Logo
image

ভাৰ্চুৱেল সমাজৰ ওপৰত ভৰসা নকৰিবঃ মনোজ কুমাৰ গোস্বামী

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুলাইঃ ‘সমাজত থাকিলে ইজনে সিজনক সহায় কৰাটো প্ৰত্যেকৰে দায়িত্ব৷ কিন্তু আজি মানুহ ইজন সিজনৰ পৰা বিচ্ছিন্ন হৈ গৈছে৷ দূৰত্ব বাঢ়িছে৷ মহানগৰীত ওপৰৰ ফ্লেটৰ মানুহে তলৰ ফ্লেটৰ মানুহক চিনি নাপায়৷ আজিৰ সমাজ ক্ষত-বিক্ষত, ৰক্তাক্ত৷’ –এই ভাষ্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷ স্বেচ্ছাসেৱী সংগঠন ‘সহায় (অসম)’ৰ তৰফৰ পৰা প্ৰদান কৰা ‘বৈষ্ণৱ পণ্ডিত দয়ালকৃষ্ণ বৰা স্মাৰক ব্ৰহ্মপুত্ৰ উপত্যকা সমাজহিতৈষী বঁটা’ গ্ৰহণ কৰি শনিবাৰে সমাজ হিচাপে আমি ব্যৰ্থ হৈছোঁ নেকি বুলি প্ৰশ্ন তোলে ‘এন কে টিভি’ৰো মুখ্য সম্পাদকৰ দায়িত্বত থকা সাহিত্য অকাদেমি বঁটাপ্ৰাপক প্ৰসিদ্ধ গল্পকাৰজনে৷ মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত বিশিষ্ট সাংবাদিকজনে আৰু কয়– ‘ভাৰ্চুৱেল সমাজক ভৰসা নকৰিব৷ ফেচবুক, ইন্‌ষ্টাগ্ৰামৰ লাইক-কমেণ্টৰ ওপৰতেই মাথোঁ বিশ্বাস কৰি বহি নাথাকিব৷ আমাৰ দেশত এতিয়া ৯০ কোটি হিতাধিকাৰী৷ দাৰিদ্ৰ্য সীমাৰেখাৰ তলত থকা মানুহ মানে মাহে মাথোঁ এহাজাৰ টকা বা তাতকৈ কম উপাৰ্জন কৰা লোক৷ সেয়ে চৰকাৰী তথ্য মতে দেশত ২৬ কোটি দৰিদ্ৰ লোক আছে বুলি দাবী কৰিলেও এই সংখ্যা দুগুণৰো অধিক হ’ব৷ দেশত মুঠ জনসংখ্যাৰ ৬ শতাংশ লোকেহে আয়কৰ দিয়ে৷ সেই কৰ বহন কৰি মধ্যবিত্ত সমাজ সৰ্বস্বান্ত৷ শিক্ষা, স্বাস্থ্য আৰু আবাসস্থলৰ সমস্যাত জৰ্জৰ সমাজ৷ উন্নত ৰাষ্ট˜ আজি যেন অলীক কল্পনাহে৷ কিন্তু সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে আজিও চহকী৷ দুই কোটি মানুহে অসমীয়া ভাষা কয়৷’ গোস্বামীয়ে আৰু কয়– ‘সুস্থ সমাজৰ বাবে সামাজিক দায়বদ্ধতাৰ প্ৰয়োজন৷ কিন্তু সমাজৰ ভূমিকা আজি নিৰ্লিপ্ত৷ দয়ালকৃষ্ণ বৰা প্ৰকৃতাৰ্থত এগৰাকী সমাজহিতৈষী লোক আছিল৷ কাৰণ তেওঁ বৈষ্ণৱ সংস্কৃতিৰ চৰ্চাই নহয়, বিভিন্ন ইছ্যুত আন্দোলনতো জঁপিয়াই পৰিছিল৷ সমাজে নিজৰ প্ৰাপ্য বিচাৰিবই লাগিব৷’ গোস্বামীৰ মতে, মন্দিৰ-মছজিদ নিৰ্মাণৰ সমান্তৰালকৈ পথাৰলৈ যোৱাৰ পৰিৱেশ সৃষ্টি হ’লেহে, কাৰখানা নিৰ্মাণ হ’লেহে সমাজ বৰ্তি থাকিব৷ শিক্ষা, স্বাস্থ্য আদিৰ সমস্যা সমাধান কৰিব নোৱাৰিলে এখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে৷ আত্মকেন্দ্ৰিক সমাজৰ মানুহে মানুহৰ দুখ-দুৰ্গতিৰ কথা অনুভৱ কৰিব নোৱাৰে৷ প্ৰসংগক্ৰমে সমাজ গঢ়াত আজিৰ প্ৰজন্ম ব্যৰ্থ হৈছে নেকি বুলিও মুকলিকৈ প্ৰশ্ন কৰে বিশিষ্ট সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে৷ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে