Logo
image

এইগৰাকী সুন্দৰী আইপিএছ বিষয়া আছিল বলীউডৰ অভিনেত্ৰী

কোৱা হয়– য’তে সৌন্দৰ্য ত’তেই আনন্দ৷ নাৰীৰ চৌষষ্ঠি কলাৰ ভিতৰত সৌন্দৰ্যও এক কলা৷ প্ৰকৃততে সৌন্দৰ্যৰ দ্বাৰা যি আনন্দ বিলাব পাৰে সিও এক কলা৷ সৌন্দৰ্যৰ পূজাৰী কীটছে সদম্ভে ঘোষণা কৰিছিল– Beauty is truth-truth is beauty. আকৌ সৌন্দৰ্যপ্ৰীতি কবিয়ে গাইছে– 'A things of beauty is a Joy forever' সেইদৰে কোৱা হয়– ‘বিউটি উইথ ব্ৰেইন’৷ দৈহিক সৌন্দৰ্য আৰু মগজুৰ সৌন্দৰ্য সমানুপাতিক হ’লেহে প্ৰকৃততে এগৰাকী নাৰীক সুন্দৰী বুলি আখ্যা দিব পৰা যায়৷ বলীউডৰ একাধিক নায়িকাৰ দৈহিক সৌন্দৰ্য আছে হয়তো মগজুৰ সৌন্দৰ্য নাই৷ অপৰূপ সৌন্দৰ্যৰ মেটমৰা সম্ভাৰৰ সৈতে প্ৰখৰ মেধাৰ সমাৱেশ ঘটা এগৰাকী অভিনেত্ৰী তথা আই পি এছ বিষয়াৰ কথা ক’বলৈ গৈ এই পাতনি মেলা হৈছে৷ হয়, দেশৰ আই পি এছ, কিংবা আই এ এছ হিচাপে এনেধৰণৰ একাধিক মহিলা বিষয়া আছে যাৰ সৌন্দৰ্য, স্মাৰ্টনেছ, গ্লেমাৰে বলীউডৰ নায়িকাক চেৰ পেলাব৷ ৰূপে লক্ষ্মী, গুণে সৰস্বতী দেশত এনে এগৰাকী সুন্দৰী আই পি এছ বিষয়া আছে যি বলীউডৰ অভিনেত্ৰীও আছিল৷ দেশৰ অন্যতম সুন্দৰী আই পি এছ বিষয়াগৰাকী হ’ল ছিমলা প্ৰসাদ৷ কোনোধৰণৰ ক’চিং নোলোৱাকৈয়ে কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈছিল এইগৰাকী সুন্দৰী নাৰীয়ে৷ ২০১০ চনত ইউ পি এছ চিত উত্তীৰ্ণ হৈছিল ছিমলা প্ৰসাদে৷ তেওঁৰ জন্ম হৈছিল ১৯৮০ চনত মধ্যপ্ৰদেশৰ ভূপালত৷ ছেণ্ট যোছেফ কো-এড স্কুলত শিক্ষা গ্ৰহণ কৰিছিল ছিমলাই৷ স্নাতক হোৱাৰ পাছত ভূপালৰ বৰকতুল্লাহ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল তেওঁ৷ মধ্যপ্ৰদেশৰ পাব্লিক ছাৰ্ভিচ কমিশ্যন পৰীক্ষাত উত্তীৰ্ণ হৈ ডি এছ পি পদত মকৰল হয় ছিমলা৷ পৰৱৰ্তী সময়ত তেওঁ ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ মধ্যপ্ৰদেশতে নিযুক্ত হয়৷ ২০১৭ বৰ্ষত ছিমলাই ‘আলিফ’ আৰু ২০১৯ চনত ‘নাক্কাশ’ শীৰ্ষক বলীউডৰ ছবি দুখনত অভিনয় কৰিছিল৷ অসাধাৰণ সৌন্দৰ্যৰ বাবে তেওঁ অভিনয় জগতত ভৰি দিছিল আৰু মগজুৰ সৌন্দৰ্যৰ বাবে  আজিৰ চিনাকি ছিমলা আই পি এছ৷