Logo
image

দিল্লীক বিহু দেখুৱাবলৈ ৩০০ কোটি টকাতকৈও অধিক ব্যয় হ’ব ৰাজ্যৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ জুলাইঃ সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰ নাচনীৰ বিহু নাচে গীনিজ ৱল্ডৰ্ ৰেকৰ্ডত স্থান লাভ কৰাৰ পাছতেই অধিক অত্যুৎসাহী হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ প্ৰায় ১০০ কোটি টকাৰ ব্যয়ৰে সৰুসজাইৰ বিহু নাচৰ বিশ্ব ৰেকৰ্ডৰ সফলতাৰ পাছত এইবাৰ ৰাজকোষৰ ধনেৰে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত ২৫ হাজাৰ নাচনীয়ে বিহু নৃত্যৰ আন এক অভিলেখ ৰচাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে৷ মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত ২৫ হাজাৰ নাচনী-ঢুলীয়াই বিহু নৃত্য পৰিৱেশনৰ কথা ঘোষণা কৰাৰ লগতে সৰুসজাইৰ অনুষ্ঠানৰ চেক বিতৰণৰ কাৰ্যসূচীত জিলাই জিলাই নাচনীসকলক দিল্লীলৈ যাবলৈ সাজু হৈ থাকিবলৈ ৰাজহুৱাকৈ আহ্বান জনোৱা দেখা গৈছে৷ স্বাভাৱিকতেই এতিয়া দিল্লীত ২৫ হাজাৰ নাচনী-ঢুলীয়াক লৈ বিহু নাচ পৰিৱেশন কৰিলে ৰাজকোষৰ বৃহৎ অংকৰ ধন ব্যয় হোৱাটো নিশ্চিত হৈ পৰিছে৷ সৰুসজাইৰ ১১ হাজাৰ নাচনীৰ বিহু অনুষ্ঠানত প্ৰায় ১০০ কোটি টকা খৰচ হোৱাত দিল্লীত ২৫ হাজাৰ নাচনীয়ে একেটা অনুষ্ঠান কৰিলে ৩০০ কোটি টকাতকৈ অধিক ধন খৰচ হ’ব বুলি অনুমান কৰা হৈছে৷ এই ধন চৰকাৰে ৰাজকোষৰ পৰা ব্যয় কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দিল্লীৰ বিহু নৃত্য অনুষ্ঠানক লৈ খোদ শাসক দলৰ বিধায়ককে অসন্তুষ্ট কৰি তুলিছে৷ শাসক দলৰ নেতা-পালিনেতা বিভিন্নজনে এই বিষয়টোক লৈ সামাজিক মাধ্যমতো প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে৷ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ বিহু নাচক লৈ ৰাজহুৱাকৈ কৰা মন্তব্যৰ বিৰোধিতা কৰিছে খোদ দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই৷ এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী শৰ্মালৈ এখন পত্ৰও লিখিছে৷ পত্ৰখনত বিধায়ক বৰাই উল্লেখ কৰিছে এইদৰে– ‘২৫ হাজাৰ বিহুৱা-বিহুৱতীক আকৌ দিল্লীলৈ৷ কিমান টকাৰ প্ৰয়োজন হ’ব? মোৰ মতে এইটো ভাল হোৱা নাই৷ যদি মুখ্যমন্ত্ৰীৰ তেনে ইচ্ছা আছেই, তেন্তে বিহুৰে আকৌ কিয় ৰেকৰ্ড গঢ়িব লাগে? অসমৰ সমন্বয়, সম্প্ৰীতিৰ বাবে অন্যান্য নৃত্য, গীতসমূহক লৈ আগবঢ়া উচিত৷ বাগৰুম্বা, বৰদৈচিলা, গুমৰাগ, ঝুমুৰ, লালিলাং, কাৰ্বি নৃত্য, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্য, মিচিং বিহু, দেউৰী বিহু আদিক লৈ আগবঢ়া উচিত৷’ বিধায়ক বৰাই লগতে সৰুসজাইৰ বিহুৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানত ব্যৱহাৰ কৰা ১৫৫খন হোটেলক বিল আদায় নিদিয়াৰ বিষয়টোক লৈয়ো আক্ষেপ ব্যক্ত কৰে৷  সৰুসজাইৰ অনুষ্ঠানত অংশ লোৱা নাচনীসকলক চৰকাৰে ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিলে যদিও নাচনী-ঢুলীয়াক থকা-খোৱাৰ সু-ব্যৱস্থা কৰা গুৱাহাটীৰ হোটেল-ল’জসমূহক আজিও প্ৰাপ্য ভাৰা আদায় দিয়া নাই চৰকাৰে৷ কেৱল গীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ নাচনী-ঢুলীয়াক ৰখা হোটেল-ল’জসমূহেই নহয়, ৰঙালী বিহু অনুষ্ঠিত কৰা বিহু সন্মিলনীসমূহকো চৰকাৰে ধন আদায় নিদিয়াৰ অভিযোগ উঠিছে৷ ১১৯৬ বিহুৱা বিহুৱতীক ২৫ হাজাৰকৈ টকা দিয়া চৰকাৰে দৰঙৰ ১১২খন বিহু সমিতিক ধন দিয়াত ব্যৰ্থ হোৱাত আয়োজক সমিতিৰ সম্পাদকে ধাৰ মাৰিবলৈ বিক্ৰী কৰিবলগীয়া হৈছে পোহনীয়া গৰু৷ দৰং জিলাৰ ১১২খন বিহু সমিতিয়ে আজিলৈ চৰকাৰৰ ঘোষিত ১.৫ লাখ টকাকৈ নোপোৱাত বিহু উদযাপন সমিতিৰ বিষয়ববীয়া সকল বিপাঙত পৰিছে৷ মাইক, লাইট, পেণ্ডেল, গেলামাল দোকানী আদিয়ে ধন বিচাৰি সমিতিৰ বিষয়ববীয়াসকলৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলৈ বাধ্য হৈছে৷ দৰং জিলাৰ ১৩০খন বিহু সমিতিৰ ভিতৰত  ১১২খন বিহু উদযাপন সমিতিকে ডেৰ লাখ টকা আদায় নিদিয়াৰ অভিযোগ কৰিছে৷  মঙলদৈ বিধান সভা সমষ্টিৰ বৰথেকেৰাবাৰী নৱজ্যোতি সংঘৰ উদ্যোগত যোৱা ৩০ চ’ত, ১, ৭ আৰু ৮ ব’হাগত অনুষ্ঠিত ৫৪ সংখ্যক ৰঙিলী বিহু উদযাপন সমিতিৰ সম্পাদক প্ৰভাত শইকীয়াই  বিহু পাতিবলৈ চৰকাৰে ডেৰ লাখ টকাকৈ দিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো ধন আদায় নিদিয়াত এতিয়া ধাৰ মাৰিবলৈ ঘৰৰ গৰু বিক্ৰী কৰিবলৈও সাজু হোৱা বুলিও আক্ষেপ ব্যক্ত কৰিছে৷

ধাৰ মাৰিবলৈ গৰু বিক্ৰী কৰাৰ সিদ্ধান্ত বিহু কমিটীৰ সম্পাদকৰ

