Logo
image

২০৩০ চনত ৰাষ্ট্ৰীয় ক্ৰীড়া অসমত, মুখ্যমন্ত্ৰীৰ ইংগিত

‘আমাৰ অসম’ৰ আমিনগাঁৱৰ প্ৰতিনিধি, ৫ জুলাইঃ ২০৩০ চনৰ ভিতৰত অসমত ৰাষ্ট্ৰীয় গেমছ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়ে  ইংগিত দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কালি কামৰূপ জিলাৰ আমিনগাঁৱৰ  ইনড’ৰ ষ্টেডিয়াম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰে৷ ৰাজ্যৰ আমিনগাঁও, চন্দ্ৰপুৰ আৰু সৰুসজাই ষ্টেডিয়ামত ৰাষ্ট্ৰীয় গেমছৰ ইভেণ্টসমূহ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে৷ আনহাতে, চন্দ্ৰপুৰত দিব্যাংগসকলৰ বাবে অত্যাধুনিক ষ্টেডিয়াম এখন নিৰ্মাণৰ কথাও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ প্ৰণিধানযোগ্য যে আমিনগাঁৱৰ ইনড’ৰ ষ্টেডিয়ামখন দেশৰ সৰ্ববৃহৎ বেডমিণ্টন ষ্টেডিয়াম হিচাপে সাজু কৰা হৈছে বুলিও এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ আন্তঃৰাষ্ট্ৰীয় তাৰকা বেডমিণ্টন খেলুৱৈ এই বেডমিণ্টন ষ্টেডিয়ামখনত থাকি অনুশীলন কৰাৰ সমান্তৰালভাৱে অনেক মেগা ইভেণ্টো অনুষ্ঠিত হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়ায়৷ উল্লেখ্য,এই ইনড’ৰ ষ্টেডিয়ামখন ১১ জুলাইত মুকলি কৰা হ’ব৷ আনফালে আমিনগাঁও ষ্টেডিয়াম কমপ্লেক্সতে বিশ্বমানৰ এক ছুইমিং পুল নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু এই ছুইমিং পুল নিৰ্মাণৰ অগ্ৰগতিৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে৷ প্ৰসংগক্ৰমে উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে ৰাজ্যত নতুন প্ৰশাসনিক সেৱাৰ দিশে আগবাঢ়িছে বুলিও উল্লেখ কৰে৷ কিছুদিনৰ পাছত উপায়ুক্ত কাৰ্যালয় ৰাজহ চক্ৰ কাৰ্যালয়ত জনসমাগম নাথাকিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰি ৰাজ্য চৰকাৰে ই-অফিচৰ কনচেপ্টেৰে আগবাঢ়িব ধৰিছে বুলিও জানিবলৈ দিয়ে৷ ৪ দিনত ৪জন আৰক্ষীক নিলম্বিত কৰা সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা ৫ বছৰত অসম আৰক্ষীক নিকা আৰক্ষী হিচাপে গঢ়ি তোলা হ’ব৷ উগ্ৰপন্থী দমনৰ ষ্টাইলত কাম কৰা অসম আৰক্ষীক গঢ়ি তোলা হ’ব জনহিত জনসেৱাৰ্থে৷ জনসাধাৰণৰ অধিক ওচৰ চাপি কাম কৰিব লাগিব অসম আৰক্ষীয়ে৷ ৬০-৭০হাজাৰ বিষয়া জোৱান থকা অসম আৰক্ষীত দুই-এটা ব্লেকষ্পট আছে আৰু সেয়া আঁতৰ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে হুংকাৰ প্ৰদান কৰে৷ আনহাতে, নতুন নিযুক্তি পোৱা বিষয়া-কৰ্মচাৰীসকল ঘোচখোৰ নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ঘোচ লৈ চাকৰি লোৱা বিষয়া-কৰ্মচাৰীসকল দুৰ্নীতিগ্ৰস্ত হয়৷ মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী উপস্থিত থাকে৷