Logo
image

হোটেলত বিহুৰ বাকী চৰকাৰৰ, তাগিদাৰ অন্ত নাই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ জুলাইঃ অসমীয়াৰ আৱেগ বিহু নৃত্যই বিশ্ব ৰেকৰ্ড গঢ়িলে৷ এইবাৰৰ গৰু বিহুৰ দিনা সৰুসজাই ষ্টেডিয়ামত ১ লাখ ১১ হাজাৰ নাচনী-ঢুলীয়াই বিহু নৃত্য কৰি গীনিজ ৱল্ডৰ্ ৰেকৰ্ড গঢ়াৰ লগতে অংশ লোৱা প্ৰতিগৰাকী নাচনীৰ বেংক একাউণ্টত চৰকাৰে ২৫ হাজাৰকৈ টকাও সুমুৱাই দিলে৷ জিলাই জিলাই চৰকাৰী পৃষ্ঠপোষকতাত সভা পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী-বিধায়কসকলে বিহুৱা-বিহুৱতীক আনুষ্ঠানিক চেক প্ৰদান কৰি বাঃ বাঃ ল’লে৷ চৰকাৰৰ ধন লাভ কৰি বিহুৱা-বিহুৱতীয়ে আনন্দত আত্মহাৰা হৈ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰখনক প্ৰশংসাৰে ওপচাই পেলোৱাও দেখা গ’ল৷ নাচনীৰ একাউণ্টত ধন ভৰাই দিলেও হোটেলৰ বিহুৰ বাকী আদায় দিব নোৱাৰি চৰকাৰে এতিয়া যেন নিজেই বিপাঙত পৰিছে৷ ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি হাজাৰ কোটি টকা ঋণ লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিতাধিকাৰী বিহুৱা-বিহুৱতীক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰি একাংশৰ মুখলৈ হাঁহি অনিলেও গুৱাহাটীত ৮-১০ দিন ধৰি নাচনী-ঢুলীয়াক থকা-খোৱাৰ সু-ব্যৱস্থা কৰা হোটেল-ল’জসমূহৰ ভাৰা পৰিশোধ নকৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰায় ১ লাখ ২০ হাজাৰ নাচনী-ঢুলীয়া আৰু অনুষ্ঠানটোৰে জড়িত ব্যক্তি বিশেষ তথা চৰকাৰী বিষয়াক থকা-খোৱাৰ ব্যৱস্থা কৰা গুৱাহাটীৰ প্ৰায় ১৫০-২০০খন হোটেলক প্ৰাপ্য ভাৰা আজিও সম্পূৰ্ণকৈ আদায় নিদিলে ৰাজ্য চৰকাৰে৷ কোনোবাখন  হোটেলক যদি ৩০ শতাংশ আৰু আন কোনোবাখন হোটেলক ৪০ শতাংশ ধন আদায় দি আভুৱা ভাৰি আহিছে চৰকাৰে৷ যাৰ বাবে হোটেল-ল’জৰ মালিকসকলে বাৰম্বাৰ অনাদায় ভাৰা বিচাৰি চৰকাৰক তাগিদা দিবলগীয়া হৈছে৷ কিন্তু পুঁজি নথকাৰ দোহাই দি চৰকাৰে ধন আদায় দিয়াত কিছু পলম হ’ব বুলি অৱগত কৰাৰ কথা হোটেল কতৃৰ্পক্ষই জানিবলৈ দিছে৷ উল্লেখ্য, নাচনী-ঢুলীয়াক ৮এপ্ৰিলৰ পৰা ১৫এপ্ৰিললৈ ৰখাৰ বাবে গুৱাহাটীৰ ২ষ্টাৰ, ৩ষ্টাৰ আৰু ৪ষ্টাৰযুক্ত হোটেলৰ কোঠা ভাৰালৈ লৈছিল চৰকাৰে৷ আনকি সেই দিনকেইটাত হোটেল কৰ্তৃপক্ষই কোনা কোঠা সাধাৰণ গ্ৰাহকক ভাৰা দিব পৰা নাছিল৷ নাচনী-ঢুলীয়াৰ কোনো অভিযোগ নথকাকৈ প্ৰতিসাজ ভাতত মাছ-মাংসও যোগান ধৰিছিল হোটেল কতৃৰ্পক্ষই৷ ইয়াৰ বাবদ প্ৰতিজন লোকৰ বিপৰীতে দৈনিক ন্যূনতম ১ হাজাৰ টকাকৈ ভাৰা আদায় দিয়াৰ চুক্তি কৰিছিল চৰকাৰে৷ একোখন হোটেলত সৰ্বাধিক ৮-১০ লাখ টকা পৰ্যন্ত বিল হৈছিল৷ কিন্তু চৰকাৰে মাত্ৰ দুটা কিস্তিত ৩০-৪০ শতাংশ ধন আদায় দিয়ে যদিও অনাদায় ধন কেতিয়া দিব সেই সন্দৰ্ভত চৰকাৰী কোনো বিষয়াই সুদুত্তৰ নিদিয়াৰ অভিযোগ কৰিছে হোটেল কতৃৰ্পক্ষই৷