Logo
image

ঘৰে ঘৰে হিতাধিকাৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাইঃ কোনো লুক-ঢাক নকৰাকৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ ঘোষণা কৰি আহিছে– ‘ৰাজ্যৰ বিজেপি চৰকাৰৰ লক্ষ্যই হৈছে হিতাধিকাৰী সৃষ্টি কৰা৷ হিতাধিকাৰী সৃষ্টি কৰিম বুলিয়েই আমি চৰকাৰত আহিছোঁ৷’ ভোটৰ অংকত হিতাধিকাৰী সৃষ্টি কৰা তথা হিতাধিকাৰীক পোহপাল দিয়াৰ বাবেই চৰকাৰে মাত্ৰ দুবছৰীয়া কাৰ্যকালতে ৪৫ হাজাৰ কোটিৰো অধিক  ঋণ লোৱা বুলি বিৰোধীয়ে হূলস্থূল কৰিলেও নিৰ্লিপ্ত-নিৰ্বিকাৰ ৰাজ্যৰ বিজেপি চৰকাৰে নিত্য নতুন হিতাধিকাৰী আঁচনি ঘোষণা কৰি গৈয়ে আছে৷ কাৰ্যতঃ ২০২৪ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি যেন ৰাজ্যত হিতাধিকাৰী সৃষ্টিৰ ধুম উঠিছে৷ আজিও ৰাজ্যিক কেবিনেটৰ বৈঠকে অৰুণোদয়ত ৭ লাখ নতুন হিতাধিকাৰীৰ বাবে মাহে ১২৫০ টকাকৈ মুঠ ৮৭৫ কোটিটকাৰ অনুমোদন দিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে ৰাজ্যত অৰুণোদয় হিতাধিকাৰী ২৭ লাখ ৭৭ হাজাৰলৈ [প্ৰায় ২৮ লাখ] বৃদ্ধি কৰা হ’ব৷ ১০ লাখ আৰু নতুন অৰুণোদয় হিতাধিকাৰী সৃষ্টি কৰা হ’ব৷ অৰুণোদয় হিাধিকাৰীৰ ধন ১৪০০ টকালৈ বৃদ্ধি কৰা হ’ব৷ বৰ্তমান অৰুণোদয়ৰ বাবেই ৰাজকোষৰ পৰা ব্যয় হ’ব বছৰি ৪০০ কোটি টকা৷ ইন্দিৰা মিৰি বিধৱা আঁচনি, দীনদয়াল দিবাংগ আঁচনিক অৰুণোদয়ৰ সৈতে চামিল কৰা হ’ব৷ ৰাজ্যৰ ৩ লাখ ২৭ হাজাৰ মহিলা আত্মসহায়ক গোটৰ ৩৬ লাখ মহিলাক গাইগুটিয়াকৈ প্ৰথম পৰ্যায়ত ৰ হাজাৰ আৰু পৰৱৰ্তী পৰ্যায়ত ১০ হাজাৰকৈ টকা দিয়া হ’ব৷ ৫০,০০০ টকালৈ মহিলা আত্মসহায়ক গোটৰ সুদসহ সমুদায় মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ’ব৷ ইফালে, সৰুসজাইত বিহুৰ বিশ্বৰেকৰ্ডত ভাগ লোৱা ১১,৩০৪গৰাকী বিহুৱা-বিহুৱতীকো হিতাধিকাৰী বুলিয়েই গণ্য কৰিছে ৰাজ্য চৰকাৰে৷ এই বিহুৱা-বিহুৱতীসকলক প্ৰথম পৰ্যায়ত ১০ হাজাৰ আৰু অলপতে ২৫ হাজাৰ টকাৰ মাননি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷ পুনৰ ২৫ হাজাৰ বিহুৱা-বিহুৱতীৰে ৩০০ কোটি টকা ব্যয়েৰে দিল্লীত বিহুৰ ৰেকৰ্ড গঢ়াৰ সপোন দেখিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ ১৯ লাখ হিতাধিকাৰীক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদানৰ পাছত এইবাৰ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ জৰিয়তে প্ৰতিজন দুখীয়া গৃহহীনক ঘৰ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ মজুৰী ক্ষতিপূৰণ ১২,০০০ টকাৰ পৰা ১৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে. চাহ বাগিচাৰ মহিলা আত্মসহায়ক গোটলৈ সুকীয়াকৈ ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰা হৈছে৷ কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰীলৈ হোষ্টেলৰ খৰচ, মাহেকীয়া হাত খৰচ, মেধাৱীলৈ ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটী প্ৰদান, দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীলৈ মাচুল ৰেহাই, বুক গ্ৰাণ্ট, ৰাজ্যৰ ২ লাখ নিবনুৱালৈ ১ লাখ টকাৰ অনুদান আদিৰ দৰে লোভনীয় আঁচনি ঘোষণা কৰা হৈছে৷ এনেদৰে চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ পৰিসৰ দিনক দিনে ইমানেই ব্যাপ্ত হৈছে যে এক কথাত ক’বলৈ ৰাজ্যৰ ঘৰে ঘৰে এতিয়া হিতাধিকাৰীৰ ভাগৰ অংশ গৈ পাইছেগৈ৷ লক্ষণীয় ৰাজ্যৰ শেহতীয়া ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪১,১১,৭৪৩জন৷ ইয়াৰে ১,১৯,৮২,৪০৪গৰাকী মহিলা ভোটাৰ আৰু ১,২১,২৮,৫৪৩জন পুৰুষ ভোটাৰ৷ ভোটাৰৰ এক বৃহৎ অংশই মহিলা আৰু যুৱতী তথা যুৱ প্ৰজন্ম৷ আনহাতে, অৰ্থনৈতিক আৰু পৰিসংখ্যাৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ ঘৰৰ সংখ্যা হৈছে ৬৪,১৬,৪৭১টকা৷ সেই সূত্ৰে কেৱল অৰুণোদয়ৰ ২৮ লাখ হিতাধিকাৰী আৰু মহিলা আত্মসহায়ক গোটৰ ৩৬ লাখ মহিলাক লৈয়ে ৬৪ লাখ ঘৰত আঁচনিৰে স্পৰ্শ কৰিছে৷ বিজেপি চৰকাৰে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে এনেদৰে হিতাধিকাৰী আঁচনিৰ নামত প্ৰায় ১০ হাজাৰ কোটি টকাৰ নগদ ধন বিতৰণৰ লক্ষ্য লৈছে৷ বিত্ত বিভাগৰ সূত্ৰই জনোৱা মতে ২৮ লাখ অৰুণোদয় হিতাধিকাৰীৰ ধন ১,৪০০ টকালৈ বৃদ্ধি কৰিলে বছৰি ৰাজকোষৰ পৰা ব্যয় হ’ব ৩৪২০ কোটি টকা৷ মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনত নিবনুৱাক ২ লাখকৈ টকা দিলে ৰাজকোৰ পৰা তিনি বছৰত ব্যয় হ’ব ৫,০০০ কোটি টকা৷

