Logo
image

স্বামীসহ ডাঃ সংগীতাৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ জুলাইঃ ৰাজ্য কঁপোৱা শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে অৱশেষত অভিযোগনামা দাখিল কৰিলে তদন্তকাৰী পল্টনবজাৰ আৰক্ষীয়ে৷ নিজৰ তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত চিকিৎসক দম্পতীক পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ৫৮ দিনৰ মূৰত আদালতত অভিযোগনামা দাখিল কৰে৷ পক্‌ছ’ আইনৰ গোচৰত গ্ৰেপ্তাৰ কৰা অভিযুক্তক ৬০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰাটো নিয়ম যদিও হাইপ্ৰফাইল চিকিৎসক দম্পতীৰ বিৰুদ্ধেও নিৰ্দিষ্ট সময়ৰ ভিতৰতে সোমবাৰে গুৱাহাটীস্থ পক্‌ছ’ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হয়৷ মানৱ সেৱাত নিয়োজিত ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে অবৈধভাৱে ‘দত্তক’ লোৱা দুই সন্তানৰ কন্যা শিশুটিক ঘৰৰ চাদত বান্ধি থোৱা  অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত দুয়োটি শিশুৰে স্বাস্থ্য পৰীক্ষাত যৌন নিৰ্যাতনৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল৷ সম্প্ৰতি অভিযুক্ত চিকিৎসক দম্পতী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে৷ ৫ মে’ত ডাঃ ৱালিউল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৬ মে’ৰ মাজনিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিছফালে এগৰাকী বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ সংগীতা দত্তক৷ পৰৱৰ্তী সময়ত শিশু আশ্ৰয় গৃহৰ কতৃৰ্পক্ষৰ অনুসন্ধানত চিকিৎসক দম্পতীয়ে অবৈধভাৱে তুলি লোৱা সন্তান দুটি যৌন নিৰ্যাতনৰ বলি হোৱাৰ ভয়ংকৰ ঘটনাটো পোহৰলৈ আহিছিল৷ আনকি আৰক্ষীৰ জিম্মাত থকাৰ সময়ত ডাঃ সংগীতা দত্তই নিৰ্যাতনৰ অভিযোগ অস্বীকাৰ কৰি ষড়যন্ত্ৰৰ বলি হোৱা বুলিও চিঞৰি চিঞৰি কোৱা পৰিলক্ষিত হৈছিল৷ অৱশ্যে যৌন নিৰ্যাতনৰ তথ্য পোহৰলৈ অহাৰ পাছতেই তদন্তকাৰী আৰক্ষীয়ে চিকিৎসক দম্পতীৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল৷ একে সময়তে চিকিৎসক দম্পতীয়ে অবৈধভাৱে সন্তান দুটাক চাৰুগেচী চক্ৰৰ পৰা ক্ৰয় কৰাৰ সন্দৰ্ভতো আন এটা গোচৰ ৰুজু কৰিছিল তদন্তকাৰী আৰক্ষীয়ে৷ পক্‌ছ’ আইনৰ গোচৰটোৰ তদন্ত সম্পূৰ্ণ কৰি সোমবাৰে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হ’ল যদিও অবৈধ চাৰুগেচী ব্যৱসায়ৰ গোচৰটোৰ আজিলৈকে তদন্তকে সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ’ল৷ তদন্তকাৰী আৰক্ষীয়ে শিশু দুটিৰ পিতৃ-মাতৃৰ পৰিচয় লাভ কৰিলে যদিও সন্তান বিক্ৰী কৰা পাষাণ পিতৃ-মাতৃক কৰায়ত্ত কৰাত ব্যৰ্থ হ’ল৷ সোমবাৰে পক্‌ছ’ আইনৰ গোচৰটোত চিকিৎসক সংগীতা দত্ত আৰু ৱালিউল ইছলামক দোষী কৰি প্ৰায় চাৰিশ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে৷ অভিযোগনামাৰ সৈতে তদন্তকাৰী আৰক্ষীয়ে চিকিৎসক দম্পতীয়ে শিশু দুটিক চলোৱা নিৰ্যাতনৰ ভিডিঅ’ ফুটেজ আৰু জি এম চি এইচৰ মেডিকেল ব’ৰ্ডৰ প্ৰতিবদনো দাখিল কৰিছে৷ ইফালে শিশু নিৰ্যাতনৰ গোচৰটোত গ্ৰেপ্তাৰ হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা মনোৰোগ বিশেষজ্ঞ হিচাপে পৰিচিত সংগীতা দত্তই এতিয়া নিজেই কাৰাগাৰত মনোৰোগ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছে৷ যিগৰাকী চিকিৎসকৰ কু-কাহিনী উন্মোচন নোহোৱাৰ আগলৈকে গুৱাহাটী মেডিচিটী আদিত্য হাস্পতালত নিয়মীয়াকৈ বিভিন্ন মানসিক ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছিল, সেইগৰাকী চিকিৎসকে এতিয়া গ্ৰেপ্তাৰ হোৱাৰ পাছতেই কাৰাগাৰত নিজেই মানসিক ৰোগী হিচাপে মনোৰোগ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে৷ কাৰাগাৰ কতৃৰ্পক্ষই প্ৰকাশ কৰা মতে–সোণাপুৰৰ জিলা অসামৰিক হাস্পতালৰ পৰা অহা মনোৰোগ চিকিৎসকে প্ৰতি সপ্তাহে চিকিৎসা প্ৰদান কৰি আছে ডাঃ সংগীতা দত্তক৷ অৱশ্যে গ্ৰেপ্তাৰৰ পাছতেই আকস্মিকভাৱে মনোৰোগ চিকিৎসক সংগীতা দত্ত নিজেই মানসিক ৰোগী হিচাপে ধৰা দিয়া ঘটনাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ জামিন তথা গোচৰটোৰ পৰা ৰেহাই পোৱাৰ স্বাৰ্থতেই কোনো অধিবক্তাৰ পৰামৰ্শত অভিযুক্ত চিকিৎসক সংগীতা দত্তই মানসিক ৰোগৰ চিকিৎসা গ্ৰহণ কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো কু-কাৰ্য পোহৰলৈ অহাৰ পূৰ্বে বিলাসী জীৱন কটাইছিল চিকিৎসক দম্পতীয়ে৷ গুৱাহাটীৰ নামি-দামী অধিবক্তা আৰু ন্যায়িক বিষয়াৰ সৈতেও অভিযুক্ত চিকিৎসক দম্পতীয়ে নৈশ পাৰ্টী কৰাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷ তেনেস্থলত কোনো আইনজ্ঞ ‘বন্ধু’ৰ পৰামৰ্শতে ডাঃ সংগীতা দত্তই মানসিক ৰোগীৰ ভাও লৈছে নেকি বুলিও খোদ তদন্তকাৰী আৰক্ষীয়েই সন্দেহ প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত জি এম চি এইচৰ মেডিকেল ব’ৰ্ড গঠন কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ বাবেও দাবী উত্থাপন হৈছে৷ আনহাতে গ্ৰেপ্তাৰৰ পাছতেই সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত চিঞৰ-বাখৰ কৰাৰ সময়ত ‘পেনিক এটেক’ অহা বুলিও এতিয়া কাৰাগাৰ কতৃৰ্পক্ষৰ আগত বাৰে বাৰে প্ৰকাশ কৰি আহিছে ডাঃ সংগীতাই৷ যাৰ বাবে অভিযুক্ত চিকিৎসকগৰাকীয়ে জামিনৰ বাবে মানসিক ৰোগীৰ ভাও লৈ নাটক কৰিছে নেকি বুলিও চৰ্চা লাভ কৰিছে৷ কিয়নো আদালতত মানসিক ৰোগী হিচাপে প্ৰমাণ কৰিব পাৰিলেই গোচৰৰ পৰা ৰেহাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ সেই সূত্ৰেই নুনমাটিৰ চাঞ্চল্যকৰ স্বামী-শাহু হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাৰ দৰে ডাঃ সংগীতা দত্তৰো মানসিক অৱস্থিতি ফৰেনছিক মনোৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰিব লাগে বুলিও বিভিন্নজনে দাবী কৰা দেখা গৈছে৷ ইফালে কাৰাগাৰ কতৃৰ্পক্ষই সদৰী কৰা মতে ডাঃ সংগীত দত্তই কাৰাগাৰত স্বাভাৱিকভাৱে আছে যদিও এছ চি ই আৰ টি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত আই এ এছ বিষয়া শেৱালি দেৱী শৰ্মাৰ সৈতে বন্ধুত্ব সম্পৰ্ক গঢ়ি তুলিছে৷ কাৰাগৰত ভূমি মহলাত সংগীতা দত্ত আৰু প্ৰথম মহলাত শেৱালি দেৱী শৰ্মা থাকে৷ কিন্তু প্ৰতিদিনে দুয়োগৰাকী অভিযুক্তই লগ পালেই কথাৰ মহলা মাৰে বুলিও জানিবলৈ দিছে কাৰাগাৰ কৰ্তৃপক্ষই৷