Logo
image

জে’লৰ পৰাই নিজৰ মেনেজাৰৰ বিৰুদ্ধে গোচৰ ডাঃ সংগীতাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ জুলাইঃ  ধনৰ বিনিময়ত দুটিকৈ দেৱতুল্য সন্তানক অবৈধভাৱে ‘দত্তক’ লৈ যৌন শোষণ চলোৱা গুৱাহাটীৰ বিতৰ্কিত হাইপ্ৰফাইল দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলাম আইনৰ সুৰুঙাৰে বাছি যাব নেকি?– এই মুহূৰ্তত ই এক ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে৷ কিয়নো চিকিৎসক দম্পতীক দুটাকৈ পক্‌ছ’ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰাখিলেও কাৰাগাৰৰ ভিতৰৰ পৰাই গোচৰৰ পৰা ৰেহাই পোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ডাঃ সংগীতা আৰু          ডাঃ ৱালিউলে৷ পিতৃ-মাতৃৰ পৰিচয় দি মৰম দিয়াৰ নামত দেৱতুল্য শিশু দুটিৰ ওপৰত যৌন নিৰ্যাতন চলাই আসুৰিক তৃপ্তি লোৱা পাষাণ হৃদয়ৰ চিকিৎসক দম্পতীৰ ঘৃণনীয় কাৰ্যৰ সন্দৰ্ভত খোদ ভুক্তভোগী শিশু দুটিয়েই ভাষ্য প্ৰদান কৰাত ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে এতিয়া ব্যক্তিগত মেনেজাৰলৈ সমষ্ট দোষ ঠেলি গোচৰৰ পৰা মুক্ত হোৱাৰ পৰিকল্পনা ৰচিছে৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা চেলত ৯৫গৰাকী মহিলা-শিশুৰ সৈতে ডাঃ সংগীতা দত্তই বন্ধ কুঠৰীত দিন পাৰ কৰাৰ বিপৰীতে ডাঃ ৱালিউল ইছলামে ১৮২৭ কয়দী-হাজোতীৰ সৈতে জেনেৰেল ৱাৰ্ডত বন্দিত্বৰ জীৱন অতিবাহিত কৰিছে৷ কেন্দ্ৰীয় কাৰাগাৰত  বন্দী হৈ থাকিলেও হাইপ্ৰফাইল অধিবক্তা-ন্যায়িক বিষয়াৰ সৈতে মধুৰ সম্পৰ্ক থকা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই জামিন লাভ আৰু গোচৰৰ পৰা ৰেহাই পোৱাৰ স্বাৰ্থত কিদৰে মানসিক ৰোগীৰ ভাও লৈছে তাৰ সবিশেষ ইতিমধ্যে ‘আমাৰ অসম’ত প্ৰকাশ পাইছে৷ গ্ৰেপ্তাৰৰ আগলৈকে ব্যক্তিগত চিকিৎসালয়ত ৰোগীক মনোৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা প্ৰদান কৰি অহা ডাঃ সংগীতা দত্তই এতিয়া কাৰাগাৰত নিজেই মনোৰোগ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে নিয়মীয়াকৈ ঔষধো সেৱন কৰি আহিছে৷ কাৰাগাৰ কতৃৰ্পক্ষক অভিযুক্ত চিকিৎসকগৰাকীয়ে ডিপ্ৰেছনজনিত সমস্যাৰ বাবে বহু বছৰৰ পৰা ঔষধ সেৱন কৰি থকা বুলি দাবী কৰিলেও ডাঃ সংগীতা দত্তৰ মানসিক ৰোগক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ গোচৰটোৰ পৰা ৰেহাই পোৱাৰ বাবেই নিজকে মানসিক ৰোগী সজোৱাৰ বাবে কুটিল ষড়যন্ত্ৰ ৰচনা কৰাও বুলিও সন্দেহ কৰা হৈছে৷ ডাঃ সংগীতা দত্তই কেৱল নিজকে মানসিক ৰোগী হিচাপে প্ৰমাণ কৰিবলৈ উঠি পৰি লগাই নহয়, দেৱতুল্য শিশু দুটিক চলোৱা নিৰ্যাতনৰ দোষ ব্যক্তিগত মেনেজাৰ ৰিজু ৰয়লৈ ঠেলি নিজকে নিৰ্দোষী সজোৱাৰ বাবেও চেষ্টাৰ ত্ৰুটি কৰা নাই৷ সেই উদ্দেশ্যেৰে সংগীতা দত্তই কাৰাগাৰৰ পৰাই কতৃৰ্পক্ষৰ জৰিয়তে পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰিছে৷ ৩০ জুনত ডাঃ সংগীতা দত্তই আৰক্ষীক দাখিল কৰা এজাহাৰত শিশু দুটিক যৌন নিৰ্যাতন চলোৱা ঘটনাটো তেওঁলোকৰ মেনেজাৰ ৰিজু ৰয়ে সংঘটিত কৰা বুলি দাবী কৰিছে৷ সংগীতা দত্তই কাৰাগাৰ অধীক্ষকক দিয়া এজাহাৰখনৰ এটা কপি ইতিমধ্যে কতৃৰ্পক্ষই আৰক্ষী আয়ুক্তৰ জৰিয়তে পল্টনবজাৰ থানালৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন এটা কপি কাৰাগাৰ মহাপৰিদৰ্শকলৈ প্ৰেৰণ কৰিছে৷ পল্টনবজাৰ আৰক্ষীয়ে ডাঃ সংগীতা দত্তই দিয়া এজাহাৰখনৰ ওপৰত তদন্ত চলাই আছে যদিও এই মুহূৰ্তলৈ উক্ত এজাহাৰৰ ভিত্তিত কোনো গোচৰ পঞ্জীয়ন কৰা নাই বুলিও জানিবলৈ দিছে৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে চিকিৎসক দম্পতীয়ে শিশু দুটিক নিৰ্যাতন চলোৱাৰ দোষ নিজৰে মেনেজৰালৈ ঠেলি ৰেহাই পোৱাৰ পৰিকল্পনা কৰিছে নেকি? ইফালে কাৰাগাৰত ডাঃ সংগীতা দত্তই সোণাপুৰৰ পৰা অহা মনোৰোগ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা গ্ৰহণ কৰিলেও কাৰাগাৰ কতৃৰ্পক্ষই ডাঃ সংগীতাৰ মানসিক ৰোগৰ সন্দৰ্ভত আদালতক অৱগত কৰা নাই বুলি অভিযোগ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি কাৰাগাৰত বন্দী কোনো অভিযুক্তই মানসিক ৰোগৰ চিকিৎসা গ্ৰহণ কৰিলে কৰ্তৃপক্ষই আদালতক বিষয়টো অৱগত কৰিব লাগে৷ কিন্তু কাৰাগাৰ কতৃৰ্পক্ষই সংগীতা  দত্তৰ মানসিক ৰোগৰ চিকিৎসা সন্দৰ্ভত বৰ্তমানো আদালত অৱগত কৰা নাই বুলিও সংবাদ মাধ্যমক সদৰী কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ লক্ষণীয়ভাৱে চিকিৎসক দম্পতীৰ বিৰুদ্ধে প্ৰথমে কন্যা শিশুটিক ঘৰৰ চাদত বান্ধি থৈ শাৰীৰিক নিৰ্যাতন চলোৱা আৰু অবৈধ ‘দত্তক’ তথা¸ চাৰুগেচী বেপাৰৰ অভিযোগত পক্‌ছ’ আইনৰ ধাৰাত  ১৯৩/২০২৩ নম্বৰত এটা  গোচৰ ৰুজু কৰাৰ বিপৰীতে