Logo
image

মুখ্যমন্ত্ৰী হ’ব ১৯ বছৰীয়া সৃষ্টি

আমাৰ অসম, ২৪ জানুৱাৰীঃ অনিল অভিনীত বলীউডৰ ছবি নায়ক নহয়৷ বাস্তৱতে জাতীয় কন্যাসন্তান দিৱস উপলক্ষে এদিনৰ বাবে মুখ্যমন্ত্ৰী হ’ব হৰিদ্বাৰৰ কলেজীয়া ছাত্ৰী সৃষ্টি গোস্বামী৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হৈ ১৯ বছৰীয়া তৰুণী সৃষ্টি গোস্বামীয়ে সেই দিনটোত বিভিন্ন চৰকাৰী প্ৰকল্পৰ কাম-কাজ চোৱা-চিতা কৰিব৷ সৃষ্টিয়ে সেই দিনা উক্ত ৰাজ্যৰ গ্ৰীষ্মকালীন ৰাজধানী গাইৰছানৰ পৰা ৰাজ্য পৰিচালনা কৰিব৷ উত্তৰাখণ্ড চৰকাৰৰ দ্বাৰা পৰিচালিত হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ পৰ্যালোচনাও কৰিব এদিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে৷ এই প্ৰকল্পসমূহৰ ভিতৰত আছে অটল আয়ুষ্মান প্ৰকল্প, স্মাৰ্ট চিটী প্ৰকল্প, পৰ্যটন বিভাগৰ হোম-ষ্টে প্ৰকল্প ইত্যাদি৷ এই দায়িত্ব লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত সৃষ্টি গোস্বামী৷ উৎসাহী হৈ থকা সৃষ্টিয়ে কয়– ‘মই এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে এয়া এক সত্য ঘটনা৷ মই মোৰ সৰ্বশ্ৰেষ্ঠ বুদ্ধিমত্তা প্ৰয়োগ কৰি সেই দিনটোৰ দায়িত্ব পালনৰ চেষ্টা কৰিম৷ যুৱক-যুৱতীসকলে যে জনগণৰ কল্যাণৰ বাবে প্ৰশাসন পৰিচালনা কৰিব পাৰে সেয়া মই প্ৰমাণ কৰিম৷’ সেইদিনা উত্তৰাখণ্ড চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলে ৰাজ্যখনত চলি থকা কেন্দ্ৰীয় আৰু ৰাজ্যিক বিভিন্ন প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত সম্পূৰ্ণ তথ্য এদিনৰ মুখ্যমন্ত্ৰী সৃষ্টি গোস্বামীৰ সন্মুখত উপস্থাপন কৰিব৷

ইয়াৰ পূৰ্বে ২০১৮ চনত উত্তৰাখণ্ডৰ ‘বাল বিধানসভা’ৰ মুখ্যমন্ত্ৰী হৈছিল সৃষ্টি৷ ২০১৯ চনত আন্তৰ্জাতিক ক্ষেত্ৰত মহিলাই নেতৃত্ব প্ৰদান কৰাৰ এটা অনুষ্ঠানতো সৃষ্টিয়ে অংশগ্ৰহণ কৰিছিল৷ সৃষ্টিৰ ঘৰ হৰিদ্বাৰৰ দৌলতপুৰ গাঁৱত৷ তেওঁৰ পিতৃৰ দৌলতপুৰত এখন দোকান আছে৷ মাক গৃহকত্ৰী৷ দুয়ো নিজ কন্যাৰ সাফল্যত আপ্লুত৷