগত কোম্পানীক গতাই দি অসমবিৰোধী সিদ্ধান্তহে গ্ৰহণ কৰিছে৷ মুখত বৰ বৰ কথা কোৱা বিজেপি চৰকাৰখনে ৰাজ্যৰ এটাৰ পাছত এটাকৈ ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডক গতাই দিছে৷ অকল দীঘলীপুখুৰীয়ে নহয়, ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুকো ‘আদানি গোষ্ঠী’ক বিক্ৰী কৰি দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ৰাজহ সংগ্ৰহৰ কোনো বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰি চৰকাৰখনে ৰাজ্যখন সম্পদ বিক্ৰী কৰা ধবংসাত্মক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জনতাৰ মতামতক উপেক্ষা কৰি চৰকাৰখনে নিজৰ মইমতালিৰে সিদ্ধান্ত গ্ৰহণ কৰাটো ৰাজ্যৰ ভবিষ্যতৰ বাবে অশনি সংকেত৷ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটীয়ে অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে৷

দীঘলীপুখুৰীক লৈ বিতৰ্কৰ অৱকাশ নাইঃ পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদকঃ ‘আজি কিছু সংবাদ মাধ্যমত দীঘলীপুখুৰীক লৈ কিছু বিতৰ্ক মই দেখি আছিলোঁ৷ যদিও মই ৰাজধানীৰ বাহিৰত আছোঁ গতিকে ইয়াৰ পৰা খবৰ কৰি চালোঁ দীঘলীপুখুৰীক লৈ এনে কোনো বিতৰ্ক কৰাৰ প্ৰয়োজন নাই৷ কোনো বাহিৰৰ কোম্পানীক এইবিলাক গতাই দিয়াৰ প্ৰশ্ন আহিব নোৱাৰে৷’ সম্প্ৰতি গুৱাহাটীৰ দীঘলীপুখুৰীৰ তত্ত্বাৱধানৰ কাম গুজৰাটৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিয়াৰ নামত সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটাই আজি বিয়লি ধুবুৰীত সাংবাদিকৰ সন্মুখত স্পষ্টভাৱে এই কথা স্পষ্ট কৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা, আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ তেওঁ কয় যে, ‘যিটো সাধাৰণ বিধি[General Process] সেই বিধি মতে নিবিদা আহ৩ান কৰা হৈছিল আৰু যিহেতু নিবিদা আহ৩ান কৰাৰ ল’গে ল’গে বিতৰ্কৰ কথা আহিছে গতিকে পৰ্যটনমন্ত্ৰী হিচাবে অসমৰ ৰাইজক এয়া স্পষ্ট কৰি দিছোঁ যে দীঘলীপুখুৰীৰ সৈতে অসমৰ মানুহৰ আৱেগ-অনুভূতি জড়িত হৈ আছে; ইয়াক কাৰোবাক গতাই দিয়া- এইধৰণৰ কথা হ’ব নোৱাৰে৷’ তেওঁ আৰু কয় যে, ‘পৰ্যটন বিভাগে বিগত দিনবোৰত চলাই আহিছে; যিধৰণে চলাই আহিছে সেইধৰণে চলাই থাকিব আৰু তাক যদি কিবা উন্নয়নৰ কাম কৰিব লাগে, পৰ্যটন বিভাগে নিজেই উন্নয়নৰ কাম কৰিব৷ তাক লৈ বাহিৰৰ কোনো কোম্পানী আহি উন্নয়নৰ কাম কৰাৰ প্ৰয়োজন নাই৷মই যিমানদূৰ খবৰ লৈছোঁ পৰ্যটন উন্নয়ন বিভাগে এই কামখিনি চোৱা-চিতা কৰে৷ তেওঁলোকে যদি নীতি-নিয়মৰ মাজেৰে কোনো প্ৰক্ৰিয়া আৰম্ভ কৰিছিল - ইয়াত যিহেতু অসমৰ মানুহৰ আৱেগৰ লগত জড়িত গতিকে ইয়াক লৈ কোনো বিতৰ্ক কৰাৰ প্ৰয়োজন নাই৷’ ৰাইজক আশ্বস্ত কৰি তেওঁ কয়, ‘সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত মই এই কথাবোৰ দেখি আছোঁ৷ সেইকাৰণে অসমৰ ৰাইজক মই স্পষ্ট কৰি দিব বিছাৰিছোঁ যে দীঘলীপুখুৰী কোনো বহিৰাগত, বাহিৰা কোম্পানীক গতাই দিয়াৰ প্ৰশ্ন আহিব নোৱাৰে; গতাই দিয়াৰ কথা নাই৷ আৰু, দীঘলীপুখুৰীৰ উন্নয়নৰ বাবে যদি কিবা কৰিব লাগে পৰ্যটন বিভাগে নিজেই কৰিব৷’

