Logo
image

সাধাৰণ জনতাক মাধমাৰঃ পাচলি বজাৰত অভাৱনীয় দামবৃদ্ধি

'আমাৰ অসম'ৰ বংশৰৰ প্ৰতিবেদক , ৪ জুনঃ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি বৰ্তমান বজাৰৰ প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি হৈছে ৷ বিশেষকৈ শাক-পাচলিৰ বজাৰত এতিয়া জুই জ্বলিছে ৷ বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি দাম বৃদ্ধিত কোঙা হৈ পৰা সৰ্ব সাধাৰণ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপৰ দদৰা, বংশৰ, শিঙিমাৰী, শুৱালকুছি, গন্ধমৌ আদি  বিভিন্ন অঞ্চলৰ শাক-পাচলিৰ বজাৰত অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক৷ শেহতীয়াকৈ বানপানীয়ে শাক-পাচলি খেতি ধ্বংস কৰাৰ অজুহাতত শাক-পাচলিৰ অত্যাধিক দাম বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে ৷  

শাক-পাচলিৰ পাইকাৰী বজাৰত বৰ্তমান আকাশলংঘী দাম হৈছে ৷ পাইকাৰী বজাৰৰ মূল্যবৃদ্ধি অজুহাতত খুচুৰা ব্যৱসায়ী সকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷ একাংশ পাচলি ব্যৱসায়ীয়ে শেহতীয়া মূল্যবৃদ্ধিৰ প্ৰকোপত পাচলিৰ পাইকাৰী বজাৰৰ পৰা নিৰাশমনে উভতিবলগীয়া হৈছে ৷ বংশৰ, শুৱালকুছি, শিঙিমাৰী আদি অঞ্চলৰ খুচুৰা বজাৰত প্ৰতিকেজি বিলাহীৰ দাম ৯০ ৰ পৰা ১২০ টকা পৰ্যন্ত, ভাতকেৰেলা ৯০ৰ পৰা ১০০ টকা, লেচেৰা মাহ ৮০ৰ পৰা ৯০, তিঁয়হ ৬০ পৰা ৮০ টকা, পটল ৮০ৰ পৰা ১০০ টকা পৰ্যন্ত, জিকা ৬০ ৰ পৰা ৮০ টকা  দাম চুইছেগৈ ৷ 

আনহাতে জলকীয়াৰ অত্যধিক দাম বৃদ্ধিয়েও কন্দােৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ একাংশ খুচুৰা  শাক-পাচলিৰ বিক্ৰেতাই জানিবলৈ দিয়া মতে , এনে মূল্যবৃদ্ধিৰ ফলত তেওঁলোকে বৰ্ধিত দামত শাক-পাচলি বিক্ৰী কৰিবলৈ বাধ্য হৈছে ৷ যদিও ইয়াৰ বাবে লোকচানৰো সন্মুখীন হৈছে ৷ কাৰণ এদিনত ক্ৰয়  কৰা ৫ কিলো পাচলি যদি একেটা দিনতে বিক্ৰী নহয়, তেনেহলে দ্বিতীয় দিনলৈ কিছু পাচলি পচি যায় নাইবা লেৰেলি যায় ৷ আনহাতে শেহতীয়াকৈ আদা নহৰুৰ বৰ্ধিত মূল্যবৃদ্ধি খুচুৰা ব্যৱসায়ীসকলক সংকটত পেলাইছে ৷ পাইকাৰী বজাৰত  প্ৰতি ৫ কিলো আদাৰ দাম ১০০০ ৰ পৰা ১১০০ টকা পৰ্যন্ত বিক্ৰী হৈছে ৷ নহৰু বিক্ৰী হৈছে ৬০০ ৰ পৰা ৭০০ টকা পৰ্যন্ত । সেই দিশৰ পৰা প্ৰতি কিলো আদাৰ খুচুৰা দাম ৩০০ টকা আৰু নহৰুৰ ২০০ টকা ৷ ৰাজ্যৰ বজাৰত অত্যাধিক মূল্যবৃদ্ধিৰ পিছতো দাম নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ৰাজ্যৰ বিয়াগোম যোগান বিভাগে ৷ ফলত যোগান বিভাগৰ অকৰ্মণ্যতাৰ বাবেই পাচলি বিক্ৰেতাই যি মন যায় সেই নিৰিখতে গ্ৰাহকৰ পৰা দাম লয় বুলি ক্ষোভ উজাৰিছে সৰ্বসাধাৰণ ৰাইজে