Logo
image

ইজৰাইলৰ সহায় বিচাৰিলে কুকিয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ জুলাইঃ মণিপুৰৰ গোষ্ঠীসংঘৰ্ষত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে চীনৰ পদধবনি আৱিষ্কাৰ কৰাৰ পাছতে সংঘৰ্ষৰ অন্যতম পক্ষ কুকি জনগোষ্ঠীয়ে তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গণহত্যাৰ অভিযোগ উত্থাপন কৰি ইজৰাইলৰ সহায় আৰু হস্তক্ষেপ প্ৰাৰ্থনা কৰিছে৷ ‘বিশ্ব কুকি-জো ইনটেলেকচুৱেল কাউন্সিলে’ ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি তেওঁলোকক ৰক্ষা কৰাৰ বাবে অবিলম্বে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, ভাৰতৰ মণিপুৰত থকা কুকি সম্প্ৰদায়ে নিজকে ইহুদীৰ বংশধৰ বুলি দাবী কৰে৷ ইহুদীসকলৰ হেৰাই যোৱা মুঠ ১০টা সম্প্ৰদায়ৰ অন্যতম বুলি দাবী কৰা কুকিসকলৰ সৈতে ইহুদীৰ মূল স্ৰোতৰ প্ৰায় ২৭০০বছৰৰ পূৰ্বে বিচ্ছেদ ঘটিছিল৷ বিগত শতিকাৰ অৰ্ধভাগ অৰ্থাৎ ১৯৫১ চনমানৰ পৰা মণিপুৰৰ কুকি জনগোষ্ঠীয়ে নিজকে ইহুদী বুলি দাবী কৰিবলৈ আৰম্ভ কৰে৷ সেই দাবীৰ আধাৰতে ইতিপূৰ্বে     মণিপুৰ আৰু মিজোৰামৰ পৰা প্ৰায় ৩০০০ কুকি জনগোষ্ঠীৰ লোকে ইজৰাইললৈ স্থায়ীভাৱে প্ৰব্ৰজন কৰিছে৷ জুডেইজিম অৰ্থাৎ ইহুদী ধৰ্ম গ্ৰহণ নকৰিলে তেওঁলোকক ইজৰাইলত আদৰি নলয় বাবে ১৯৭০ চন মানৰ পৰা মণিপুৰ আৰু মিজোৰামৰ কুকি জনগোষ্ঠীয়ে ইহুদী ধৰ্ম পালন কৰি আহিছে৷ এনে পৰিপ্ৰেক্ষিতত মণিপুৰত সংঘটিত হৈ থকা গোষ্ঠীসংঘৰ্ষৰ ক্ষেত্ৰত কুকি- জো জনগোষ্ঠীয়ে ইজৰাইলৰ হস্তক্ষেপ প্ৰাৰ্থনা কৰাটো আশ্চৰ্যকৰ ঘটনা নহয়৷ 

যোৱা ৩মে’ৰ পৰা মণিপুৰত কুকি আৰু ৰাজ্যখনৰ প্ৰাচীন বাসিন্দা মেইটেই জনগোষ্ঠীৰ মাজত সংঘটিত গোষ্ঠীসংঘৰ্ষত এতিয়ালৈকে বেচৰকাৰী তথ্যমতে ৪শতাধিক লোক নিহত হৈছে৷ এই সংঘৰ্ষই দুমাহ স্পৰ্শ কৰিছে আৰু এই পৰিস্থিতিত কুকি জনগোষ্ঠীয়ে ইজৰাইলৰ হস্তক্ষেপ প্ৰাৰ্থনা কৰিছে৷ যোৱা ৩০জুনত ‘বিশ্ব কুকি-জো ইনটেলেকচুৱেল কাউন্সিলে’ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি জনাইছে যে, মণিপুৰৰ চৰকাৰী যন্ত্ৰই সশস্ত্ৰ চৰকাৰী বাহিনী ব্যৱহাৰ কৰি কুকি সকলক এফালৰ পৰা হত্যা কৰিছে৷ সংখ্যালঘূ কুকিসকলৰ ওপৰত গণহত্যা সংঘটিত কৰিছে চৰকাৰে৷ এই স্মাৰকপত্ৰত তেওঁলোকে জনাইছে যে, ১৯৪৭চনৰ পৰা কুকিসকলে পৃথক ৰাজ্য আৰু পৃথক প্ৰশাসন বিচাৰি আহিছে৷ তেওঁলোকে স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ বিৰুদ্ধে ১৮৪৫-১৮৭১ চন আৰু ১৯১৭-১৯১৯ চনত কৰা যুঁজৰ কথাও উল্লেখ কৰিছে৷ তাৰ ফলত স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছে কুকিসকলক বাংলাদেশ, ভাৰত আৰু ম্যানমাৰত পৃথকে পৃথকে সংখ্যালঘূ কৰি ৰখাৰ কথাও উল্লেখ কৰিছে৷ এনে ইতিহাস থকা সত্ত্বেও মণিপুৰত কুকিসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু এতিয়া চৰকাৰী পৃষ্ঠপোষকতাত গণহত্যা চলোৱাৰ বাবেই কুকি সংগঠনে ইজৰাইলৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে৷ 

