Logo
image

মণিপুৰত চীনৰ পদধবনি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ জুলাইঃ দেশৰ উত্তৰ দিশত অৱস্থিত লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে দীৰ্ঘ এটা অঞ্চল অস্থিৰ কৰি ৰখা চীনৰ ড্ৰেগনৰ হাতোৰা এতিয়া উত্তৰ পূবৰ আন এখন ৰাজ্য মণিপুৰলৈকে বিস্তৃত হৈছে৷ স্বয়ং মণিপুৰৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ ৰাজ্যত দুমাহ ধৰি সংঘটিত গোষ্ঠীসংঘৰ্ষৰ আঁৰত চীনৰ হাত থকা বুলি টুইট কৰাৰ লগে লগে উত্তৰ-পূবৰ ৰাজ্যখনৰ অশান্তিৰ আঁৰত বিদেশী শক্তিৰ হাত থকা বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ স্বয়ং বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীয়েই যেতিয়া মণিপুৰৰ গোষ্ঠীসংঘৰ্ষৰ আঁৰত চীনৰ হাত থকা বুলি মন্তব্য কৰিছে, তেনে পৰিস্থিতিত প্ৰতিবেশী শত্ৰু দেশখনৰ বিৰুদ্ধে কেন্দ্ৰত থকা ডাৱল ইঞ্জিনৰ গুৰি, বিজেপি চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰশ্ন কৰিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে৷ ৰাউটে দাবী কৰিছে, বিজেপি নেতৃত্বাধীন মোদী চৰকাৰে মণিপুৰৰ সংঘৰ্ষ সৃষ্টি কৰা চীনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰক আৰু ৰাজ্য চৰকাৰখন বৰ্খাস্ত কৰি ৰাষ্ট˜পতিৰ শাসন জাৰি কৰক৷ আনহাতে শনিবাৰে দিনত ডিব্ৰুগড়ত অসমৰ মুখ্যমন্ত্ৰী তথা দেশৰ শীৰ্ষস্থানীয় বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই এসপ্তাহৰ পৰা ১০ দিনৰ ভিতৰতে মণিপুৰৰ অৱস্থা স্বাভাৱিক হ’ব বুলি দৃঢ়তাৰে ঘোষণা কৰাৰ কেইঘণ্টামানৰ ভিতৰত ৰাজ্যখনত পুনৰ ভয়ংকৰ গোষ্ঠীসংঘৰ্ষ আৰু হিংসাত্মক ঘটনাত ৪জন লোকৰ মৃত্যু হৈছে৷ চৰকাৰী ঘোষণা অনুসৰিয়েই ইয়াকে লৈ মণিপুৰত নিহতৰ সংখ্যা ১৩৮ জনলৈ বৃদ্ধি পালে৷ আনহাতে বেচৰকাৰী তথ্য আৰু স্থানীয় সংবাদ মাধ্যমৰ মতে যোৱা ৩ মে’ৰ পৰা আজিলৈকে অব্যাহত থকা সংঘৰ্ষত নিহতৰ সংখ্যাই কেতিয়াবাই ৪০০অতিক্ৰম কৰিছে৷

যোৱা নিশা ১২.০৫ বজাত চূড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সংগমস্থলত খুজুমা চাবি নামৰ এখন মেইটেই জিলাত গাঁওবাসীয়ে খান্দি থোৱা বাংকাৰত সশস্ত্ৰ কুকি বিদ্ৰোহী বুলি সন্দেহ কৰা দুষ্কৃতিকাৰীয়ে জুই লগাই দিয়ে৷ সেই বাংকাৰত অস্ত্ৰ-শস্ত্ৰ লৈ সোমাই আছিল গাঁওৰক্ষী মেইটেই বাহিনী৷ সেই ঘটনাৰ ফলত উভয় পক্ষৰ মাজত গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় আৰু কুকিৰ বিশাল বাহিনীয়ে অত্যাধুনিক মাৰণাস্ত্ৰৰে ৩জন মেইটেই গাঁওবাসীক গুলীয়াই হত্যা কৰে৷ এই ঘটনা সংঘটিত কৰিয়েই সশস্ত্ৰ দলটো আঁতৰি যায় আৰু উত্তেজিত গাঁওবাসীয়ে চুবুৰীয়া দুখন কুকি গাঁৱত আক্ৰমণ কৰে৷ লাংঝা আৰু চিংগ্লানমেই নামৰ দুখন গাঁৱত গভীৰ নিশা কুকি আৰু আক্ৰমণকাৰী মেইটেই জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষত এজন কুকি নিহত হয় আৰু উভয়পক্ষৰ বহু কেইজন গুৰুতৰভাৱে আহত হয়৷ পূৱা উত্তেজিত গাঁওবাসীয়ে নিহতৰ দেহ লৈ কুকিৰ স্থানীয় বিধায়ক চানাচাম প্ৰেমচন্দ্ৰ সিঙৰ বাসভৱনত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘটনাস্থলীত মুখ্যমন্ত্ৰী এন বীৰেন সিং গৈ উপস্থিত হোৱাত পৰিস্থিতিয়ে শাম কাটে৷ উল্লেখ্য, যোৱা বৃহস্পতিবাৰেও মণিপুৰত হোৱা সংঘৰ্ষত ৩জন লোকৰ মৃত্যু হৈছিল৷ এনেদৰে ৪দিনৰ ভিতৰত ৰাজ্যখনত জ্জজনৰ মৃত্যু আৰু অসংখ্য লোক আহত হোৱা স্বত্বেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি বিশ্বাসৰ ভিত্তিত মণিপুৰ ১০দিনৰ ভিতৰত ঠাণ্ডা হৈ যাব বুলি দাবী কৰিছিল সেই লৈ প্ৰশ্ন উঠিছে৷ কিয়নো হিমন্ত বিশ্ব শৰ্মাই কৰা এই ঘোষণাৰ দুদিন পূৰ্বেও অশান্তিজৰ্জৰ মণিপুৰত ৩জনৰ সংঘৰ্ষত মৃত্যু হৈছিল আৰু ঘোষণাৰ ১০ঘণ্টাৰ ভিতৰত পুনৰ ৪জন নিহত হল৷ অৰ্থাৎ মণিপুৰৰ পৰিস্থিতি হিমন্ত বিশ্ব শৰ্মাৰ দাবী অনুসৰি স্বাভাৱিক হোৱা নাই আৰু হিংসাও প্ৰশমিত হোৱা নাই৷

আনহাতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিদেশী শক্তি জড়িত থকা বুলি কৰা দাবীৰ পাছতে দেশজুৰি মণিপুৰৰ হিংসাৰ ঘটনাৰ ক্ষেত্ৰত আতংক আৰু ভিন ভিন প্ৰশ্নৰ সৃষ্টি হৈছে৷ ৩০জুনত পদত্যাগৰ নাটক ৰচনা কৰি পাছত ১৮০ডিগ্ৰী পাক লৈ পদত্যাগ নকৰে বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শনিবাৰে দাবী কৰে–‘মণিপুৰত সংঘটিত দুমাহজোৰা সংঘৰ্ষত বিদেশী শক্তিৰ হাত আছে৷ মণিপুৰৰ সৈতে ম্যানমাৰৰ ৩৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ উন্মুক্ত সীমান্ত আছে৷ চীনৰ অৱস্থিতিও মণিপুৰৰ তেনেই সমীপত৷ এই বিদেশী শক্তিয়েই মণিপুৰত সংঘৰ্ষ সৃষ্টি কৰাত লিপ্ত হৈছে৷ উন্মুক্ত সীমান্তত পহৰা থাকিলেও বিদেশী ৰাষ্ট্ৰই মণিপুৰক অস্থিৰ কৰাত তৎপৰ আৰু জড়িত হৈ পৰিছে৷ মণিপুৰৰ দৰে বিদেশী ৰাষ্ট˜ৰ সীমাত অৱস্থিত এখন ৰাজ্যৰ পৰিস্থিতি দেশৰ আন অংশৰ বাসিন্দাই কেনেদৰে উপলব্ধি কৰিব?’ বীৰেন সিঙৰ এই মন্তব্যৰ লগে লগে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ আনকি কেন্দ্ৰীয় চৰকাৰৰ ভিতৰতো তেওঁৰ বক্তব্যই জোকাৰণি তোলে৷ তদুপৰি এন বীৰেন সিঙৰ চৰকাৰী টুইটাৰ হেণ্ডলৰ পৰা কেইবাজনো কুকি লোকক ম্যানমাৰৰ নাগৰিক বুলি মন্তব্য কৰা হয়৷ স্বয়ং মুখ্যমন্ত্ৰীৰ এনে বিদেশী শক্তি জড়িত থকাৰ দাবী ৰাজহুৱা হোৱাৰ লগে লগে কেন্দ্ৰৰ মোদী চৰকাৰে কিয় হাত সাবতি বহি আছে বুলি প্ৰশ্নৰ জোৱাৰ উঠে৷ কিয়নো চীনে ভাৰতক লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈ ৩ হাজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ সীমান্তত স’ততে হস্তক্ষেপ কৰি থকা বুলিহে ইমানদিনে দেশৰ নাগৰিক আৰু ৰাজনৈতিক দলে জানিছিল৷ মণিপুৰতো যে চীনৰ পদধবনি প্ৰতিধবনিত হৈছে, সেই ধাৰণা কাৰো নাছিল৷ সেয়ে বীৰেন সিঙৰ এই ঘোষণাৰ পাছতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে মণিপুৰত কেন্দ্ৰই কঠোৰ পদক্ষেপ লবলৈ দাবী জনোৱাৰ লগতে চীনৰ বিৰুদ্ধেও পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে৷ তেওঁৰ মতে বিদেশী শক্তি জড়িত হৈ পৰাৰ বাবেই কেন্দ্ৰই মণিপুৰত ৰাষ্ট˜পতি শাসন জাৰি কৰি ক্ষমতা নিজৰ হাতলৈ নিয়া উচিত৷ কিয়নো এখন ৰাজ্য চৰকাৰে চীনক চম্ভালিব নোৱাৰি৷