Logo
image

মোদীৰ ‘মেট্ৰ’ যাত্ৰা’ নাস্তি কৰাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুলাইঃ শুকুৰবাৰে নতুন দিল্লীত মেট্ৰ ৰে’লযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাত্ৰা কৰাৰ সময়ত একাংশ যুৱক-যুৱতীৰ সৈতে বাৰ্তালাপ কৰাৰ ছবি ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে যথেষ্ট উৎফুল্লিত মনেৰে হাঁহি হাঁহি মেট্ৰ ৰে’লত যুৱ-প্ৰজন্মৰ একাংশ যাত্ৰীৰ লগত বাৰ্তালাপ কৰে৷ কিন্তু ইয়াৰ পিছতো যেন ৰাজনীতি কৰিবলৈ এৰা নাই কংগ্ৰেছ দলে৷ এই অভিযোগ বিজেপি দলৰ৷ 

উল্লেখ্য যে শুকুৰবাৰে কংগ্ৰেছ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে টুইটযোগে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মেট্ৰ ৰে’লত কথা পতা যুৱক-যুৱতীসকল বিজেপি কৰ্মী৷ প্ৰধানমন্ত্ৰী বা বিজেপি দলে দাবী কৰাৰ দৰে তেওঁলোক সাধাৰণ যাত্ৰী নাছিল৷ কিন্তু পিছত কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ ভুল বুজি এই টুইটো মচি দিয়ে৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্য দীক্ষা বাৰ্মাই প্ৰধানমন্ত্ৰীৰ কাষত বহি মেট্ৰ ৰে’লত থকা পাতি কথা বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দাবী কৰিছিল৷ ইয়াৰ পিছতে দীক্ষা বাৰ্মাই অভিযোগ কৰি কয় যে কংগ্ৰেছৰ এইগৰাকী মুখপাত্ৰ তথা প্ৰাক্তন সাংবাদিক মিছা কথা কোৱাত যথেষ্ট পাকৈত৷ যাৰ বাবে ‘সপোন’ আৰু ‘সপোন বাস্তৱত পৰিণত হোৱাৰ’ পাৰ্থক্য তেখেতে বুজি নোপোৱা হ’ল৷ 

উল্লেখ্য যে শুকুৰবাৰে দিল্লী মেট্ৰ’ত এগৰাকী যুৱতীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি মনেৰে কথা পাতি থকাৰ ফটো এখন দীক্ষা বাৰ্মাই টুইট কৰি ইয়াৰ শিৰোনামাত ‘সপোন’ বুলি লিখিছিলে৷ ইয়াৰ দ্বাৰা দীক্ষাই বুজাব বিচাৰিছিলে যে কোনোবা এদিন প্ৰধানমন্ত্ৰীক এনেদৰে কাষৰ পৰা পাই কথা পতাৰ এক সপোন আছে৷ কিন্তু কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ভুল বুজি প্ৰধানমন্ত্ৰীৰ কাষত বহি থকা যুৱতীগৰাকীকে দীক্ষা বুলি চিহ্নিত কৰি টুইট কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিজেপিৰ কৰ্মীৰ সৈতে দিল্লী মেট্ৰ’ত কথা পতা বুলি বিভ্ৰান্তিকৰ টুইট কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে৷ শ্ৰীনাটে পাছত টুইটটো নাইকীয়া কৰিলেও ই নিমিষতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ বিজেপিৰ অভিযোগ– মোদীৰ মেট্ৰ যাত্ৰা নাস্তি কৰিব বিচাৰিছে কংগ্ৰেছ দলে৷ উল্লেখ্য, দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকীৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মেট্ৰ’ ৰে’লেৰে ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষতে বহি মেখেলা চাদৰ পৰিহিত অসমৰ এগৰাকী যুৱতীয়ে দীঘলীয়া সময় ধৰি বাৰ্তালাপ কৰিছিল৷ এই যুৱতীগৰাকী বৰপেটা চহৰৰ ৰাজশ্ৰী পাঠক৷ তেখেতে প্ৰধানমন্ত্ৰীক এখন ফুলাম গামোছাৰে সম্বৰ্ধনাও জনাইছিল৷