Logo
image

আসুৰিক! চুবুৰীয়া অটোচালকেই ধৰ্ষণ কৰি হত্যা কৰিলে কিশোৰীক

‘আমাৰ অসম’ৰ সোণাপুৰৰ প্ৰতিবেদক, ৩ জুলাইঃ মহানগৰীৰ সোণাপুৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ সোণাপুৰ থানাৰ অন্তৰ্গত এলেঙা গাঁৱৰ এগৰাকী ছাত্ৰীক প্ৰথমতে বলাৎকাৰ তাৰ পাছত হত্যা কৰি ডিগাৰু নৈত মৃতদেহ পেলাই দিয়ে এটা লম্পটে৷ ধৰ্ষণকাৰী, হত্যাকাৰীটোক শনিবাৰে নিশা সোণাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে দেওবাৰে ছাত্ৰীগৰাকীৰ গাঁৱৰ ৰাইজে আহি সোণাপুৰ থানা ঘেৰাও কৰি উওপ্ত কৰি তোলে৷ ৰাইজৰ দাবী– ধৰ্ষণকাৰী বাবুল টুমুঙক ফাঁচী দিয়ক৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, সোণাপুৰ থানাৰ অন্তৰ্গত এলেঙাৰ ১৬বছৰীয়া ছাত্ৰী এগৰাকীয়ে আঠাইশ জুনৰ দিনা অৰ্থাৎ ঈদৰ আগৰ দিনা আবেলি প্ৰায় ৪.৩০মান বজাত বজাৰ কৰিবলৈ বুলি সোণাপুৰ বজাৰলৈ গৈছিল৷ বহু দেৰিলৈকে ছাত্ৰীগৰাকী ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে আবেলি ৬মান বজাত নিজ কন্যাক ফোন কৰে যদিও ফোনত কোনো যোগাযোগ কৰিব পৰা নাছিল৷ যাৰ বাবে পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছিল৷ আৰু সিদিনাৰে পৰা ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছিল৷ পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰে যদিও কোনো শুং-সূত্ৰ পোৱা নাছিল ছাত্ৰীগৰাকীৰ৷ পাছত পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত সিদিনাই নিশা প্ৰায় ১২  বজাত সোণাপুৰ থানাত এজাহাৰ দাখিল কৰে৷ তাৰ পাছতে ৩০ জুনৰ দিনা কিশোৰীগৰাকীৰ মৃতদেহ সোণাপুৰৰ পৰা প্ৰায় ৪-৫ কিলোমিটাৰ নিলগৰ উওৰ দিশে কচুতলি অঞ্চলত ডিগাৰু নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়৷ মৃতদেহ উদ্ধাৰৰ পাছতে পৰিয়াল, অঞ্চলবাসীৰ লগতে আৰক্ষীয়ে সহজভাৱে ল’ব পৰা নাছিল এই মৃত্যু৷ যাৰ পৰিপ্ৰেক্ষিতত তৎপৰ হৈ পৰিছিল সোণাপুৰ আৰক্ষী৷ সোণাপুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল৷ আৰু অৱশেষত ছাত্ৰীগৰাকীৰ মৃত্যুৰ মূল কাৰণ পোহৰলৈ আনিবলৈ সক্ষম হৈছিল সোণাপুৰ আৰক্ষীয়ে৷ ছাত্ৰীগৰাকীৰ এই মৃত্যু আছিল এক পৰিকল্পিত হত্যাকাণ্ড৷ তদন্তত পোহৰলৈ আহিছিল এই হত্যাৰ সৈতে জড়িত এজন যুৱকৰ আসুৰিক কাৰ্য, নাম বাবুল টুমুং [৩৫ ]৷ তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে দিনে-নিশাই আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান৷ অভিযানৰ অন্তত যোৱা নিশা সোণাপুৰ থানাৰ অন্তৰ্গত ধেমাই গাঁৱৰ বাবুল টুমুং নামৰ ৩৫ বছৰীয়া লম্পটটোক আৰক্ষীয়ে এটি ভিতৰুৱা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে৷ বাবুল টুমুং এজন অটো চালক৷ তেওঁ সোণাপুৰৰ পৰা দক্ষিণ দিশে বালিগেটৰ পৰা এলেঙা হৈ নৰতাপলৈ দৈনিক অটো চলায়৷ আঠাইশ জুনৰ দিনা আবেলি ৪.৩০ বজাত ছাত্ৰীগৰাকীয়ে সোণাপুৰত বজাৰ কৰিবলৈ আহি সন্ধিয়া ঘৰলৈ ওভতাৰ পথত বালিগেটৰ পৰা ওচৰ চুবুৰীয়া বাবুল টুমুঙৰ অটোখনতে যাত্ৰী হিচাপে ঘৰলৈ বুলি গৈছিল ছাত্ৰীগৰাকী৷ কিন্তু অটো চালক বাবুল টুমুঙে যুৱতীগৰাকীক নিজগৃহ এলেঙাত নমাই নিদি বহুদূৰলৈ লৈ যায়৷ নৰতাপ অতিক্ৰম কৰি পাহাৰৰ দাঁতিৰ এটুকুৰা ঘন জংঘললৈ বলপূৰ্বকভাৱে লৈ যায় ছাত্ৰীগৰাকীক৷ তাতে নিজ অটোখনৰ পৰা ছাত্ৰীগৰাকীক নমাই লৈ যায়৷ আৰু জংঘলৰ মাজতে ওৰে নিশা কিশোৰীগৰাকীক ধৰ্ষণ কৰি অৱশেষত ডিঙি চেপি হত্যা কৰি মৃতদেহ ওচৰৰ ডিগাৰু নৈত পেলাই দিয়ে হত্যাকাৰী বাবুলে৷ এই চাঞ্চল্যকৰ পৰিকল্পিত হত্যাৰ কথা স্বীকাৰ কৰিছে লম্পট বাবুল টুমুঙে৷ ইপিনে ছাত্ৰীগৰাকীৰ এগৰাকী নিকটাত্মীয়ৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলিও স্বীকাৰ কৰে লম্পট বাবুল টুমুঙে৷ সেই প্ৰেম সফল নহ’ল৷ সেই কথাৰ প্ৰতিশোধ ল’বলৈকে নিৰীহ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে বাবুলে৷ নৱম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰীগৰাকীৰ এই নিৰ্মম হত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলবাসীকে শংকিত আৰু হতভম্ব কৰিছে৷