এক লাখ নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আন এক দৃঢ় খোজ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সাহসীক সিদ্ধান্ত আৰু কৰ্তব্যনিষ্ঠাৰ ফলস্বৰূপে অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলৰ মুখত হাঁহি বিৰিঙিছেঃ ডাঃ পেগু 

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ ৰলাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই জনতা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্ছ শিক্ষাৰ অধীনত ৯৪ গৰাকী সহকাৰী অধ্যাপক, ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানৰ অধীনত ১০গৰাকী প্ৰবক্তা আৰু ২ গৰাকী পাঠ লেখকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে৷ অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে আগতে আমাৰ কিছু লাহে ধীৰে কাম কৰাৰ এক প্ৰৱণতা আছিল কিন্তু এতিয়া সেই প্ৰৱণতা আমাৰ মাজত নাই যাৰ ফলস্বৰূপে নতুন শিক্ষা নীতি প্ৰবৰ্তনৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে এক উল্লেখনীয় উদাহৰণ দাঙি ধৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে আমি এতিয়া আনক লক্ষ্য কৰি চলা সময় নহয় তাৰ পৰিৱৰ্তে প্ৰত্যাহ্বান নেওচি আমি শীৰ্ষত উপনীত হ’ব লাগিব৷ ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে শিক্ষা বিভাগে প্ৰণালীবদ্ধ ভাৱে বিভাগটোক টনকিয়াল কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ তেওঁ নতুনকৈ নিযুক্তি প্ৰাপ্ত যুৱক-যুৱতী সকলক উদ্দেশ্যে কয় যে জ্ঞানে হৈছে এক ডাঙৰ শক্তি যাৰ প্ৰয়োগেৰে তেওঁ প্ৰতি গৰাকী নিযুক্তি প্ৰাপ্ত যুৱক যুৱতীক সমাজ আৰু দেশৰ স্বাৰ্থত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় আৰু তেওঁলোকৰ নতুন কৰ্ম-জীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷ উক্ত অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড॰ ননীগোপাল মহন্ত, অতিৰিক্ত মুখ্য সচিব বিশ্ব ৰঞ্জন সামাল আৰু সচিবদ্বয় নাৰায়ন কোঁৱৰ, বনশ্ৰী নাথ প্ৰমুখ্যে অন্যান্য জ্যেষ্ঠ বিষয়াসকল আৰু বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ সকল উপস্থিত থাকে৷