Logo
image

গছপুলি ৰুই অভিলেখ স্থাপনৰ প্ৰাক্‌-মুহূৰ্তত দিছপুৰত বনধবংস

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাইঃ যি সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ২ অক্টোবৰ গান্ধী জয়ন্তীত ৰাজ্যত ১ কোটি গছপুলি ৰোপনেৰে অভিলেখ গঢ়াৰ সপোন দেখিছে, সেই সময়তে ৰাজ্যৰ আন প্ৰান্তৰ কথা বাদেই খোদ দিছপুৰতে চৰকাৰীভাৱে  অব্যাহত আছে ব্যাপক বনধবংস৷ চৰকাৰৰ কথা আৰু কামৰ পাৰ্থক্য দেখি বহুতে কোৱা-কুই কৰিছে– ‘হাতীৰ যেনেকৈ খোৱা দাঁত বেলেগ, দেখুওৱা দাঁত বেলেগ, তেনেকৈ যেন অসম চৰকাৰো দেখুওৱা কামো বেলেগ, কৰা কামো বেলেগ৷’ এহাতে পহিলা জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যত মহা ধুমধামেৰে উদ্‌যাপন কৰা হৈছে –‘বন মহোৎসৱ ২০২৩’৷  এইবাৰৰ বন মহোৎসৱৰ শ্লোগান হৈছে– ‘আহক আমি সকলোৱে গছপুলি ৰোপনেৰে বন মহোৎসৱ সপ্তাহটো উদ্‌যাপন কৰোঁ৷ গছপুলি ৰোপণৰ বাবে পুলিসমূহ বন বিভাগৰ পুলি  বাগানৰ পৰা সংগ্ৰহ কৰিব পাৰিব বুলিও বন বিভাগৰ তৰফৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰা হৈছে৷ পিছে ৰাজ্যত বন মহোৎসৱ চলি থকাৰ মাজতে কালি নিশাৰ আন্ধাৰত বিধায়ক আৱাসৰ বহু মূল্যবান গছ কাটি তহিলং কৰা হ’ল৷ বিধায়ক আবাসৰ যি স্থানত যোৱা নিশা কাটি তহিলং কৰা হ’ল প্ৰকাণ্ড প্ৰকাণ্ড গছ, সেই স্থানতে হেনো নিৰ্মাণ হ’ব এখন উদ্যান৷ কথাটো পোহৰলৈ অহাৰ পাছতে চৌদিশে হৈছে প্ৰতিক্ৰিয়া৷ পিছে যোৱা নিশাই যে দিছপুৰ আবাসত গছ কটা হৈছে এনে নহয়, যোৱা প্ৰায় এসপ্তাহ ধৰি নিশা বিধানসভাৰ চৌহদত থকা, আম, কঠাল, মজ আদি মূল্যবান কাটি থকা হৈছে৷ এনেদৰে বন ধবংসত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে৷ খোদ শাসকীয় বিজেপি দলৰ বিধায়ক মৃণাল শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এনেদৰে–‘এডালেই কাটক বা দুডালেই কাটক, গছ কটা দেখিলে মোৰ মনটো ভাল নালাগে আৰু সদায় গছ কটাত মই বিৰোধিতা কৰো৷ গছ কটা হৈছে সেই কাৰণে গুৱাহাটীৰ এয়াৰ কোৱালিটি বেয়া হৈছে৷ আমাৰ ইঞ্জিনিয়াৰসকলে কাম খৰ খেদাকৈ  কৰিবলৈ যাওতে বহু বচাব পৰা গছ কাটি পেলাইছে৷ উন্নয়ন কৰিবলৈ যাওতে গছ কটাটো অপৰিহাৰ্য হৈ পৰে৷ কিন্তু ইয়াকো আমাৰ টেকনিচিয়ানসকলে ইচ্ছা কৰিলে বচাব পাৰে৷’