দীঘলীপুখুৰীৰ পাৰত কৃষক মুক্তিৰ বিক্ষোভ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ অসমীয়াৰ আৱেগ আৰু স্বাভিমানৰ প্ৰতীক ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীক গুজৰাটৰ প্ৰতিষ্ঠানক দিয়াৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত দীঘলীপুখুৰী পাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ শনিবাৰে বিয়লি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই দীঘলীপুখুৰীৰ মূল প্ৰৱেশদ্বাৰত চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ গুজৰাটৰ প্ৰতিষ্ঠানক দীঘলীপুখুৰী বিক্ৰী কৰিবলৈ দিয়া নহ’ব, বহিৰাগত প্ৰীতি বন্ধ কৰক, অসমৰ সম্পদ বণিয়াক গতোৱা নচলিব, অসমৰ ঐতিহ্যক্ষেত্ৰ বহিৰাগত প্ৰতিষ্ঠানক দিয়া বন্ধ কৰক, গুজৰাট লবী চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে ব্যতিক্ৰমী ৰূপত হাতে হাতে প্লেকাৰ্ড লৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷ য’ত লিখা আছিল – ঘৰত থকা কাঁহৰ ঘটি-লোটা বিক্ৰী কৰি চুলাই ঘাটিৰ ধাৰ মৰা ঘটিৰাম মদাহী আৰু দীঘলীপুখুৰী বিক্ৰী কৰি চৰকাৰী ধাৰ মৰা হিমন্ত বিশ্ব শৰ্মাৰ মাজত কোনো পাৰ্থক্য নাই৷ ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো, দীঘলী বিকিলে, এয়াৰ প’ৰ্ট বিকিলে, বিকিলে ‘জু’ৰ জীৱ-জন্তু৷ আইয়ে চায় মুখলৈ পত্নীয়ে চায় হাতলৈ ডকাইত মন্ত্ৰীৰ চকুপৰে দেশৰ ঐতিহ্যক্ষেত্ৰলৈ৷ ক’ৰ পৰা আহিলা ক’ত দিলা ভৰি, কংস, শকুনিয়ে ভাল আছিল দিয়া বেচা নাছিল ঘৰ-বাৰী৷ জাতিৰ বাবে নিউজ লাইভ, টাইম ৮, কাঞ্চনজুৰি চাহ বাগিচা বিক্ৰী কৰি মুখ্যমন্ত্ৰীয়ে জাতি প্ৰেমৰ পৰিচয় দিয়ক ইত্যাদি৷ প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে জাতি-মাটি-ভেঁটিৰ কথা কৈ প্ৰথমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ তাৰ পাছত মূল্যবান তৈলক্ষেত্ৰ, কাগজকল, চিৰিয়াখানাৰ জীৱ-জন্তু, শিলসাঁকোৰ খিলঞ্জীয়াৰ মাটি, বহিৰাগত বণিয়াক গতাই দিয়াৰ পাছত শেহতীয়াকৈ অতি সংগোপনে অতথ্য নিবিদাৰ জৰিয়তে ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী গুজৰাটৰ ইচি এইচ বি কংলুমেৰাক নামৰ প্ৰতিষ্ঠানক ১৫ বছৰৰ কাৰণে লিজত দিয়াৰ কাণ্ড  কেতিয়াও মানি ল’ব নোৱাৰো৷ এয়া এদেও দুদেও লোটা নিয়াৰ চেও৷ প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই জীয়ৰী ভানুমতিৰ বিয়াৰ পানী তুলিবৰ বাবে খন্দা দীঘলীপুখুৰীৰ বুৰঞ্জীপ্ৰসিদ্ধভাৱে আমাৰ ঐতিহ্য আৰু আৱেগৰ বাৰ্তা বহন কৰি আহিছে৷ মহানগৰীৰ মাজমজিয়াত প্ৰচুৰ সম্ভাৱনাময় এই পৰ্যটনস্থলী অসম চৰকাৰে নিজাকৈ জাতীয় অৰ্থনীতি সংগ্ৰহৰ ক্ষেত্ৰ হিচাপে গিI. তোলাৰ বিপৰীতে বণিয়াক গতোৱাৰ অধিকাৰ চৰকাৰক কোনে দিলে বুলিও প্ৰশ্ন কৰে কৃষক মুক্তিৰ নেতাজনে৷