Logo
image

এইপৰ্যন্ত চিকিৎসক দম্পতীৰ অনুজ্ঞা-পত্ৰ বাতিলৰ ব্যৱস্থাই কৰা নাই আৰক্ষীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ জুলাইঃ তোলনীয়া সন্তানক যৌন নিৰ্যাতনৰ গোচৰ অভিযুক্ত চেলিব্ৰেটী মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তই এতিয়া কাৰাগাৰত মানসিক ৰোগৰ চিকিৎসা গ্ৰহণ কৰা কাৰ্যই চিকিৎসকগৰাকীয়ে মেডিকেল এথিক্‌ছ ভংগ কৰি দীৰ্ঘদিনে ৰোগীক চিকিৎসা আগবঢ়াই অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ নিজেই মানসিক ৰোগী হৈয়ো গ্ৰেপ্তাৰৰ এদিন আগলৈকে নিয়মীয়াকৈ মনোৰোগ বিশেষজ্ঞ হিচাপে বিভিন্ন ৰোগীক চিকিৎসা চলোৱা ঘটনাই চিকিৎসকগৰাকীয়ে নীতিবিৰুদ্ধ কাৰ্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত ডাঃ সংগীতা দত্তৰ চিকিৎসকৰ   অনুজ্ঞাপত্ৰ ৰদ কৰাৰ বাবেও সৰ্বত্ৰ দাবী উঠিছে৷ ধনৰ বিনিময়ত দুটিকৈ নৱজাতক দেৱতুল্য শিশুক ক্ৰয় কৰি সন্তানৰ পৰিচয় দি ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে কিদৰে যৌন উৎপীড়নৰ দৰে জঘন্য কাৰ্য সংঘটিত কৰিছিল সেই সন্দৰ্ভত সাংবাদ মাধ্যমত ইতিমধ্যে সবিস্তাৰে প্ৰকাশ পাইছে৷ বিকৃত মানসিকতাৰ চিকিৎসক দম্পতীয়ে শিশু দুটিৰ গুপ্তাংগত গৰম পানী ঢালি দিয়াৰ লগতে গৰম ইষ্ট্ৰী লগাই আসুৰিক তৃপ্তি লোৱাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আনিছিল তদন্তকাৰী আৰক্ষীয়ে৷ জিএমচিএইচৰ মেডিকেল ব’ৰ্ডে শিশু দুটিৰ গুপ্তাংগৰ আঘাত পৰীক্ষা কৰি যৌন নিৰ্যাতনৰ তথ্য প্ৰকাশ কৰাৰ লগতে ডিএনএ পৰীক্ষাও সম্পন্ন কৰিছিল৷ সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে চিহ্নিত চিকিৎসক দম্পতীয়ে দেৱতুল্য শিশু দুটিৰ সৈতে সংঘটিত কৰা জঘন্য কাৰ্য দৃষ্টিগোচৰ হোৱাত তদন্তকাৰী আৰক্ষীক শিহৰিত কৰি তোলাই নহয়, খোদ গুৱাহাটী আৰক্ষী আয়ুক্তই অভিযুক্ত চিকিৎসক দম্পতীৰ অনুজ্ঞাপত্ৰ বাতিলৰ ব্যৱস্থা হাতত ল’ব বুলিও সংবাদ মাধ্যমক সদৰী কৰিছিল৷ চিকিৎসক দম্পতীয়ে শিশু দুটিক যৌন উৎপীড়ন চলোৱাই নহয়, ডাঃ সংগীতা দত্তই নিজেই মানসিক ৰোগৰ ঔষধ সেৱন কৰাৰ পাছতো আন মানসিক ৰোগীক মনোৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা চলাই থকা নীতিবিৰুদ্ধ কাৰ্যও শেহতীয়াকৈ উন্মোচন হৈছে৷ মেডিকেল এথিক্‌ছ উলংঘনেৰে বিভিন্নজন মানসিক ৰোগীক চিকিৎসা প্ৰদানৰ নামত ডাঃ সংগীতা