ইপিনে উচ্ছতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ৰাজ্যখনৰ পৰিস্থিতিৰ বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ সোমবাৰে কঠোৰ নিৰ্দেশ দিছে৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ‘মণিপুৰ ট্ৰাইবেল ফৰাম, দিল্লী’ আৰু ‘হিল এৰিয়াজ কমিটী অব দ্য মণিপুৰ লেজিছলেটিভ এচেম্বলি’ নামৰ দুটা সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিছে৷

আমাক শান্তি লাগেঃ গুৱাহাটীত মণিপুুৰৰ নাগৰিকৰ অভিৱৰ্তন

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে চিপিআই[এম-এল] ৰ অসম ৰাজ্যিক সমিতি আৰু কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক লৈ গঠিত হিল পাৰ্টি সমিতিৰ উদ্যোগত মণিপুৰৰ সংঘৰ্ষ জৰ্জৰ পৰিস্থিতিৰ অৱসান বিচাৰি আৰু মণিপুৰৰ শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্য আগত ৰাখি এক নাগৰিক অভিৱৰ্তন অনুষ্ঠিত হয়৷ এই অভিৱৰ্তনত গুৱাহাটীৰ বিশিষ্ট নাগৰিকৰ লগতে মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ চানা জাবা আৰু কুকি সম্প্ৰদায় লেমিনলাল নেইথাম উপস্থিত থাকে৷ দুই গৰাকী ব্যক্তিয়ে তেওঁলোকৰ বক্তব্যত মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু উপস্থিত ৰাইজক কাতৰ আহবান কৰে অসমে মণিপুৰৰ পৰিস্থিতিক লৈ কিবা এটা কৰক, মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰক৷ দুইজন বক্তাই কয়ে যে মণিপুৰৰ উভয় সম্প্ৰদায়ৰ মাজত সংঘাত আছিল যদিও শান্তি পূৰ্ণ সহঅৱস্থান কৰি জীয়াই থাকিবলৈ শিকিছিল৷ কিন্তু স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত কালত এনে নিষ্ঠুৰ হিংসা জনিত পৰিস্থিতি হ’ব বুলি তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল৷ চিপিআই [এম-এল]ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া আৰু অসম ৰাজ্যিক সমিতিৰ সদস্য নৰেন বৰাক লৈ গঠিত সভাপতি মণ্ডলীয়ে পৰিচালনা কৰা অভিৱৰ্তনৰ উদ্দেশ্য ব্যাখ্যা কৰে পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে৷ অভিৱৰ্তনত বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামী, জ্যেষ্ঠ সাংবাদিক নয়ন ভূঞা, নৰ্থ ইষ্ট পিচ ফৰামৰ এলেন ব্ৰুক, আই আই টি গুৱাহাটীৰ অধ্যাপক বসুন্ধৰা জয়ৰথ, কটন কলেজৰ অধ্যাপক ঋতুৰাজ কলিতা, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কলিতা, হিল পাৰ্টি সমিতিৰ সম্পাদক ৰবি কুমাৰ ফাংচু, ‘কা’ বিৰোধী সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক দেৱেন তামুলী, প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সম্পাদক মৃনালি দেবী, বিশিষ্ট শিল্পী ৰবিৰাম ব্ৰহ্ম, এ আই চি চি টি ইউ ৰ ৰাজ্যিক নেতৃত্ব বীৰেন কলিতা, সুভাষ সেন, পংকজ কুমাৰ দাস, পাৱাৰ ৱাৰ্কাছ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীনেশ গোস্বামীকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে৷ অভিৱৰ্তনে সৰ্বসন্মতিক্ৰমে মণিপুৰৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে লোৱা নিৰ্লিপ্ত ভূমিকাত উদ্বেগ প্ৰকাশ কৰে৷ লগতে মণিপুৰৰ শান্তি স্থাপনৰ স্বাৰ্থত মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পদত্যাগ দাবী কৰে৷ অভিৱৰ্তনতে শিক্ষাবিদ, শিল্পী, সাহিত্যিক, সাংবাদিক আৰু বিভিন্ন অংশৰ লোকক লৈ মণিপুৰলৈ এটি শান্তি যাত্ৰা কৰাৰ আহবান জনায় প্ৰস্তাৱ গ্ৰহণ কৰে৷ এই অভিৱৰ্তনৰ সফলতা কামনা কৰি শ্বিলং টাইমচৰ সম্পাদক পেট্ৰিচিয়া মুখিমে এটি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে৷ সভাৰ আৰম্ভণিতে মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিত মৃত্যুবৰণ কৰা নাগৰিকৰ মৃত্যু, অসমৰ প্ৰগতিশীল সাংস্কৃতিক জগতৰ পুৰোধা সুদক্ষিণা শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