Logo
image

শালকোচাৰ হাতীপোতাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দূৰ্ঘটনা; ৪০ গৰাকী যাত্ৰী আহত

আমাৰ অসমৰ ধুবুৰীৰ প্ৰতিবেদক,৪ জুলাইঃ ধুবুৰী জিলাৰ শালকোচা আৰক্ষী চকীৰ অধীনস্থ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।  বৰপেটাৰ পৰা ধুবুৰী অভিমুখে গৈ থকা এছ ২৫বিছি/১৮৬০ নম্বৰৰ যাত্ৰীবাহী গাড়ীখনে( আল্ট্ৰাবাছ) উক্ত ঠাইত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই ৰাস্তাৰ কাষত বাগৰি পৰে। ফলত গাড়ীখনত  থকা প্ৰায় চল্লিশ গৰাকী যাত্ৰী  গুৰুতৰ ভাৱে আহত হয়। ঘটনা স্থলীত উপস্থিত থকা ৰাইজে ততালিকে আহত সকলক উদ্ধাৰ কৰি চাপৰ  প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও তাৰে কেইবাগৰাকী যাত্ৰীৰ অৱস্থাত সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। দুৰ্ঘটনাৰ সঠিক কাৰন এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও তীব্ৰ বেগ আৰু অতিপাত বৰষুণৰ ফলত উক্ত সংঘটিত হোৱা বুলি ৰাইজে ধাৰণা কৰিছে।ঘটনাস্থলীত  শালকোচা আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।