Logo
image

আজমল কোনো ফেক্টৰেই নহয়ঃ ৰিপুণ বৰা

ডিজিটেল সংবাদ, ধুবুৰীঃ ''আজমল কোনো ফেক্টৰেই নহয়। বৰ্তমান AIUDF বা আজমল  অসমত কোনো ফেক্টৰ নহয়৷ বিশেষকৈ সংখ্যালঘু ৰাইজৰ মাজত। AIUDF আৰু আজমলক ইতিমধ্যে তেওঁলোকে চিহ্নিত কৰি লৈছে বিশ্বাসঘাতক বুলি, জাতিদ্ৰোহী বুলি, ধৰ্মদ্ৰোহী বুলি আৰু বিজেপিৰ বি টীম বুলি।"- এই মন্তব্য তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ। দেওবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত টিএমচিৰ এক কৰ্মীসভাত অংশ ল'বলৈ অহা দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে স্থানীয় আৱৰ্ত ভৱনত সাংবাদিকৰ সন্মুখত এইদৰে কয়। 

লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰাৰ তীব্ৰ বিৰেধিতা কৰি ৰিপুণ বৰাই কয় যে এয়া বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে নিজৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে বিজেপি চৰকাৰে ভালকৈ জানে যে ২৪ত তেওঁলোক কোনো কাৰণত অসমত জিকিব নোৱাৰে আৰু সেই কাৰণে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা তেওঁলোকে এনেধৰণে ভোট বিন্যাস কৰিব খুজিছে যাতে তেওঁলোকৰ সুবিধা হয়। ২০০৪ চনত যি এনআৰচিৰ কাৰণত সমষ্টি পুনৰ নিৰ্ধাৰণ স্থগিত ৰখা হৈছিল সেই কাৰণ বৰ্তমানেও আছে আৰু সেয়ে এই ডিলিমিটেশ্যনৰ কোনো প্ৰয়োজন নাছিল। 

প্ৰসংগক্ৰমে টিএমচিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে শাসনাধীষ্ঠ চৰকাৰক প্ৰশ্ন কৰে যে খিলঞ্জীয়া কোন বিজেপিয়ে ক'ব পাৰিব নেকি? অসমত খিলঞ্জীয়াৰ সংজ্ঞা বিজেপিয়ে উলিয়াব পাৰিছেনে? কোনোবাই দিব পাৰিছে নেকি কোন খিলঞ্জীয়া? ইয়াত কোন খিলঞ্জীয়া? অসমত সকলো মানুহেই খিলঞ্জীয়া। উল্লেখ্য যে টিএমচিৰ কৰ্মীসভাত দলটোৰ অসম ৰাজ্যিক উপ-সভাপতি এন. আই. চৌধুৰী প্ৰমুখ্যে আন কেইবাগৰাকী ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়াকে ধৰি দলটোৰ ধুবুৰী জিলাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলো উপস্থিত আছিল।