Logo
image

২০৪৭ চনত ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তি হ'বঃ জগদ্বীপ ধনখেড়

ডিজিটেল সংবাদ, গুৱাহাটীঃ "১৯৪৭ চনত স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষ‌ই ২০৪৭ চনৰ ভিতৰত বিশ্বৰ অন্যতম বৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব ।"- এই মন্তব্য দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখেড়ৰ। উল্লেখ্য, জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানটি মঙলবাৰে শিক্ষা প্ৰতিষ্ঠানখনৰ সুধাকন্ঠ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে সমাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে৷ 'আজাদি কা অমৃতকাল'ৰ লগত সংগতি ৰাখি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৰা ভৱিষ্যদ্বাণীত তুমুল হাত চাপৰিৰে আদৰণি জনায় ২৫ সংখ্যক সমাৱৰ্তন উপস্থিত থকা শিক্ষাৰ্থী, শিক্ষাগুৰু, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিভাৱকসকলে। 

ইফালে, অসম সম্পৰ্কে নিজৰ ধাৰণা ব্যক্ত কৰি উপ‌-ৰাষ্ট্ৰপতিজনে উল্লেখ কৰে‌ যে তেওঁ যেতিয়া ৰাজস্থানৰ ৰাজ্যপাল হিচাপে আছিল, তেতিয়া অসমৰ সংস্কৃতি, সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ কথা ভালকৈ জানিছিল৷ পৰবৰ্তী সময়ত পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ কামাখ্যা দেৱালয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আহোম ৰাজত্ব কালৰ মহাবীৰ লাচিত বৰফুকনৰ কথা জানিছিল। এতিয়া অসমলৈ আহি তেওঁ অভিভূত হৈ পৰা বুলি উল্লেখ কৰে।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে উপ-ৰাষ্ট্ৰপতিগৰাকী । তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কয় সেয়া কৰি দেখুৱায়। ২৪x৭ ৰ আৰ্হিত কাম কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ধাৰণা স্পষ্ট বুলি তেওঁ লগতে উল্লেখ কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি আই আই টি গুৱাহাটীৰ সঞ্চালক ড০ পৰমেশ্বৰ আয়াৰে উল্লেখ কৰে যে  ১৯৯৯ চনত আই আই টি গুৱাহাটীৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত ৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হৈছিল। বিগত ২৫ বছৰত IIT গুৱাহাটীৰ পৰা ২০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰিছে। এই বছৰ প্ৰতিষ্ঠানটোৱে ২,০১১ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰিব আৰু ইয়াৰে ৪০৬ গৰাকী হৈছে মহিলা। 

সমাবৰ্তনত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কৃতী শিক্ষাৰ্থীসকলক জীৱনৰ পৰবৰ্তী সময়খিনিত ‌তেওঁলোকে অধ্যয়ন কৰা আই আই টি গুৱাহাটীৰ লগতে অসমখনক পাহৰি নাযাবলৈ আহ্বান জনায়। শিক্ষাৰ্থীসকলে আহৰণ কৰা উচ্চ শিক্ষা দেশৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসম চৰকাৰে আই আই গুৱাহাটীৰ লগত একেলগে ৰাজ্যৰ শৈক্ষিক, স্বাস্থ্য আৰু বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্যতাৰে বহু কাম কৰিছে। ৰাজ্যৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই সমাবৰ্তনত অংশগ্ৰহণ কৰি কয় যে আই আই টি গুৱাহাটীয়ে শিক্ষাৰ্থী, গৱেষক, বিজ্ঞানী, শিক্ষাগুৰু, বিষয়া-কৰ্মচাৰী‌সকলৰ মিলিত প্ৰচেষ্টাত আজি দেশৰ লগতে বিশ্বৰ বুকুত জিলিকি উঠিব সক্ষম হৈছে। আৰম্ভণিতে শিক্ষাপ্ৰতিষ্ঠানখনৰ 'বৰ্ড অৱ গৱৰ্ণৰচ'ৰ অধ্যক্ষ ৰাজীৱ আই মোদীয়েও শুভেচ্ছা মূলক ভাষণ আগবঢ়ায়। সমাবৰ্তন অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিজনে আই আই টি গুৱাহাটীৰ প্ৰদনেশ প্ৰসাদ কলকাৰক ৰাষ্ট্ৰপতি সোণৰ মেডেল, দিব্যাম সিংঘাল আৰু হাৰিতা এমক অসমৰ ৰাজ্যপাল সোণৰ মেডেল প্ৰদান কৰে।