Logo
image

ডাবৰ পানী খাওতেও সাৱধান হওক

গৰমৰ দিন আহিলেই মানুহে বিছাৰি ফুৰে ডাবৰ পানী৷ বিশেষকৈ গুৱাহাটী মহানগৰীত গৰমৰ দিনত ডাবৰ অভাৱনীয় হাৰত চাহিদা বৃদ্ধি পায়৷ ডাব নাৰিকলৰ পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ইয়াত বিভিন্ন পুষ্টিগুণ থাকে৷ দেহৰ ক্লান্তিভাৱ মুহূৰ্ততে আঁতৰ কৰে ডাবৰ পানীয়ে৷ তদুপৰি শৰীৰ শীতল কৰি ৰখাৰ ক্ষেত্ৰত ডাবৰ পানী অতুলনীয়৷ ডাবৰ পানীত থকা খনিজ উপাদানসমূহ শৰীৰৰ বাবে  অতি দৰকাৰী৷ কিন্তু  অতি উপকাৰী বুলি পৰিচিত ডাবৰ পানীও কোনো কোনো লোকৰ বাবে বিপদৰ কাৰণ হ’ব পাৰে৷ উল্লেখ কৰা হ’ল কাৰ বাবে ডাবৰ পানী বিপজ্জনক–
(১) যিসকলে ওজন কমাবলৈ বিচাৰে তেওঁলোকে ডাবৰ পানী নাখাব৷ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে কেল’ৰি থাকে৷ ফলত নিয়মিত ডাবৰ পানী খালে ওজন বাঢ়ে৷ অৱশ্যে, বিশেষজ্ঞসকলৰ মতে ওজন কমোৱাৰ বাবে ডায়েটিং কৰি থকা সময়ছোৱাত ক্লান্তিভাৱ আঁতৰাবলৈ কম পৰিমাণে ডাবৰ পানী খাব পাৰে৷ 
(২) ডাবৰ পানীত প্ৰচুৰ পৰিমাণে থাকে ছডিয়াম৷ ফলত এই পানী বেছিকৈ খালে ৰক্তচাপ বাঢ়ে৷ যিসকলৰ উচ্ছ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে ডাবৰ পানী নোখোৱাই ভাল৷ 
(৩) মধুমেহত আক্ৰান্তসকলে ডাবৰ পানী খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷ কিয়নো ডাবৰ পানীয়ে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷ 
(৪) কিডনীৰ সমস্যা থকাসকলে ডাবৰ পানী খাবই নালাগে৷ ইয়াত  পটাছিয়াম থাকে৷ তেজত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি পালে হূদযন্ত্ৰ আৰু কিডনী দুয়োটাই ক্ষতিগ্ৰস্ত হয়৷ 
(৫) যিসকলৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকৰ বাবেও ডাবৰ পানী ক্ষতিকাৰক৷ ইয়াত থকা উপাদানসমূহে এলাৰ্জি বঢ়ায়৷ 
(৬) অতিপাত ঠাণ্ডা অনুভৱ কৰা সকলেও ডাবৰ পানী নোখোৱাই ভাল৷