Logo
image

বৰঝাৰ বিমানবন্দৰৰ পৰা পল্টন বজাৰ আৰু খানাপাৰালৈ ASTCৰ বাছ সেৱা

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাউন্টাৰ উদ্বোধন কৰা হয়। বিমানবন্দৰৰ পৰা পাঁচৰ পৰা ছয়খন শীততাপ নিয়ন্ত্ৰিত বাছ প্ৰতিদিনে চলাচল কৰিব৷ বাছসমূহ খানাপাৰা আৰু পল্টন বজাৰলৈ চলিব আৰু মাত্ৰ ১০০ টকাতে যাত্ৰীসকলে অহা যোৱা কৰিব পাৰিব।  দেশ তথা বিদেশৰ যাত্ৰীসকলৰ ভ্ৰমণ অভিজ্ঞতা উন্নত কৰাৰ বাবে বিমানবন্দৰ কৰ্তৃপক্ষই  অসম ৰাজ্যিক পৰিবহণ নিগমৰ সৈতে সহযোগিতা কৰিছে। এই পদক্ষেপে পৰিবহণ ব্যয় হ্ৰাস কৰাৰ সমান্তৰালকৈ ব্যক্তিগত যাতায়তৰ ব্যৱস্থাৰো সুলভ বিকল্প প্ৰদান কৰাৰ সম্ভাৱনা আছে। এই বাছখিনিয়ে মূলতঃ বিমানবন্দৰৰ  যাত্ৰীসকলক সেৱা আগবঢ়াব যদিও স্থানীয় যাত্ৰীসকলেও ইয়াৰ সুবিধা লব পাৰিব।