Logo
image

সুৰাপায়ীৰ হুমুনিয়াহ! কিমান বাঢ়িল মদৰ দাম

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ আবকাৰী বিভাগে শুকুৰবাৰে ৰাজ্যৰ নতুন সুৰা নীতিৰ অধিসূচনা জাৰি কৰাৰ পাছতেই শনিবাৰে বিলাতী সুৰাৰ নতুন দাম নিৰ্ধাৰণ কৰে৷ সেই অনুসৰি প্ৰতিটো ব্ৰেণ্ডৰ সুৰাৰ দাম ৪ শতাংশৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ সৰ্বাধিক বিক্ৰী হোৱা লাগজাৰী ব্ৰেণ্ডৰ প্ৰতিবিধ মদতে ২০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি পাইছে৷ লাগজাৰী ব্ৰেণ্ডৰ ইম্পেৰিয়েল ব্লু ১৮০ এম এলৰ দাম পূৰ্বতে ৮০ টকা আছিল যদিও এতিয়া ইয়াৰ দাম ১০০ টকা হ’ব৷ তদুপৰি এ চি ব্লেক, অ’ চি ব্লু, মেকডুৱেল নং ৰ, ডি এছ ব্লেক, মেজিক ম’মেণ্ট ভদ্‌কা ১৮০ এম এলৰ বটলত ২০ টকা দাম বৃদ্ধি পাইছে৷ তদুপৰি জেনেৰেল ব্ৰেণ্ডৰ ৰাম, অ’ল্ড মংকত ৪ শতাংশ দাম বৃদ্ধি পাইছে৷ ৰেগুৰাল ব্ৰেণ্ডৰ অ’ চি প্ৰিমিয়াম হুইস্কীৰ ১৮০ এম এলৰ দাম ৫ টকা বৃদ্ধি পাইছে৷ এলিজেণ্ট ব্ৰেণ্ডৰ ৮ পি এম, ৰয়েল ষ্টেগ, ৰয়েল চেলেঞ্জ, এছ আৰৰ ১৮০ এম এলৰ দাম পূৰ্বৰ ১১৫-১২০ টকাৰ পৰা ১৩০ টকালৈ বৃদ্ধি পাইছে৷ একেদৰে  প্ৰিমিয়াম ব্ৰেণ্ডৰ ছিগনেচাৰ প্ৰিমিয়াৰ, ৰয়েল চেলেঞ্জ আমেৰিকান প্ৰাইড ১৮০ এম এলৰ দাম এতিয়া ২৫০ টকালৈ বৃদ্ধি পাইছে৷ একেটা ব্ৰেণ্ডৰ বি পি ১৮০ এম এলৰ দাম ২০৫ টকালৈ বৃদ্ধি পাইছে৷ তদুপৰি বি পি ৰিজাৰ্ভ আৰু এণ্টিকুইটি ব্লু ১৮০ এম এলৰ দাম ২৪৫ টকালৈ বৃদ্ধি পাইছে৷ আনহাতে ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডৰ ১০০ পিৰ্পাছ, ব্লেক এণ্ড হোৱাইটৰ ১৮০ এম এলৰ দাম পূৰ্বতে ৪০০ টকা আছিল যদিও এতিয়াৰ পৰা সুৰাপায়ীসকলে অতিৰিক্তভাৱে ২৫ টকা ভৰিব লাগিব৷