Logo
image

৭২ ঘণ্টাৰ পিছতো সম্ভেদ নাই পলাতক বিমান ৰয়ৰঃ বহিঃৰাজ্যলৈ পলাই যোৱাৰ সন্দেহ

ডিজিটেল সংবাদ, নলবাৰীঃ এগৰাকী ১৭ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযুক্ত বিতৰ্কিত আৰক্ষী বিষয়া বিমান ৰয়ক বিচাৰি হাবাথুৰি খাব লগা হৈছে স্মাৰ্ট পুলিচ। ঘগ্ৰাপাৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ে পলায়ন কৰাৰ ৭২ ঘণ্টা উকলি যোৱাৰ পিছতো কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই স্মাৰ্ট পুলিচ হিচাপে চৰ্চিত অসম আৰক্ষী। অপকৰ্মৰে অসম আৰক্ষীক লজ্জানত কৰা বিমান ৰয়ৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰাৰ পিছতো আজি পৰ্যন্ত নোলাল কোনো সম্ভেদ। ২২ জুনত অভিযুক্ত আৰক্ষী বিষয়াগৰাকীক জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই নিৰ্যাতিতা কিশোৰীগৰাকীয়ে দিয়া গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰাৰ পিছতো জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ চকুত ধূলি দি কেনেদৰে নলবাৰীৰ পৰা অভিযুক্ত বিমান ৰয়ে পলায়ন কৰিবলৈ সক্ষম হ'ল তাক লৈও ইতিমধ্যে বিভিন্ন মহলত ব্যাপক চৰ্চা লাভ কৰিছে।  

এগৰাকী কিশোৰীক নিশা থানাৰ ভিতৰতে যৌন আতিশয্য চলাই ৰাজ্যৰ আৰক্ষী বিভাগক কলংকিত কৰা ঘগ্ৰাপাৰ থানাৰ সদ্য বিতাৰিত ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক গ্ৰেপ্তাৰৰ দাবীত আজিও উত্তাল হৈ আছে নলবাৰী। ঘগ্ৰাপাৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তিৰ দাবীত দেওবাৰে জিলা ছাত্ৰ সন্থাৰ সহযোগত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই ঘগ্ৰাপাৰ থানাৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে উক্ত জঘন্য কাণ্ডৰ তদন্তকাৰী বিষয়া জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈয়ে ঘগ্ৰাপাৰ থানাৰ সকলো আৰক্ষীৰে মোবাইল জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিছে যদিও কিশোৰী নিৰ্যাতনৰ দৰে সংবেদনশীল বিষয় এটাৰ লগত অভিযুক্ত কোনো এজনকে এই পৰ্যন্ত আটক কৰা নাই। উক্ত কাণ্ডৰ মূল অভিযুক্ত হিচাপে থানাখনৰ তদানীন্তন অ'চি বিমান ৰয়ক চিহ্নিত কৰা হৈছে যদিও পৰোক্ষভাৱে নাম সাঙোৰ খোৱা মহিলা উপ-পৰিদৰ্শক লিজা টায়ে কিম্বা শিশু কল্যাণ সমিতিৰ  (চি ডব্লিউ চি) কোনো এজন বিষয়া কৰ্মচাৰীকে এতিয়ালৈকে সোধা-পোছাৰ বাবে আটক নকৰা বিষয়টোৱে ৰাইজৰ চৰ্চিত হৈ পৰিছে। 

ইফালে, ২১ জুনত নিশা থানাখনত কৰ্তব্যৰত মাইনা ৰামচিয়াৰী নামৰ মহিলা আৰক্ষী কনিষ্টবল গৰাকীয়েও কিশোৰীগৰাকী কাৰোবাৰ দ্বাৰা নিৰ্যাতিতা হোৱা বুলি অৱগত হৈছিল যদিও থানাৰ ভিতৰতে যৌন নিৰ্যাতনৰ বলি হোৱা বুলি সিদিনা তেওঁ জনা নাছিল বুলি তদন্তকাৰী বিষয়াৰ আগত ব্যক্ত কৰা বুলি প্ৰকাশ পাইছে। আনহাতে, ২২ জুনত শিশু কল্যাণ সমিতিত কিশোৰীগৰাকীক হাজিৰ কৰাৰ সময়ত ২১ জুনত নিশা ঘগ্ৰাপাৰ থানাত এগৰাকী আৰক্ষী বিষয়াই কিশোৰগৰাকীক উলংগ হ'বলৈ বাধ্য কৰোৱাই নগ্ন ফটো তুলি যৌন আতিশয্য চলোৱা বুলি কিশোৰীগৰাকীয়ে অৱগত কৰাৰ পিছতো শিশুৰ কল্যাণৰ হকে কাম কৰা শিশু সুৰক্ষা সমিতিয়ে কিশোৰীগৰাকীৰ ন্যায়ৰ স্বাৰ্থত কি কাৰণত এজাহাৰ দিয়াৰ ক্ষেত্ৰত পৰামৰ্শ নিদিলে সেয়াহে তাৎপৰ্য হিচাপে বিবেচিত হৈছে। 

লক্ষণীয়ভাৱে নলবাৰী অসামৰিক চিকিৎসালয় চৌহদত থকা একক অৱস্থান কেন্দ্ৰত আশ্ৰয় লৈ থকা কিশোৰীগৰাকীক সাক্ষাৎ কৰাৰ উদ্দেশ্যে মাতৃ হিমানী নাথে কেন্দ্ৰটোলৈ যাব বুলি কৈও অৱশেষত ২৬ জুনত পুৱাৰ ভাগত কেন্দ্ৰটোলৈ যোৱাৰ পৰিৱৰ্তে শিশু কল্যাণ সমিতিলৈ গৈ কন্যাক সাক্ষাৎ নকৰাকৈয়ে তাৰ পৰা বাহিৰে বাহিৰে উভতি যায়। এনে কাণ্ডত এটা চক্ৰ জৰিত থকাৰ সন্দেহ ব্যক্ত কৰিছে সচেতন মহলে। সেয়েহে শিশু কল্যাণ সমিতিৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক কিশোৰী নিৰ্যাতনৰ ঘটনাৰ তদন্তৰ আওতালৈ আনিলে বহু ৰহস্য উন্মোচিত হোৱাৰ সম্ভাৱনা আছে বুলি চৰ্চিত হৈছে।