Logo
image

সুৰাৰ পাছতে ব্যাপক মূল্যবৃদ্ধি গাখীৰৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ জুলাইঃ সুৰাৰ পাছতেই ৰাজ্যত বৃদ্ধি পাব গাখীৰৰ মূল্য! আবকাৰী বিভাগে সুৰাৰ দাম বৃদ্ধিৰে ৰাজভঁৰাল টনকিয়াল কৰাৰ সময়তে প্ৰসূতি, শিশু আৰু বৃদ্ধৰ বাবে গৰুৰ গাখীৰখিনিও মহঙা হৈ পৰাৰ উপক্ৰম ঘটিছে৷ পশু খাদ্যৰ ব্যাপক হাৰত মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিততে গো-পালকসকলে গাখীৰৰ প্ৰতিলিটাৰত ৫ টকাকৈ দাম বৃদ্ধিৰ দাবী জনাইছে৷ গাখীৰৰ দাম বৃদ্ধিক কেন্দ্ৰ কৰি গো-পালক সন্থা আৰু দুগ্ধ ব্যৱসায়ী সন্থাৰ মাজত সংঘাত আৰম্ভ হৈছে৷ দাম বৃদ্ধিৰ বিষয়টোক লৈ বৃহত্তৰ গুৱাহাটী গো-পালক সন্থা আৰু দুগ্ধ ব্যৱসায়ী সন্থাই শনিবাৰে পুৱতি নিশা পৰ্যন্ত আলোচনাত মিহিত হয় যদিও কোনো সমাধান সূত্ৰ নোলাল৷ গো-পালক সন্থাই প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ দাম বৃদ্ধিৰ দাবী কৰিলেও দুগ্ধ ব্যৱসায়ী সন্থাই প্ৰতিলিটাৰত ৩ টকাকৈহে মূল্য বৃদ্ধি কৰিবলৈ সন্মত হোৱাতো দুয়োপক্ষৰ আলোচনাই কোনে ঐক্যমত লৈ নাহিল৷ যাৰ পৰিপ্ৰেক্ষিতত গো-পালক সন্থাই শনিবাৰৰ পৰা দুগ্ধ ব্যৱসায়ীক গাখীৰ যোগান অনিৰ্দিষ্টকাললৈ বন্ধ কৰি নিজেই গাখীৰ বিক্ৰী কৰা দেখা যায়৷ উল্লেখ্য, গুৱাহাটীত দৈনিক প্ৰায় ৩ লাখ লিটাৰ গাখীৰৰ প্ৰয়োজন হয় যদিও বৃহত্তৰ গুৱাহাটী গো-পালকসকলে প্ৰায় ডেৰ লাখ লিটাৰ গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হয়৷ গো-পালকসকলৰ পৰা দুগ্ধ ব্যৱসায়ীসকলে প্ৰতি লিটাৰত ৫৩ টকাত গাখীৰ ক্ৰয় কৰি সাধাৰণ গ্ৰাহকক প্ৰতিলিটাৰত ৬০ টকাৰ দৰত বিক্ৰী কৰে৷ তদুপৰি দুগ্ধ ব্যৱসায়ীসকলে হোটেল তথা মিঠাই ব্যৱসায়ীসকলক প্ৰতিলিটাৰত ৫৭.৮০ টকাকৈ উক্ত গাখীৰ বিক্ৰী কৰি আহিছে৷ স্বাভাৱিকতেই গো-পালক সন্থাই শনিবাৰে নিজাকৈ প্ৰতিলিটাৰত ৬০ টকাকৈ বিক্ৰী কৰিছে যদিও দুগ্ধ ব্যৱসায়ীসকলে গো-পালকসকলৰ দাবী মানি লৈ গাখীৰ বিক্ৰী কৰিবলৈ হ’লে প্ৰতিলিটাৰ গাখীৰ ৬৫ টকাকৈ ক্ৰয় কৰিব লাগিব সাধাৰণ জনতাই৷ আনহাতে, গাখীৰৰ দাম বৃদ্ধি পোৱাৰ লগে লগে দৈ আৰু মিঠাইৰ দামো অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ আশংকা ঘণীভূত হৈছে৷ প্ৰশাসনৰ হস্তক্ষেপত দুই-এদিনৰ ভিতৰতে গাখীৰৰ দাম যে বৃদ্ধি পাব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ লক্ষণীয়ভাৱে শুকুৰবাৰে আবকাৰী বিভাগে অধিসূচনা জাৰি কৰি বিদেশী সুৰাৰ প্ৰতিটো ব্ৰেণ্ডতে ন্যূনতম ৪-২০ শতাংশ পৰ্যন্ত মূল্যবৃদ্ধি কৰিছে৷ সুৰাৰ মূল্যবৃদ্ধি শনিবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী হৈছে৷ সুৰাৰ দাম বৃদ্ধি কৰি চৰকাৰে বছৰি তিনি হাজাৰ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