Logo
image

নলবাৰীত প্ৰজ্ঞাসেতু মুকলি, ৭টা নতুন প্ৰকল্প

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ৪ জুলাইঃ উন্নয়নৰ বতৰা লৈ কালি নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ দিনজোৰা কাৰ্যসূচীৰে আয়োজিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ  লগতে মুঠ ১৬৪.১৪ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য যে নলবাৰীৰ হৰিমন্দিৰৰ কাষত ২০১৬-১৭ বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ পুঁজি শিতানৰ অধীনত ৫৪.২৯ কোটি  টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰে’লৱে উৰণ সেতুখন আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে৷ ইতিমধ্যে এই উৰণ সেতুখন ১৯ জুনত মুকলি কৰাত সেতুখনেৰে যাতায়ত অব্যাহত আছে৷ একেখন উৰণ সেতুকে আজি দ্বিতীয়বাৰৰ মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ নৱনিৰ্মিত উৰণ সেতুখন জীৱন শিল্পী আদ্য শৰ্মাকে ধৰি নলবাৰীৰ কেইবাজনো পুৰোধা ব্যক্তিৰ নামেৰে নামকৰণ কৰিবলৈ দাবী উত্থাপন হৈছিল যদিও ‘প্ৰজ্ঞা সেতু’ বুলিহে নামকৰণ কৰা হয়৷ ইফালে, নলবাৰী গণেশ মন্দিৰ চ’ক-হৰিমন্দিৰ সংযোগী পথটি ‘গৌৰৱ পথ’ হিচাপে নামকৰণ কৰাৰ লগতে পথটোৰ উন্নীতকৰণৰৰ শুভাৰম্ভ কৰে ড॰ শৰ্মাই৷ নলবাৰীৰ বৰকুছি, মিলনপুৰত অসম চৰকাৰৰ ‘কোচ ৰাজবংশী উন্নয়ন পৰিষদ’ৰ পুঁজিৰ অধীনত ২.১০ কোটি টকা ব্যয় সাপেক্ষ ‘চিলাৰায় ভৱন’ৰ শিলান্যাস স্থাপন কৰাৰ লগতে নলবাৰীৰ পুৰণি গৰ্ডন স্কুল চৌহদত ২৬.০৮ কোটি টকা ব্যয় সাপেক্ষ ১০০০ আসনযুক্ত নগৰ প্ৰেক্ষাগৃহ এটাৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত নলবাৰী নগৰ-নলবাৰী চিকিৎসা মহাবিদ্যালয় সংযোগী আৰু মুকালমুৱা-চিকিৎসালয় মহাবিদ্যালয়-ঘগ্ৰাপাৰ সংযোগী ‘চিটি বাছ’ৰ সেৱাৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে, নলবাৰী চহৰৰ সোণপুৰত নৱনিৰ্মিত ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ স্থায়ী কাৰ্যালয়ৰ ভৱনটোও বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে৷ নলবাৰীৰ উন্নয়নৰ বতৰা লৈ অহা মুখ্যমন্ত্ৰী গৰাকীয়ে বিয়লি ভাগত গৰ্ডন স্কুল খেলপথাৰত আয়োজিত ৰাজ্যৰ প্ৰথমখন জলজীৱন সন্মিলনত অংশগ্ৰহণ কৰে৷ এই সভাৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী বিধানসভা সমষ্টিৰ কেইবাটাও ৰাস্তা-ঘাটৰ নিৰ্মাণ আৰু নবীকৰণ আৰু চাৰিটা বৈদ্য়ুতিক উপ-আস্থানৰ শিলান্যাস কৰে৷ এই বিশাল জনসমাবেশত সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে কেইবাজনো মন্ত্ৰী-বিধায়ক তথা শীৰ্ষ আমোলা-বিষয়া আজিৰ সন্মিলনত উপস্থিত থকাত দিছপুৰখন একপ্ৰকাৰ নলবাৰীতে থকা যেন হৈছে৷ নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰা প্ৰসংগত কয় যে এই উৰণ সেতুখন নলবাৰীৰ মানুহে ইতিমধ্যে ব্যৱহাৰ কৰিছে৷ মুখ্যমন্ত্ৰীগৰাকীৰ এনে বক্তব্যত উক্ত উৰণ সেতুখন পূৰ্বে এবাৰ যে মুকলি কৰা হৈছে সেয়া প্ৰকাৰন্তৰে ওলাই পৰিছে৷ আনহাতে, গৰ্ডন স্কুল চৌহদত নিৰ্মাণ কৰিব লগা বিশাল প্ৰেক্ষাগৃহটো গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ কিম্বা মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পৰ দৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে৷ জলজীৱন সন্মিলনখনত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি কয়–‘জলজীৱন আঁচনিখন হৈছে ৰাইজৰ আঁচনি’৷ মানুহৰ পেটৰ বেমাৰৰ মূল কাৰণ হৈছে অবিশুদ্ধ খোৱাপানী৷ জলজীৱন আঁচনিৰ পানী খালে এই বেমাৰ এবছৰতে যে নাইকিয়া হৈ যাব সেইটো খাটাং৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিটো পৰিয়ালক ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ পৰিকল্পনা কৰিছিল৷ ৰাজ্যখনত ইতিমধ্যে আঁচনিখনৰ ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে৷ ‘২৪ৰ ভিতৰত জলজীৱন মিছনৰ পানী ঘৰে ঘৰে দিবলৈ সক্ষম হ’ম৷ মানুহক খোৱাপানী দিয়াৰ সমান পুণ্য কাম একো নাই৷ আজি আমাৰ ৰাজ্যখনত ইতিমধ্যে ৩০-৩৫ লাখ পৰিয়ালক জলজীৱন মিছনৰ পানী দিব পাৰিছোঁ৷ আমি বিশ্বাস কৰো যে নিৰ্ধাৰিত সময়ত আৰু ৪৮ লাখ পৰিয়ালক এই পানী দিব পাৰিম৷ ৰাজ্যৰ ৪৪ হাজাৰ স্কুলৰ ৪০ হাজাৰক খোৱা পানী দিব পাৰিছোঁ৷ আৰু মোৰ বিশ্বাস আৰু ৪ হাজাৰ স্কুলক খোৱা পানী দিব পাৰিম৷ ৩৬ হাজাৰ অংগনবাড়ী কেন্দ্ৰৰ ৩২ হাজাৰ কেন্দ্ৰত পানী দিব পাৰিছোঁ৷ মোৰ বিশ্বাস বাকীখিনিতো সোনকালে দিব পাৰিম৷ ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে ৰেচন কাৰ্ড দিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে অক্টোবৰৰ ভিতৰত একেদিনাই ৪০ লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব যাতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সাহায্য লাভ কৰিব পাৰে৷ অৰুণোদয় আঁচনিত মাহেকত বৰ্তমানৰ ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি কৰা হ’ব৷ আনহাতে জুলাইত আকৌ ২২ হাজাৰ পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ সভাত স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণত কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী সমষ্টিৰ ২১টা পথৰ কামৰ শুভাৰম্ভ কৰে৷ ইফালে, জলজীৱন মিছনৰ অধীনত নলবাৰীত ১ লাখ ৭০ হাজাৰ পৰিয়ালক বিশুদ্ধ পানী যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰে৷ ২০২২-২৩ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ১০.৭৬ কোটি টকা ব্যয় সাপেক্ষ এন টি ৰোডৰ দেৱীৰাম পাঠশালা হাইস্কুলৰ পৰা বালিলেছা দেৱালয় হৈ চান্দকুছি ম’হমাৰা পুখুৰীলৈ যোৱা পথৰ উন্নীতকৰণ; ২.২৩ কোটি টকা ব্যয় সাপেক্ষ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কয়াকুছি অংগনবাড়ী কেন্দ্ৰ হৈ কাহাৰতোলা পিটপোৰা এম ই স্কুললৈ যোৱা পথ আৰু ভিঠা বাসন্তী মন্দিৰৰ পৰা ভিঠামহলৰ ক’লীয়া গোঁসাই থানলৈ যোৱা পকী পথৰ শিলান্যাস; ৪.৮৩ কোটি টকা ব্যয় সাপেক্ষ বগলছ ৰোডৰ গোপালথান হাইস্কুলৰ পৰা নিজ বাঁহজানী মেধিপাৰা শিৱ মন্দিৰ হৈ নিজ বাঁহজানী চৌধুৰী চুবুৰীলৈ যোৱা পথ, সৰিয়হতলিৰ পৰা সুহাগপুৰ ৰোডলৈ যোৱা পথ, সৰিয়হতলিৰ পৰা গোশালা পথ আৰু নিজ বাঁহজানী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ভেলাবাৰীলৈ যোৱা পকী পথ; ১.৯৭ কোটি টকা ব্যয় সাপেক্ষ নানকাৰভয়ৰা দেউৰীতোলাৰ পৰা দিহজাৰিলৈ যোৱা পকী পথ; ৪.৮১ কোটি টকা ব্যয় সাপেক্ষ ধমধমা শিৱ মন্দিৰ পথ আৰু ৰঙিয়া ধমধমাৰ পৰা খুদিয়া ৰঙাফালি মৈৰাদঙা এল পি স্কুললৈ যোৱা পকী পথ; ১.৬২ কোটি টকা ব্যয় সাপেক্ষ ধমধমা নলবাৰী লোক নিৰ্মাণ বিভাগ পথৰ পৰা ভেলামাৰী এম ই স্কুল হৈ ১৯ নম্বৰ চটাইবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়লৈ যোৱা পথ আৰু ৪.৩৬ কোটি টকা ব্যয় সাপেক্ষ চান্দকুছি ঘিল্লা চ’কৰ পৰা বৰআজাৰালৈ যোৱা পথ, মিলন বজাৰৰ পৰা গোপালথান হাইস্কুল পথ, নলবাৰী জনস্বাস্থ্য কাৰিকৰী কাৰ্যালয়ৰ পৰা ৰত্নপীঠ নামঘৰ হৈ ঔতল চ’কলৈ যোৱা পথ, মাজদিয়াৰ পৰা বি এড কলেজ পথ আৰু খাদী চ’কৰ পৰা আজাৰা পথৰ শিলান্যাসো কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ লগতে ২০২২-২৩ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকী পথ নৱীকৰণ আঁচনিৰ অধীনত ১.৫৪ কোটি টকা ব্যয় সাপেক্ষ ছটা পথৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ ইফালে, আজিৰ এই অনুষ্ঠানতে এ আই আই বিৰ প্ৰকল্পৰ অধীনত ৩৮ কোটি টকা ব্যয় সাপেক্ষ চাৰিটা প্ৰকল্পৰো শিলান্যাস স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে৷ সংগীত জগতৰ পুৰোধা সুদক্ষিণা শৰ্মাৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে, ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা উমা ছেত্ৰীলৈ তেওঁ উষ্ণ অভিনন্দন জ্ঞাপন কৰে৷ আজিৰ অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, সাংসদ কুইন ওজা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ, নন্দিতা গাৰ্লোছা, ৰণজিত কুমাৰ দাস, বিধায়ক দিগন্ত বৰ্মন, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে৷