Logo
image

প্ৰত্যাহ্বানৰ দিশে ধাৱমান বিজেপি দল

২০১৪ চনত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পৰৱৰ্তী পৰ্যায়ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতো বিজেপি আৰু বিজেপিৰ সহযোগী দলসমূহৰ চমকপ্ৰদ উত্থান হৈছে৷ ইয়াৰ পূৰ্বে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে অসমত একেৰাহে ১৫ বছৰ ধৰি শাসন চলোৱাৰ লগতে কংগ্ৰেছ দলে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যতে দৃঢ় স্থিতি প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল৷ কংগ্ৰেছৰ জয়যাত্ৰাৰ গতিধাৰালৈ লক্ষ্য ৰাখি এনে এক পৰিৱেশৰ সূচনা হৈছিল যেন সতকাই এই দলক ৰোধ কৰাটো সহজ নহ’ব৷ দীৰ্ঘসময় শাসনত থকাৰ সুবাদত কংগ্ৰেছ দলে বিশেষকৈ অসমত এক সৱল সাংগঠনিক ভেটি গঢ়ি তুলিবলৈকো সক্ষম হৈছিল৷ কিন্তু দেশৰ ৰাজনৈতিক দৃশ্যপটত নৰেন্দ্ৰ মোদীৰ সৱল অৱস্থানৰ লগতে শক্তিশালী নেতৃত্ব, ধৰ্মীয় মেৰুকৰণ আৰু দল পৰিচালনাৰ পৰা নিৰ্বাচন জয়ৰ নতুন কৌশলসমূহে কংগ্ৰেছক ক্ৰমান্বয়ে দুৰ্বল কৰি তোলাৰ লগতে এখনৰ পাছত এখন ৰাজ্যত দলটোক পৰাভূত কৰি বিজেপিয়ে নিজৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল৷ এই ক্ষেত্ৰত পশ্চিমবংগকে মুখ্য কৰি দক্ষিণৰ ৰাজ্যসমূহ ব্যতিক্ৰম হ’লেও সামগ্ৰিকভাৱে দেশত কেন্দ্ৰৰ লগতে অধিকাংশ ৰাজ্যতে বিজেপিৰ দপ্‌দপনি অব্যাহত থাকিল৷ কোৱা বাহুল্য নৰেন্দ্ৰ মোদীৰ সমকক্ষ হ’ব পৰাকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নেতাৰ অভাৱ, বিৰোধী দলসমূহৰ মাজত সমন্বয়ৰ অভাৱ আদিয়েও বিজেপিক শক্তিশালী কৰি ৰখাত ইন্ধন যোগাই আহিছে৷ আনহাতে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীৰূপে প্ৰক্ষেপিত প্ৰাৰ্থী ৰাহুল গান্ধীক ‘পাপু’ সজাই জনমানসত হেয় প্ৰতিপন্ন কৰাতো বিজেপি বহুদূৰ সফল হৈছিল৷ কিন্তু আজিৰ দিনত দেশৰ ৰাজনৈতিক পৰিৱেশ বহু পৰিমাণে সলনি হ’ল৷ ৰাহুল গান্ধী ‘পাপু’ ইমেজৰ পৰা বহু পৰিমাণে মুক্ত হৈ এতিয়া শক্তিশালী নেতাৰ ৰূপত অৱতীৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে৷ দেশত ইমূৰৰ পৰা সিমূৰলৈ কৰা পদযাত্ৰা তথা আমেৰিকাকে ধৰি আন কেইবাখনো ৰাষ্ট্ৰত মোদী চৰকাৰৰ নীতিসমূহ কঠোৰ সমালোচনা কৰি ৰাহুল গান্ধীয়ে বিজেপি দলক অস্বস্তিত পেলাবলৈ সক্ষম হৈছে৷ কংগ্ৰেছৰ লগতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন ‘আপ’-এ দিল্লী, পঞ্জাৱত চৰকাৰ গঠন কৰাৰ লগতে আন কেইবাখনো ৰাজ্যত খোপনি পুতিবলৈ অহোপুৰুষাৰ্থ কৰিছে৷ লক্ষণীয়ভাৱে বিজেপিয়ে যি হিতাধিকাৰীৰ ৰাজনীতিৰে ভোটাৰক প্ৰলোভিত কৰিছে সেই একেই পন্থাক অৱলম্বন কৰি কংগ্ৰেছকে ধৰি আন দলসমূহেও ততোধিক প্ৰলোভন দি ভোটাৰক নিজৰ পক্ষে আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ শেহতীয়াকৈ কৰ্ণাটক নিৰ্বাচনত