Logo
image

৪ ৰাজ্যৰ বিজেপি সভাপতি সলনি, কথমপি ৰক্ষা ভৱেশৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাইঃ এই যাত্ৰাত যেন কাণে কাণ মাৰি ৰক্ষা পৰিল প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ অসমকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ সভাপতি সলনিৰ সিদ্ধান্ত লৈছে বিজেপি হাইকামাণ্ডে৷ সেই সূত্ৰে মঙলবাৰে দেশৰ চাৰিখন ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড, তেলেংগানা আৰু পাঞ্জাব বিজেপিৰ নতুন সভাপতিৰ নাম ঘোষণা কৰা হয় যদিও এই তালিকাত সন্নিবিষ্টি নহ’ল অসমৰ নাম৷ যাৰ ফলত আৰু কিছুদিনলৈ হয়তো প্ৰদেশ বিজেপিৰ সভাপতি পদত থকাৰ সুযোগ পালে বিধায়ক ভৱেশ কলিতাই৷ কিন্তু কলিতাৰ ক্ষেত্ৰত এই সুখ কিমান দীঘলীয়া হয় তাৰ কোনো নিশ্চয়তা নাই৷ যিকোনো মুহূৰ্তত ঘোষিত হ’ব পাৰে অসম বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম৷ নিজৰ কাৰ্যকালত চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দিয়া সভাপতি কলিতাই আনকি দলৰ অভ্যন্তৰত সৃষ্টি হোৱা নেতা-কৰ্মীৰ ক্ষোভ-অসন্তোষ আদি পৰ্যন্ত নিৰাময় কৰাৰ ক্ষেত্ৰতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ বঙাইগাঁও, গোৱালপাৰা, যোৰহাট,  নলবাৰী আদি জিলাত দলীয় নেতাৰ মুকলি বিদ্ৰোহ পদত্যাগে ইতিমধ্যে দলৰ অভ্যন্তৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ দলীয় প্ৰশাসন নিয়াৰিকৈ চলোৱাত ব্যৰ্থ হোৱা ভৱেশ কলিতাৰ উত্তৰসূচী তেন্তে কোন হ’ব? আজিৰ তাৰিখত বাজপেয়ী ভৱনত এই প্ৰশ্নক কেন্দ্ৰ কৰি অব্যাহত আছে নানা জল্পনা কল্পনাৰ৷ বিজেপিৰ সূত্ৰৰ মতে লোকসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ ৰাজ্যিক সভাপতি পদত উজনী অসমৰ আহোম জনগোষ্ঠীৰ এজন নেতাক বহুৱাৰ ৰাজনৈতিক কৌশল গ্ৰহণ কৰিছে বিজেপি হাইকমাণ্ডে৷ এই ক্ষেত্ৰত বাচনিত উঠিছে মন্ত্ৰী যোগেন মহনৰ নাম৷ তুলনামূলকভাৱে নিকা ভাবমূৰ্তিৰ যোগেন মহন প্ৰদেশ বিজেপিৰ সভাপতি হ’লে তেওঁ মন্ত্ৰীপদ ত্যাগ কৰিব লাগিব৷ তেওঁৰ স্থানত সুশান্ত বৰগোহাইক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ ৰণকৌশল গ্ৰহণ কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই৷ আজিৰ তাৰিখত ড॰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত আহোম জনগোষ্ঠীৰ এজন শক্তিশালী মন্ত্ৰীৰ অভাব দল আৰু চৰকাৰে অনুভব কৰি আছে৷ যোগেন মহনে এইক্ষেত্ৰত আশানুৰূপ ফলাফল দিব পৰা নাই৷ মুখ্যমন্ত্ৰীৰ যথেষ্ট আস্থাভাজন হোৱাৰ পিচতো আহোম জনগোষ্ঠীৰ প্ৰভাবশালী নেতা হিচাপে এই পৰ্যন্ত নিজকে প্ৰক্ষেপ কৰাত ব্যৰ্থ হৈছে মন্ত্ৰী মহন৷ সেয়ে তেওঁৰ ঠাইত সুশান্ত বৰগোহাইক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি উজনী অসমত বিজেপিৰ প্ৰভাব অধিক বৃদ্ধিৰ ৰণকৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ উল্লেখ্য যে লোকসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি হাইকমাণ্ডে আজি চাৰিখন ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, পঞ্জাব আৰু ঝাৰখণ্ডৰ ৰাজ্যিক সভাপতি সলনি কৰে৷ ইয়াৰে দুখন ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত চলিত বৰ্ষতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ অন্ধ্ৰপ্ৰদেশত কেন্দ্ৰীয় মন্ত্ৰী জি কিষান ৰেড্ডী, তেলেংগানাত ডাওবট্টি পুৰন্দেশ্বৰী, পঞ্জাবত সুশীল কুমাৰ জাখাৰ আৰু ঝাৰখণ্ডত প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰণ্ডিক ৰাজ্যিক সভাপতি দায়িত্ব অৰ্পন কৰা হয়৷ এই যাত্ৰাত কথমপি ৰক্ষা পৰিলেও এই চাৰিখন ৰাজ্যৰ পিছত অসমতো যিকোনো মুহূৰ্তত প্ৰদেশ বিজেপিৰ সভাপতি সলনি নিশ্চিত হৈ পৰিছে৷