ল’ৰা সন্তানটোকো যৌন উৎপীড়নৰ অভিযোগত পক্‌ছ আইনৰ ধাৰাত ২০১/২০২৩ নম্বৰত দ্বিতীয়টো গোচৰ ৰুজু কৰিছিল পল্টনবজাৰ আৰক্ষীয়ে৷ কিন্তু প্ৰথমটো গোচৰত সোমবাৰে অভিযোগনামা দাখিল কৰে যদিও দ্বিতীয়টো গোচৰৰ বৰ্তমানো অভিযোগনামা দাখিল কৰা নাই৷ সোমবাৰে দাখিল কৰা প্ৰথমটো গোচৰৰ অভিযোগনামাত চিকিৎসক দম্পতীক হত্যাৰ চেষ্টাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰা, যৌন শোষণৰ বাবে শিশু সৰবৰাহৰ অভিযোগত ৩৭০[৫] ধাৰা, ১২ বছৰ অনূধবৰ্ৰ শিশু বলাৎকাৰৰ অভিযোগ ৩৭৬ [এ-বি] ধাৰা, ঠগ-প্ৰৱঞ্চনাৰ অভিযোগত ৪৬৫ ধাৰা, ভুৱা নথি-পত্ৰৰ অভিযোগত ৪৭১ ধাৰা, শিশুক যৌন নিৰ্যাতনৰ অভিযোগত পক্‌ছ’ আইনৰ ৬/১৭ ধাৰা,  জুভেনাইল জাষ্টিচ আইনৰ অধীনত ধনৰ বিনিময়ত নৱজাতক ক্ৰয়, বেআইনীভাৱে শিশু ‘দত্তক’ লোৱা, জন্মৰ ভুৱা নথি-পত্ৰ প্ৰস্তুতৰ অভিযোগত ৭৫/৮০/৮১ ধাৰাত অভিযুক্ত কৰা হৈছে৷ অভিযোগনামাখনত চিকিৎসক দম্পতীয়ে এক লাখ টকাৰ বিনিময়ত দালাল উৎপলা বসুৰ পৰা শিশু দুটিক ক্ৰয় কৰি ভুৱা জন্মৰ প্ৰমাণ-পত্ৰ প্ৰস্তুত কৰা বুলিও উল্লেখ আছে৷ তদুপৰি উক্ত   জন্মৰ ভুৱা প্ৰমাণ-পত্ৰৰ জৰিয়তে বিদ্যালয়ত শিশু দুটিক নামভৰ্তি কৰোৱাৰ কথাও সন্নিবিষ্ট আছে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালাল উৎপলা বসু আৰু চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা দুই মহিলাৰ ভাষ্যৰ লগতে ভুক্তভোগী শিশু দুটিয়ে চিআৰপিচিৰ অধীনত দিয়া ভাষ্যৰ মৰ্মে এই অভিযোগনামা প্ৰস্তুত কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে পল্টনবজাৰ আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিলেও চিকিৎসক দম্পতীৰ গোচৰটোৰ তদন্ত আজিলৈকে সম্পূৰ্ণ কৰিব নোৱৰাৰো অভিযোগ উঠিছে৷ শিশু দুটিক ক্ৰয় কৰাত মধ্যভোগীৰ ভূমিকা লোৱা উৎপলা বসু নামৰ এগৰাকী দালালক গ্ৰেপ্তাৰ কৰিলেও শিশু দুটিৰ পিতৃ-মাতৃৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল৷ শিশু দুটিৰ প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় লাভ কৰিলেও বিচাৰি উলিওৱাত ব্যৰ্থ হোৱাত আৰক্ষীৰ তদন্ত আধৰুৱা হৈ থাকিল৷ অৰ্থাৎ অবৈধ চাৰুগেচী বেপাৰৰ কোনো তথ্যই উদঘাটন কৰিবলৈ সক্ষম নহ’ল মহানগৰ আৰক্ষী৷ ফলত আধৰুৱা তদন্তৰে অৱশেষত গোচৰটোৰ অভিযোগনামা দাখিল কৰিলে তদন্তকাৰী আৰক্ষীয়ে৷