Logo
image

১০ দিনত মণিপুৰ স্বাভাৱিক হৈ যাব, গ্যেৰাণ্টী হিমন্তবিশ্বৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ জুলাইঃ বিজেপিৰ বহু সমস্যাৰ ত্ৰাণকৰ্তা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা এসপ্তাহৰ পৰা ১০ দিনৰ ভিতৰত মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক হ’ব বুলি গ্যেৰাণ্টী দিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জ্বলন্ত মণিপুৰক লৈ অব্যাহত থকা নীৰৱতা আৰু বিজেপিৰ ৰাজনৈতিক শত্ৰু ৰাহুল গান্ধীৰ দুদিনীয়া মণিপুৰ ভ্ৰমণৰ পিছদিনাই হিমন্ত বিশ্ব শৰ্মাই ১০ দিনৰ ভিতৰত মণিপুৰ ঠাণ্ডা হ’ব বুলি কৰা মন্তব্যই তাৎপৰ্য বহন কৰিছে৷ বেচৰকাৰী সংবাদ সংস্থা এএনআয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ বাৰ্তাত এই গ্যেৰাণ্টী দিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ গোষ্ঠীসংঘৰ্ষক লৈ কংগ্ৰেছে ৰাজনীতি কৰা বুলিও চোকা সমালোচনা কৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ দাবী ‘মণিপুৰৰ পৰিস্থিতি দ্ৰুত স্বাভাৱিক হৈ আহিছে৷ অহা এসপ্তাহ বা ১০ দিনৰ ভিতৰত ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰিব৷’ উল্লেখ্য, যোৱা ৩ মে’ৰ পৰা মণিপুৰত গোষ্ঠীসংঘৰ্ষ আৰম্ভ হৈছিল৷ বিগত ৫৮ দিনত বেচৰকাৰী তথ্যমতে ৪ শতাধিক লোকে ৰাজ্যখনত প্ৰাণ হেৰুৱাইছে৷ আনকি যোৱা শুকুৰবাৰেও সেনা তথা নিৰাপত্তাবাহিনীৰ সৈতে হোৱা সশস্ত্ৰ সংঘৰ্ষত তিনি জন লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনত সংঘৰ্ষ হৈছে মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত৷ দীৰ্ঘ ৫৮ দিনত ৰাজ্যখনলৈ শীৰ্ষ বিজেপি নেতা হিচাপে আহিছে কেৱল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ প্ৰধানমন্ত্ৰী মোদী অহা দুৰৰে কথা, মণিপুৰক লৈ এটা শব্দও ৫৮ দিনে উচ্ছাৰণ কৰা নাই৷ হিমন্ত বিশ্ব শৰ্মা এবাৰ মণিপুৰলৈ গৈছিল যদিও এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে কি কতৃৰ্ত্ব লৈ আন এখন ৰাজ্যৰ আভ্যন্তৰীণ সমস্যাত মূৰ সুমাইছে বুলি মিডিয়াত সমালোচনা হৈছিল৷ তাৰ মাজতে একমাত্ৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতা হিচাপে ৰাহুল গান্ধীয়ে শুকুৰবাৰ আৰু শনিবাৰে অশান্তজৰ্জৰ ৰাজ্যখন ভ্ৰমণ কৰি একাধিক আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে৷ ৰাহুল গান্ধীয়ে আশ্ৰয় শিবিৰত থকা ক্ষতিগ্ৰস্তৰ পৰা ব্যাপক সহাঁৰি লাভ কৰে৷ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনা কৰি কয়–‘যেতিয়া পৰিস্থিতি আপেক্ষিকভাৱে স্বাভাৱিক হৈছে, তেতিয়া কংগ্ৰেছে মণিপুৰক লৈ চিঞৰ বাখৰ কৰিছে৷ পৰিস্থিতি শোচনীয় হৈ থাকোতে তেওঁলোকৰ কান্দোন নোলাল৷ এতিয়া পৰিস্থিতি  ভাললৈ আহিছে৷ এতিয়া কান্দি কি লাভ?’

মণিপুৰক লৈ কংগ্ৰেছে ৰাজনীতি নকৰাই ভালঃ হিমন্তবিশ্ব শৰ্মা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ ক্ৰমাৎ স্বাভাৱিক হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি৷ মণিপুৰ হাইক’ৰ্টৰ এক নিৰ্দেশৰ ভিত্তিত মণিপুৰ চৰকাৰে মেইটেই সম্প্ৰদায়ক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ পাছৰে পৰা মণিপুৰত আৰম্ভ হৈছে সাম্প্ৰদায়িক সংঘৰ্ষ৷ কুকি আৰু মেইটে জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা এই সাম্প্ৰদায়িক সংঘৰ্ষই অগ্নিগৰ্ভা পৰিৱেশৰ সৃষ্টি কৰিছে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত৷ ইফালে মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কয় যে, দিনে দিনে স্বাভাৱিক হৈ আহিছে মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি৷ এসপ্তাহ-দহদিনৰ ভিতৰত সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব মণিপুৰৰ পৰিস্থিতি৷ কংগ্ৰেছে মণিপুৰৰ পৰিস্থিতিক লৈ ৰাজনীতি নকৰাই ভাল৷ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নীৰৱতাৰে কাম কৰি আছে৷ মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে অসম, ইম্ফল আৰু দিল্লীত৷ তেওঁলোকৰ জনগোষ্ঠীয় প্ৰতিনিধিৰ সৈতে আলোচনাত বহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে৷ অতি সোনকালে এই সমস্যা সমাধান হ’ব বুলি আশাপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য, কালি মণিপুৰত ৰাজ্যখনৰ অগ্নিগৰ্ভা পৰিস্থিতি বুজ ল’বলৈ উপস্থিত হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