Logo
image

উজনিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক নিষিদ্ধ ঘোষণাঃ ৰূপজ্যোতি কুৰ্মীক 'জধামূৰ্খ' আখ্যা

ডিজিটেল সংবাদ, মাহমৰাঃ ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছতে সমগ্ৰ অসমতে এই খচৰাৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে কিছুদিনৰ পূৰ্বে শিৱসাগৰ বিধান সভা সমষ্টিটোত পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যথেষ্ট আসোঁৱাহ সৃষ্টি হোৱাৰ প্ৰতিবাদত কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে একেলগে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এখন ফটোগ্ৰাফ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যত শাসকীয় দলে আৰম্ভ কৰিছে 'তিনি গগৈ'ক কেন্দ্ৰ কৰি বোকা ছটিওৱা ৰাজনীতি। ইয়াৰ মাজতে ৪ জুলাইত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰম তাচ্ছিল্য কৰি 'তিনি গগৈ' কি, পাঁচ হাজাৰ গগৈ আহিলেও আমাৰ চৰকাৰক একো কৰিব নোৱাৰে' বুলি দম্ভালি মৰাৰ পিছতে এইবাৰ কেবিনেট মন্ত্ৰীগৰাকীক উভতি ধৰিছে উজনি অসমৰ টাই আহোম জনগোষ্ঠীৰ অন্যতম শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদ চমুকৈ 'টাইপা'ই। 

'টাইপা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় চন্দ্ৰ ৰাজকোঁৱৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিগত কিছুদিন ধৰি 'গগৈ' উপাধিক লৈ বহুকেইজন ৰাজনৈতিক নেতাই চৰম তুচ্ছ-তাচ্ছিল্য কৰি আহিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত শিৱসাগৰত যি আন্দোলন কিছুদিনৰ পূৰ্বে হৈছিল, উক্ত আন্দোলনত তিনিটা ৰাজনৈতিক দলে অংশ গ্ৰহণ কৰিছিল । আন্দোলনত কেৱল গগৈ উপাধিধাৰী ব্যক্তি নাছিল, য'ত নেকি বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ দৰে ৰাজনৈতিক নেতাও উপস্থিত আছিল। কিন্তু কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 'গগৈ'ক লৈ যি মন্তব্য কৰিছে, ইয়াৰ দ্বাৰা উজনি অসমৰ আহোম জনগোষ্ঠীটোক ক্ষোভিত কৰি তুলিছে। কিয়নো ২০১৬ আৰু ২০২১ চনৰ বিধান সভা নিৰ্বাচনত উজনিৰ অসমৰ আহোম জনগোষ্ঠীৰ ভোট লাভ কৰিয়েই বিজেপি দলে দিছপুৰত চৰকাৰ গঠন কৰিছে। তেনেস্থলত 'গগৈ' উপাধিধাৰী আহোম জনগোষ্ঠীক লৈ কেবিনেট মন্ত্ৰীজনে কৰা তুচ্ছ-তাচ্ছিল্যৰ বিষয়টো 'টাইপা'ই কেতিয়াও সহ্য নকৰে। অতি শীঘ্ৰে কেবিনেট মন্ত্ৰীজনক উজনি অসমৰ আহোম জনগোষ্ঠীৰ ওচৰত নিঃচৰ্তভাৱে ক্ষমা খোজাৰ দাবী জনাই 'টাইপা'ৰ সভাপতি বিজয় চন্দ্ৰ ৰাজকোঁৱৰে। অন্যথা উজনি অসমত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰৱেশত সংগঠনটোৱে তীব্ৰ বাধা প্ৰদান কৰিব আৰু ইয়াৰ দ্বাৰা শাসকীয় চৰকাৰখন সমাগত নিৰ্বাচনত উজনি অসমত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি 'টাইপা'ৰ সভাপতিগৰাকীয়ে হুংকাৰ প্ৰদান কৰিছে ৷ 

আনহাতে, ছশ বছৰীয়া আহোম ৰাজত্বৰ আহোম জনগোষ্ঠীৰ পবিত্ৰ হেংদাঙখন মৰিয়নি বিধানসভা সমষ্টিৰ শাসকীয় দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে নিৰ্মাণ কৰা বুলি ঘোষণা কৰা কাৰ্যত 'টাইপা’ৰ সভাপতিজনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ইতিহাসৰ জ্ঞান নথকা বিধায়ক ৰূপজ্যোতি কুৰ্মীক 'জধামূৰ্খ' আখ্যা দি  'টাইপা'ৰ সভাপতিজনে কয় যে আহোম জনগোষ্ঠীয়ে হাজাৰ হাজাৰ বছৰ ধৰি এই পবিত্ৰ হেংদাঙখন ব্যৱহাৰ কৰি আহিছে৷ ৰূপজ্যোতি কুৰ্মীৰ দৰে ইতিহাসৰ সামান্যতমো জ্ঞান নথকা ব্যক্তিয়ে আহোম জনগোষ্ঠীৰ এক পৰিচয় 'হেংদাং’খনক ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে নিৰ্মাণ কৰা বুলি যি উদ্ভদ মন্তব্য কৰিছে, এনে মন্তব্যই আহোম জনগোষ্ঠীটোক ক্ষোভিত কৰি তুলিছে৷ বিধায়কজনক আহোম বুৰঞ্জী অধ্যয়ন কৰিবৰ বাবে পৰামৰ্শ দিয়াৰ লগতে আহোম জনগোষ্ঠীৰ পবিত্ৰ হেংদাঙক লৈ যাতে ভৱিষ্যতে যাতে এনে সস্তীয়া ৰাজনীতি নকৰে তাৰ বাবে 'টাইপা’ৰ সভাপতিজনে সকিয়াই দিয়ে৷