Logo
image

জিপি সিঙক প্ৰশংসা ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্বনৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ জুলাইঃ দুৰ্নীতিগ্ৰস্ত আৰু অসৎ আৰক্ষী বিষয়াক শাস্তিমূলকভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং এতিয়া সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ আৰক্ষী বিষয়া কনিষ্টবলৰ অপৰাধৰ ক্ষেত্ৰত ডিজিপি জি পি সিঙৰ শূন্য সহনশীল নীতিক লৈ প্ৰশংসাৰে উপচাই পেলাইছে  ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্বনে৷ উল্লেখ্য, থানাৰ ভিতৰত এগৰাকী আটকাধীন কিশোৰীক নিশা অসহায় অৱস্থাত উলংগ কৰি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অ’চি বিমান ৰয়ে মোবাইলত ফটো তোলা তথ্য প্ৰমাণ লাভ কৰাৰ পাছতেই মুহূৰ্তৰ ভিতৰতে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ আৰক্ষী সঞ্চালক প্ৰধানজনে গ্ৰহণ কৰা এই সাহসী সিদ্ধান্তৰ কথা এটা আৱেগিক টুইট লিখি ৰাজহুৱা কৰিছিল৷ বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছতেই উৎকোচ আৰু সোণ চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এছ আই নিপু কলিতাকো চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছিল জি পি সিঙে৷ আনহাতে ৰে’লৰ সোণ চুৰি গোচৰত গ্ৰেপ্তাৰ হোৱা এছ আই বদ্ৰী প্ৰসাদ বাৰুৱতী নামৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ অন্যতম সহযোগী কনিষ্টবল স্বৰস্বতী হাচনুকো চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ৰাজহুৱা কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানজনৰ এই সাহসী আদৰ্শক আন ৰাজ্যৰ আৰক্ষীয়ে অনুকৰণ কৰা উচিত বুলি মন্তব্য কৰি ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্বন নামৰ সৰ্বভাৰতীয় আৰক্ষী সংস্থাটোৱে জি পি সিঙক প্ৰশংসাই উপচাই পেলাইছে৷ এই সন্দৰ্ভত এটা টুইটত ইণ্ডিয়ান পুলিচ ফাউণ্ডেশ্বনে উল্লেখ কৰিছে এইদৰে–দুৰ্নীতিগ্ৰস্ত আৰু অসৎ আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ উদাহৰণ দাঙি ধৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে৷ য’ত গুৰুতৰ অপৰাধৰ তথ্য প্ৰমাণ লাভ কৰিছে, তাতেই তেওঁ শূন্য সহনশীল নীতি গ্ৰহণ কৰি শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে৷ আন আন ৰাজ্য সমূহেও এই আদৰ্শ অনুকৰণ কৰাৰ সময় আহি পৰিছে৷