‘আমাৰ অসম’ৰ মঙলদৈৰ প্ৰতিবেদকঃ ৰাজ্য চৰকাৰে বিহু সমিতি সমূহক ডেৰ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব বুলি ঘোষণা কৰাৰ পাছত দৰঙী ৰাইজে  হেঁপাহৰ ৰঙালী বিহুটি উলহ মালহেৰে উদ্‌যাপন কৰিলে যদিও ব’হাগ মাহ পাৰ হোৱা আঢ়ৈ মাহ অতিক্ৰম কৰাৰ পাছতো চৰকাৰে আজি পৰ্যন্ত জিলাখনৰ ১১২খন বিহু সমিতিক উক্ত ধন আদায় নিদিয়াত বিপাঙত পৰিছে বিহু সমিতি সমূহ৷ মাইক, লাইট, পেণ্ডেল, গেলামালৰ দোকানী আদিয়ে ধন বিচাৰি সমিতিৰ বিষয়ববীয়াসকলৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলৈ বাধ্য হৈছে৷ কিছুমানে সমিতিৰ বিষয়ববীয়াক গুৱালগালিও দিছে যদিও বিহু উদ্‌যাপন সমিতিৰ বিষয়ববীয়াই সেই গালি-গঞ্জনা মূৰপাতি লৈ কেইদিনমান ৰবলৈ কাকূতি মিনতি কৰিবলগীয়াত পৰিছে৷ জানিব পৰা মতে, দৰং জিলাৰ ১৩০খন বিহু সমিতিৰ ভিতৰত ১৮খন বিহু সমিতিক দৰং জিলা প্ৰশাসনে কোনো ধৰণৰ ধনৰ ব্যৱহাৰিক প্ৰমাণ-পত্ৰ নোলোৱাকৈ ডেৰ লাখকৈ টকা ব’হাগৰ আৰম্ভণিতে প্ৰদান কৰাত ধন পাবলৈ ৰৈ গৈছিল ১১২খন বিহু উদ্‌যাপন সমিতি৷ এই সমিতি কেইখনে ধন পাব পাব বুলি ভাবি বাকীত আৰু ধাৰ-ঋণ লৈ বিহু উদযাপন কৰিলে যদিও আজিলৈ ফুটাকড়ি এটাও নাপালে৷ অথচ বিহু উদযাপন কৰি তেওঁলোকে ফটো, ব্যৱহাৰিক প্ৰমাণ-পত্ৰ জিলা প্ৰশাসনক জমা দিছে৷ চৰকাৰৰ ঘোষিত ডেৰ লাখ টকা বিচাৰি এই সমিতিসমূহে উপায়ুক্ত, মুখ্যমন্ত্ৰী, বিধায়ক, সাংসদ আদিক স্মাৰক-পত্ৰ দিছে যদিও আজিলৈ ধন নোপোৱাত দুঃশ্চিন্তাত পৰিছে বিহু উদযাপন সমিতিৰ বিষয়ববীয়া৷ মঙলদৈৰ বৰথেকেৰাবাৰী নৱজ্যোতি সংঘৰ উদ্যোগত যোৱা ৩০ চ’ত, ১, ৭ আৰু ৯ ব’হাগত অনুষ্ঠিত ৫৪ সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক প্ৰভাত শইকীয়াই আজি ক্ষোভেৰে কয়, বিহু পাতিবলৈ চৰকাৰে ডেৰ লাখ টকাকৈ দিব বুলি কোৱাৰ লগতে দান-বৰঙণি সংগ্ৰহত বাধা আৰোপ কৰাত আমি ৰাইজৰ পৰা দান-বৰঙণি নলৈ বিহু পাতিলো৷ বৰথেকেৰাবাৰী শংকৰদেৱ হাইস্কুল খেলপথাৰত চাৰিদিনীয়াকৈ পতা এই বিহুত খৰচ হৈছিল ১, ৭৫, ৫৬২ টকা৷ চৰকাৰৰ ডেৰ লাখ টকাৰ ওপৰঞ্চি খৰচ হোৱা ধনখিনি সমিতিৰ বিষয়ববীয়াই বহন কৰাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু আজিলৈ চৰকাৰৰ ধন নোপোৱাত বিপাঙত পৰিছে সমিতিখন৷ নিতৌ ধন বিচাৰি বিশেষকৈ সমিতিৰ সম্পাদক প্ৰভাত শইকীয়াৰ ঘৰলৈ লাইট, টেণ্ট, চাউণ্ড, গেলামালৰ দোকানী আদি আহিবলৈ ধৰাত উপায়ন্তৰ হৈ তেওঁ পোহনীয়া গৰু বিক্ৰী কৰি ধাৰ মাৰিবলৈ সংকল্প লোৱাৰ কথা এই প্ৰতিবেদকৰ আগত ব্যক্ত কৰিছে৷