দত্তই ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা কাৰ্য পোহৰলৈ অহাত ৰোগী আৰু আন আন চিকিৎসকসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ডাঃ সংগীতাই চিকিৎসা প্ৰদান কৰা ৰোগী তথা পৰিয়ালৰ লোকসকল এতিয়া স্বাভাৱিকতেই আতংকিত হৈ পৰিছে৷ সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত থকা ডাঃ সংগীতা দত্তই কাৰাগাৰত মনোৰোগ বিশেষজ্ঞৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি নিতৌ ঔষধ সেৱন কৰি আহিছে৷ সোণাপুৰৰ পৰা প্ৰতি সপ্তাহে অহা মনোৰোগ বিভাগৰ চিকিৎসকে চিকিৎসা প্ৰদান কৰিছে সংগীতা দত্তক৷ আনকি সংগীতা দত্তই কাৰাগাৰ কতৃৰ্পক্ষৰ আগতো দীৰ্ঘদিনৰে পৰা নিয়মীয়াকৈ মানসিক ৰোগৰ ঔষধ সেৱন কৰি অহা বুলিও সদৰী কৰিছে৷ সংগীতা দত্তৰ এই ভাষ্যই স্পষ্ট কৰিছে যে তেওঁ এগৰাকী মানসিক ৰোগী৷ চিকিৎসাজনিত আইন অনুসৰি মানসিক ৰোগত ভুগি ঔষধ সেৱন কৰি থকা চিকিৎসকে আন ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাত বাধা আছে৷ কিয়নো তেনে চিকিৎসকৰ সামান্য এটা ভুল ঔষধৰ বাবে ৰোগীৰ প্ৰাণ পৰ্যন্ত যাব পাৰে৷ সেয়েহে তেনে চিকিৎসকে সেৱা আগবঢ়োৱাত নিষেধাজ্ঞা আছে৷ ইয়াৰ পাছতো যদি কোনো চিকিৎসকে সেৱা আগবঢ়াই তাক অপৰাধ হিচাপে গণ্য কৰা হয়৷ ৰাজ্যিক মেডিকেল কাউন্সিলে মানসিক ৰোগত আক্ৰান্ত চিকিৎসকৰ অনুজ্ঞা-পত্ৰ বাতিল কৰিব পাৰে৷ আশ্চৰ্যজনক কথাটো হৈছে ডাঃ সংগীতা দত্তই গ্ৰেপ্তাৰৰ আগলৈকে নিজেই মানসিক ৰোগৰ ঔষধ সেৱন কৰিয়েই বিভিন্ন ৰোগীক মনোৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা প্ৰদান কৰিছিল যদিও এতিয়া তেওঁৰ গোপনে ৰখা বিষয়টো উন্মোচন হোৱাৰ পাছতো তদন্তকাৰী আৰক্ষীয়ে ডাঃ সংগীতা দত্তৰ লগতে ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে ৰাজ্যিক চিকিৎসা পৰিষদত কোনো আনুষ্ঠানিক অভিযোগ দাখিল কৰা নাই৷ মেডিকেল এথিক্‌ছ উলংঘন কৰা চিকিৎসকগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ চিকিৎসক দম্পতীৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ ধাৰাত দুটাকৈ গোচৰ পঞ্জীয়ন হৈ আছে যদিও ন্যায়ালয়ে অভিযুক্তদ্বয়ক জামিন দিলে মানসিক ৰোগত ভুগি থকা ডাঃ সংগীতা দত্তই পুনৰ যে মনোৰোগ বিশেষজ্ঞ হিচাপে কোনো নাৰ্ছিংহোমতকৈ গৈ ৰোগীক চিকিৎসা প্ৰদান নকৰিব তাক কোনে নিশ্চয়তা দিব বুলিও প্ৰশ্ন উঠিছে৷