মনোজ কুমাৰ গোস্বামীক বঁটা প্ৰদান কৰি দিয়া ভাষণ প্ৰসংগত বৈষ্ণৱ পণ্ডিত দয়ালকৃষ্ণ বৰাৰ বৰ্ণময় জীৱনৰ বিষয়ে বৰ্ণনা কৰে আৰু ‘সহায়’ক প্ৰশংসা কৰে৷ দয়ালকৃষ্ণ বৰাৰ সান্নিধ্য সুঁৱৰি জনাৰ্দন দেৱগোস্বামীয়ে একশৰণ ভাগৱতী সমাজৰ দায়িত্ব লৈ দয়ালকৃষ্ণ বৰাই সমাজ সংস্কাৰৰ ক্ষেত্ৰত বহুখিনি কাম কৰিছিল বুলি উল্লেখ কৰে৷ সত্ৰাধিকাৰ গোস্বামীয়ে কয়– ভাগৱতখন অসমীয়ালৈ অনুবাদ কৰি, তাত্ত্বিক দিশসমূহ সকলোৱে বুজিব পৰাকৈ অসমীয়ালৈ তৰ্জমা কৰিবৰ বাবে দয়ালকৃষ্ণ বৰাই চেষ্টা চলাইছিল যদিও তেখেতৰ সেই কাম আধৰুৱা হৈ ৰ’ল৷ সাংবাদিক মানসজ্যোতি বৰুৱাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ বঁটাপ্ৰদান অনুষ্ঠানত ৰাজ্যৰ তথ্য আৰু জনসংযোগমন্ত্ৰী পীয়ূষ হাজৰিকাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে৷ ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰিকাই বৈষ্ণৱ পণ্ডিত দয়ালকৃষ্ণ বৰাক স্মৰণ কৰাৰ লগতে বিশিষ্ট সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীক দয়ালকৃষ্ণ বৰা স্মাৰক বঁটা প্ৰদান কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই বৈষ্ণৱ পণ্ডিত দয়ালকৃষ্ণ বৰাৰ জীৱন, কৰ্মৰাজি আৰু দৰ্শন সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা কৰে৷ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে দয়ালকৃষ্ণ বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে৷ বঁটা প্ৰদান অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, প্ৰয়াত দয়ালকৃষ্ণ বৰাৰ জ্যেষ্ঠ ভ্ৰাতৃ দেৱাল বৰাৰ উপৰি স্বেচ্ছাসেৱী সংগঠন ‘সহায়, অসম’ৰ সভাপতি ৰাজু মহন্ত আৰু সম্পাদক প্ৰদীপ হাজৰিকাৰ লগতে সংগঠনটোৰ সকলো কৰ্মকৰ্তাৰ উপৰি বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে৷ ইফালে, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক মৰিগাঁও জিলা সাংবাদিক সংস্থাই সংস্থাৰ কাৰ্যালয়ত বিশেষভাৱে সম্বৰ্ধনা জনায়৷ জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ বৰুৱাই সকলোকে আদৰণি জনোৱা এই সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে সংস্থাৰ সম্পাদক জিতুমণি নাথে৷ সংস্থাৰ সম্বৰ্ধনা গ্ৰহণ কৰি মনোজ কুমাৰ গোস্বামীয়ে সম্প্ৰতি সংবাদপত্ৰ তথা সংবাদ মাধ্যমৰ প্ৰতি অহা প্ৰত্যাহ্বান সম্পৰ্কে আলোকপাত কৰে আৰু সংবাদ মাধ্যমৰ সন্মুখত আহি পৰা অৰ্থনৈতিক সংকটৰ বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, অজিত শৰ্মা, জগদীশ নাথ আৰু ৰিতুমণি মহন্ত প্ৰমুখ্যে জিলাখনৰ কেইবাগৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে৷