Logo
image

সোণ-ৰূপ নহয়, চোৰৰ টাৰ্গেট পকা বিলাহী

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত বিলাহীৰ দাম বৃদ্ধি পাইছে৷ দেশৰ বহুকেইখন ৰাজ্যত বিলাহীৰ দাম প্ৰতিকিলোত ১৫০ টকাৰো অধিক হৈছে৷ বিলাহীৰ আকাশলংঘী দামবৃদ্ধিৰ বাবে বাৰ্গাৰ বনোৱা বহু কোম্পানীয়ে বাৰ্গাৰৰ পৰা বিলাহী আঁতৰোৱা আৰম্ভ কৰিছে৷ আনহাতে এতিয়া চোৰৰ টাৰ্গেট হৈ পৰিছে পকা পকা বিলাহী৷ বিলাহীৰ বৰ্ধিত দামে জনসাধাৰণক মাধমাৰ শোধোৱাৰ সময়তে কৰ্ণাটকত পথাৰৰ পৰাই বিলাহী চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলা কৃষকে জনোৱা মতে, চোৰে পথাৰৰ পৰা মুঠ ২.৫ লাখ টকাৰ বিলাহী চুৰি কৰিছে। ধৰাণী নামৰ মহিলা কৃষকগৰাকীয়ে ঘটনা সন্দৰ্ভত হালেবিদু আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। 

মহিলা কৃষকগৰাকীয়ে জনোৱা মতে, ৪ জুলাইৰ নিশা পথাৰৰ পৰাই ২.৫ লাখ টকাৰ বিলাহী চুৰি হৈছিল। তেওঁলোকে বিলাহী বজাৰত বিক্ৰীৰ বাবে নিবলৈ প্ৰস্তুতি চলাই আছিল। তেওঁ জনোৱা মতে, বিগত বৰ্ষৰ তুলনাত এইবাৰ তেওঁ কৰা খেতিত বিলাহীৰ উৎপাদন যথেষ্ট ভাল হৈছে আৰু বেংগালুৰুৰ বজাৰত প্ৰতিকিলো বিলাহীৰ দাম হৈছে ১২০ টকা। যাৰ বাবে তেওঁ বিলাহী বিক্ৰী কৰি ভাল উপাৰ্জন কৰিব বুলি আশা কৰিছিল৷

তদুপৰি মহিলা কৃষকগৰাকীয়ে জনোৱা অনুসৰি, তেওঁ কৰা বীনৰ খেতিত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল৷ যাৰ বাবে তেওঁ ঋণ ল'বলগীয়া অৱস্থাৰো সৃষ্টি হৈছিল৷ কিন্তু শেহতীয়াকৈ বজাৰত বিলাহীৰ দাম বৃদ্ধি পোৱাৰ বাবে বিলাহী খেতিৰ দ্বাৰা ভাল উপাৰ্জন কৰিব বুলি তেওঁ আশাবাদী আছিল৷ কিন্তু এই আশাত চেঁচা পানী ঢালিলে চোৰে৷ কেৱল বিলাহী চুৰি কৰাই নহয়, খেতিও অনিষ্ট কৰি থৈ গ'ল চোৰে৷