Logo
image

পাৱাৰৰ শক্তি শেষ? এনচিপিত অভ্যুত্থান, অজিত উপ-মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩জুলাইঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ ‘পাৱাৰ-গেম’ত ভতিজাক অজিত পাৱাৰৰ হাতত পৰাজিত হ’ল ‘মাৰাঠা  ষ্ট্ৰংমেন’ শাৰদ পাৱাৰ৷ ২০১৯ চনত বিধানসভা নিৰ্বাচনৰ পাছতে খুড়াকক বিশ্বাসঘাটকতা কৰি ৩৬ ঘণ্টাৰ বাবে বিজেপিৰ সংগ লৈ উপ-মুখ্যমন্ত্ৰী হোৱা অজিত পাৱাৰে পুনৰ দেওবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিলে৷ এইবাৰ অজিত পাৱাৰে জোঁট বান্ধিলে একনাথ সিন্দেৰ শিৱসেনা আৰু বিজেপি জোঁটৰ চৰকাৰৰ সৈতে৷ সিন্দেৰ শিৱসেনা, দেৱেন্দ্ৰ ফাড়নবিশৰ বিজেপিৰ সৈতে অজিত পাৱাৰৰ এনচিপি একগোট হৈ দেশৰ আটাইতকৈ চহকী ৰাজ্যখনত এইবাৰ ‘ত্ৰিপল ইঞ্জিন’ চৰকাৰ গঠন হ’ল৷ ৰাজ্যৰ ৰাজনীতি অতি স্বাভাৱিক কাৰণতে অস্থিৰ হৈ পৰিল৷ কিন্তু দৃঢ় হ’ল মহাৰাষ্ট্ৰৰ তিনি দলীয় চৰকাৰ৷ অতি স্পষ্টভাৱেই দুৰ্বল হৈ পৰিল মহাৰাষ্ট্ৰৰ ষ্ট্ৰংমেন শাৰদ পাৱাৰে ইমানদিনে একক হাতেৰে শক্তিশালী কৰি ধৰি ৰখা দল এনচিপি৷ বিগত বছৰৰ জুলাইত একনাথ সিন্দেৰ সৈতে উদ্ধৱ থাকৰেৰ চৰকাৰৰ পৰা ইজনৰ পাছত সিজন বিধায়ক ওলাই আহোতে যিদৰে দুৰ্বল হৈ পৰিছিল বাল থাকৰেই গঠন কৰি থৈ যোৱা শিৱসেনা, ঠিক অনুৰূপভাৱে আজি দুৰ্বল হৈ পৰিল শাৰদ পাৱাৰৰ এনচিপি৷ শক্তিহীন হৈ পৰা উদ্ধৱ থাকৰেই যিদৰে একনাথ সিন্দেৰ বিৰুদ্ধে তেওঁৰ পিতৃয়ে গঢ় দিয়া দলৰ নাম আৰু প্ৰতীক হেৰুৱালগীয়া হ’ল, ঠিক সেইদৰে শাৰদ পাৱাৰেও নিজ হাতেৰে তিল তিলকৈ গঢ়া এনচিপিৰ নাম আৰু প্ৰতীক অচিৰেই হেৰুওৱা আজি নিশ্চিত হ’ল৷ কিয়নো দেওবাৰে মহাৰাষ্ট্ৰৰ দ্বিতীয়জন উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা অজিত পাৱাৰৰ পক্ষত আছে এনচিপি-ৰ মুঠ ৫৩জন বিধায়কৰ ৪৩জনৰ সমৰ্থন৷ তাৰে ৮জন বিধায়কে আজি অজিত পাৱাৰৰ সৈতে মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে৷ অচিৰেই অজিত পাৱাৰে নিজৰ সমৰ্থনত থকা বিধায়কৰ নামসহ তেওঁলোকেই প্ৰকৃত এনচিপি বুলি নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাব৷ যদিবে প্ৰকৃততে অজিত পাৱাৰৰ সৈতে ৪৩জন বিধায়কৰ সমৰ্থন থাকে, তেন্তে একনাথ সিন্দেই শিৱসেনাৰ প্ৰকৃত কৃতিত্ব লাভ কৰাৰ দৰে জনপ্ৰতিনিধিত্ব আইনৰ অধীনত অজিত পাৱাৰে এনচিপি-ৰ প্ৰকৃত অধিকাৰী হ’ব৷ শেষ হৈ যাব প্ৰধান শাৰদ পাৱাৰৰ ৰাজনৈতিক জীৱন৷ 

দেওবাৰে আচম্বিতে পট পৰিৱৰ্তন ঘটে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ৷ দুপৰীয়া এনচিপিৰ ৪০জনৰো অধিক বিধায়ক অজিত পাৱাৰৰ বাসভৱনত এখন ৰুদ্ধদ্ধাৰ বৈঠকত বহে৷ এই বৈঠকৰ বিষয়ে ঘূনাক্ষৰেও জানিবলৈ নাপালে এনচিপি-ৰ মুৰব্বী শাৰদ পাৱাৰ আৰু যোৱা ১০ জুনত দলৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰা পাৱাৰ-কন্যা সুপ্ৰিয়া ছুলে আৰু একেদিনাই উপ-সভাপতি হোৱা জ্যেষ্ঠ নেতা প্ৰফুল পেটেলে৷ এই বৈঠকৰ পৰা ওলাই পোনে পোনে ৰাজভৱনলৈ গৈ অজিত পাৱাৰে সিন্দে মন্ত্ৰীসভাৰ উপ-মুখ্যমন্ত্ৰী আৰু আন ৮জনে মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে৷ ইয়াৰ ভিতৰত আছিল ছগন ভূজবল, দিলীপ ৱালছে পাৰ্টিল, অদিতি থাকৰে আৰু ধনঞ্জয় মুণ্ডেৰ দৰে শীৰ্ষনেতা৷ তেতিয়াহে অজিত পাৱাৰে দল ভাঙি এনচিপি-ৰ পৰা ওলাই যোৱা বুলি শাৰদ পাৱাৰ আৰু মিডিয়াই একেসময়তে জানিব পাৰে৷ লগে লগে দেশৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হয়৷ প্ৰথমে সকলোৱে অজিত পাৱাৰে বিজেপিত যোগদান কৰা বুলি ভাবিছিল৷ পাছতহে তেওঁ এনচিপি-ৰ নেতা হিচাপে একনাথ সিন্দে মন্ত্ৰীসভাত যোগদান কৰা বুলি পৰিষ্কাৰ হয়৷ শেহতীয়াকৈ যোৱা ১০ জুনত শাৰদ পাৱাৰে কন্যা সুপ্ৰিয়া ছুলে আৰু জ্যেষ্ঠ নেতা প্ৰফুল পেটেলক দলৰ উপ-সভাপতি হিচাপে নিয়োগ কৰিছিল৷ সেইদিনাৰ পৰা শাৰদ পাৱাৰে ভতিজাক অজিত পাৱাৰৰ পাখি কটা আৰম্ভ কৰিছিল৷ অচলতে ১০ জুনতে শাৰদ পাৱাৰে নিজৰ ৰাজনৈতিক কবৰ খন্দা বুলি চৰ্চা হৈছিল৷ কিয়নো সেই বৈঠকত অজিত পাৱাৰকো দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিব বুলি ধাৰণা কৰা হৈছিল৷ কেইদিনমান পূৰ্বে শাৰদ পাৱাৰে হঠাতে দলৰ সভাপতিৰ দায়িত্ব এৰা বুলি ঘোষণা কৰিও উক্ত বৈঠকত দলীয় অনুগতৰ অনুৰোধ ৰক্ষা কৰি সভাপতিৰ আসন নিজৰ দখলতে ৰাখিছিল৷ সেই বৈঠকত অজিত পাৱাৰক কোনো দায়িত্ব নিদিয়াৰ সিদ্ধান্ত যে পাৱাৰৰ বাবে হিতে বিপৰীত হ’ল, সেয়া ২৩ দিনৰ পাছতে প্ৰতীয়মান হ’ল৷ প্ৰকৃততে নিজৰ ভতিজাক হ’লেও শাৰদ পাৱাৰে অজিত পাৱাৰক বিশ্বাস কৰা নাছিল৷ অথচ দলত আৰু বিধায়কৰ মাজত অজিত পাৱাৰৰ শক্তিশালী প্ৰভাৱ আছিল৷ ২০১৯ চনত নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত ত্ৰিশংকু বিধানসভাৰ সৃষ্টি হোৱাত অজিত পাৱাৰে নিশাৰ ভিতৰতে এদল বিধায়কক ভাঙি নি বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিশৰ সৈতে চৰকাৰ গঠন কৰি উপ-মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল৷ মুখ্যমন্ত্ৰী হৈছিল ফাড়নবিশ৷ কিন্তু ৩৬ ঘণ্টাৰ পাছতে মূৰ পোলোকা মাৰি অজিত পাৱাৰ চৰকাৰৰ পৰা ওলাই অহাত ফাড়নবিশ মন্ত্ৰীসভাৰ পতন ঘটে৷ মহাৰাষ্ট্ৰত গঠন হয় কোনেদিনে জীন নোযোৱা দল শিৱসেনা, কংগ্ৰেছ আৰু এনচিপি-ৰ ‘মহা আঘাড়ী চৰকাৰ৷’ যোৱা বছৰৰ জুলাইত সেই চৰকাৰৰ পৰা একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ প্ৰায় সকলো বিধায়ক ওলাই গুৱাহাটীলৈ আহিছিল আৰু প্ৰায় এসপ্তাহ পাছত মহাৰাষ্ট্ৰলৈ উভতি গৈ বিজেপিৰ সৈতে  জোটবান্ধি চৰকাৰ গঠন কৰিছিল৷ পতন ঘটিছিল উদ্ধৱ থাকৰে নেতত্বাধীন শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ চৰকাৰৰ৷ সেই কঠিন পৰিস্থিতিত এনচিপি আৰু কংগ্ৰেছ দল ভগা নাছিল৷ এবছৰ পাছত পুনৰ জুলাইত মহাৰাষ্ট্ৰত এনচিপি ভাগি খণ্ড বিখণ্ড হ’ল৷ এইবাৰ কিন্তু চৰকাৰ নাভাগিল, পূৰ্বতকৈ শক্তিশালীহে হ’ল৷  কিন্তু এবছৰৰ পাছত দুটা জুলাইত হোৱা মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক পট পৰিৱৰ্তনৰ আঁৰৰ শক্তি হিচাপে চৰ্চিত হৈ পৰিল বিজেপিৰ নাম৷ সংবাদ মাধ্যমে এই ঘটনাক বিজেপিৰ ‘জুলাই বিপ্লৱ’ বুলি অভিহিত কৰিছে, য’ত মুকলিকৈ বিজেপিৰ কোনো প্ৰভাৱ কোনেও প্ৰত্যক্ষ কৰা নাই৷ কিন্তু মহাৰাষ্ট্ৰৰ এই নাটকীয় ৰাজনৈতিক ঘটনা ছাবমেৰিণৰ দৰে বিজেপিয়েই সংঘটিত কৰা বুলি দেশজুৰি চৰ্চা হৈছে৷