Logo
image

ডিজিপিৰ চৰমসীমাঃ ৪৫ দিনৰ ভিতৰত মেদহীন হ’ব লাগিব আৰক্ষী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুলাইঃ ‘অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে পেটুৱা ‘আনফিট’ অসম আৰক্ষীৰ বিষয়া কনিষ্টবলক মেদহীন হোৱাৰ বাবে বান্ধি দিলে ৪৫ দিনৰ সময়সীমা৷’ এক টুইট যোগে অসম আৰক্ষীৰ বিষয়া-জোৱানক এনেদৰে শেষ সময়সীমা বান্ধি দি জি পি সিঙে এনেদৰে মন্তব্য কৰে–‘৪৫ দিনৰ ভিতৰত নিজকে ‘ফিট’ বুলি প্ৰমাণ কৰিব লাগিব প্ৰতিগৰাকী অসম আৰক্ষীৰ বিষয়া-কনিষ্টবলে৷ ১৬ আগষ্টৰ পৰা ৰাজ্যৰ ৩৬ টা স্থানত আৰক্ষী জোৱানৰ বি এম আই (বডি মাছ ইনডেক্স) ৰেকৰ্ডিং কৰা হ’ব৷’ উল্লেখ্য যে এই পৰীক্ষাত সফল নোহোৱা সকলক আৰু অনাগত তিনি মাহ সময়সীমা দিব গৃহ বিভাগে৷ নৱেম্বৰত অনুষ্ঠিত হ’বলগা শাৰীৰিক পৰীক্ষাত যদি সফল নহয় তেন্তে স্বেচ্ছামূলক অৱসৰ দিব সেইসকল বিষয়া, কনিষ্টবলক৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জি পি সিঙে এই কথা সদৰি কৰিছে৷