অন্যান্য কাৰকৰ লগতে বিজেপিতকৈ অধিক সুবিধা আদায়ৰ প্ৰতিশ্ৰুতিয়ে কংগ্ৰেছক শাসনত অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিলে৷ লক্ষণীয়ভাৱে বিজেপিয়ে যি হিন্দুত্বৰ কাৰ্ড বা ধৰ্মীয় মেৰুকৰণৰ যোগেদিয়ে নিৰ্বাচনসমূহ জয়লাভ কৰাৰ কৌশল ৰচিছিল সেয়া পূৰ্বৰ দৰে কাৰ্যকৰী নোহোৱাৰ বাবেও বিজেপি বহু পৰিমাণে শলঠেকত পৰিছে৷ আনহাতে কংগ্ৰেছকে ধৰি বাকী বহুকেইটা দলে হিন্দু ভোট বেংকৰ দূৰ্গত দলক শক্তিশালী কৰাৰ বাবে বিভিন্ন কৌশল ৰছা পৰিলক্ষিত হৈছে৷ ‘আপ’ৰ নেতা অৰবিন্দ কেজৰিৱালে প্ৰতিখন সভাতে ‘ভাৰত মাতা কী জয়’– যি বিজেপিৰ নিজা এক শ্ল’গানৰূপে একপ্ৰকাৰ পৰিগণিত হৈছে– তাক ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ অৰ্থাৎ বিজেপিৰ অক্ষত হিন্দু ভোট বেংকত আন দলেও ক্ৰমান্বয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে৷
বিশ্বৰ সৰ্ববৃহৎ সদস্য থকা দলৰূপে পৰিগণিত বিজেপিৰ আভ্যন্তৰীণ শৃংখলা, পৰিচালন পদ্ধতি, আৰ এছ এছৰ নিয়ন্ত্ৰণ আদিয়ে দলটোক শক্তিশালী কৰি ৰখাত বিশেষ ভূমিকা পালন কৰি আহিছে৷ দীৰ্ঘসময় ধৰি শাসনত থকাৰ লগতে পুঁজিপতি, উদ্যোগপতিৰ আশীৰ্বাদপুষ্ট হোৱাৰ বাবে দলটোৰ অৰ্থনৈতিক ভেটি যথেষ্ট সৱল৷ সেয়েহে নিৰ্বাচনত যুঁজ দিয়াৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱ নাই দলটোত৷ দলীয় আদৰ্শ প্ৰচাৰৰ কৌশল, ভোটাৰক আকৃষ্ট কৰাৰ বাবে ডিজিটেল মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰতো বিজেপি বহু আগবঢ়া৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভোটাৰৰ মাজত প্ৰভাৱ, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে অতি শক্তিশালী নেতাৰূপে প্ৰক্ষেপণ আদি দলটোৰ বাবে ইতিবাচক দিশ৷ কিন্তু দলৰ পূৰ্বৰ জয়জয়-ময়ময় অৱস্থা এতিয়া বহু পৰিমাণে অৱনমিত হৈছে৷ দেশত অবিশ্বাস্য হাৰত নিবনুৱাৰ বৃদ্ধি, বয়-বস্তু, সা-সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি, মধ্যবিত্তৰ ওপৰত কৰৰ বোজা, উন্নয়নত স্থবিৰতা আদিয়ে ভোটাৰৰ মাজত অসন্তুষ্টি বৃদ্ধি কৰিছে৷ তদুপৰি বহু কেইখন বিজেপি শাসিত ৰাজ্যত দলীয় সংঘাতৰ লগতে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছে৷ অসমৰ দৰে ৰাজ্যত সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ বিৰোধী দলৰ লগতে নিজৰ সহযোগী দলৰ মাজতে গভীৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ মণিপুৰক দীৰ্ঘদিন ধৰি দুই জনগোষ্ঠীৰ সংঘাতে মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে যদিও বিজেপি শাসিত ৰাজ্যখন পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ৷ মুঠতে এখনৰ পাছত এখন ৰাজ্যত পুঞ্জীভূত অসন্তুষ্টি নিয়ন্ত্ৰণ নকৰিলে বিজেপি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত৷