Logo
image

শিক্ষানুষ্ঠানত আছু নিষেধ শিক্ষকৰ টিউচনো নিষিদ্ধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাইঃ ৰাজ্যৰ কোনো দল-সংগঠনে এতিয়াৰে পৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠদান চলি থকাৰ সময়ত বিদ্যালয়ৰ পৰা ওলাই লৈ গৈ ধৰ্ণা-প্ৰতিবাদ-বিক্ষোভ আদি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰিব৷ ধৰ্ণা-বিক্ষোভ-প্ৰতিবাদৰ বাবে পাঠদান ক্ষতি কৰি বিদ্যালয় ছুটি দিব নোৱাৰিব প্ৰধান শিক্ষকে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত শিক্ষা বিভাগে প্ৰস্তুত কৰা স্কুল ৰুল বুকত সন্নিবিষ্ট কৰা হৈছে এনে কেতবোৰ নীতি-নিৰ্দেশনা৷ উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে বহু ছাত্ৰ সংগঠনৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক পাঠদান ক্ষতি কৰাই বিদ্যালয়ৰ পৰা ওলাই লৈ আহি ৰাজপথত ধৰ্ণা-বিক্ষোভ আন্দোলন আদিৰ দৰে কাৰ্যত ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে– বিশেষতঃ শাসকপক্ষৰ পৰা৷ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আছুৰ দৰে দল-সংগঠনে নিজৰ প্ৰতিবাদী কাৰ্যসূচীত ব্যৱহাৰৰ অনুমতি বিদ্যালয় কতৃৰ্পক্ষৰ পৰা লাভ নকৰাৰ বিপৰীতে চৰকাৰী বিদ্যালয়ৰ পৰা এনে অনুমতি সহজে লাভ কৰা বুলিও সততে অভিযোগ উত্থাপিত হৈ আহিছে৷ আনকি শাসকীয় দলে এই ক্ষেত্ৰত আছুক প্ৰত্যাহ্বানো জনাই আহিছে যে পাৰে যদি আছুৱে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক নিজৰ কাৰ্যসূচীত ব্যৱহাৰ কৰি দেখুওৱাক৷ এনেবোৰ অভিযোগ প্ৰতিঅভিযোগৰ মাজতে শিক্ষা বিভাগে প্ৰস্তুত কৰি উলিয়ালে স্কুল ৰুল বুক৷ এতিয়াৰে পৰা প্ৰতিজন প্ৰধান শিক্ষকে মানি চলিব লাগিব এই ৰুল বুক৷ এই ৰুল বুক মতে পৰিচালনা কৰিব লাগিব বিদ্যালয়৷ ইয়াৰ অন্যথা জবাবদিহী হ’ব লাগিব প্ৰধান শিক্ষকজনে৷ এই ৰুল বুক অনুসৰি কোনো ক্ষেত্ৰত উদ্ধৰ্তম কতৃৰ্পক্ষৰ অনুমতি অবিহনে বিদ্যালয়ৰ প্ৰধান শিক্ষকে কোনো দল-সংগঠন, ব্যক্তি বিশেষক বিদ্যালয় চৌহদত সভা সমিতি বা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি দিব নোৱাৰিব৷ প্ৰধান শিক্ষকে নিজৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিবাদ, ধৰ্ণা কাৰ্যসূচীত অংশ ল’বলৈ অনুমতি দিব নোৱাৰিব৷ নিজে শিক্ষকতা কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষকে ব্যক্তিগত টিউচন কৰিব নোৱাৰিব৷ শিক্ষকে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য দিব নোৱাৰিব৷ কোনো ব্যক্তি বিশেষ, পৰিয়াল বা দল-সংগঠনক বিদ্যালয়ৰ কোনো আচবাব ব্যৱহাৰৰ বাবে দিব নোৱাৰিব৷ লক্ষণীয়ভাৱে ৰাজ্য চৰকাৰে এই ৰুল বুক প্ৰস্তুত কৰি মূলতঃ আছুৰ দৰে ছাত্ৰ সংগঠনক যেন শিক্ষানুষ্ঠানত প্ৰৱেশ নিষিদ্ধহে কৰিব বিচাৰিছে৷ ৰুল বুকে অসমৰ বিধবস্ত চৰকাৰী শিক্ষা ব্যৱস্থাক কিদৰে ঠন ধৰি উঠাত সহায় কৰিব সেয়া সময়েহে ক’ব৷ শিক্ষা বিভাগে দীৰ্ঘদিন ধৰি অনুষ্ঠিত কৰি অহা গুণোৎসৱৰ দৰে কাৰ্যসূচীয়ে চৰকাৰী বিদ্যালয়ৰ পূৰ্বৰ জয় যাত্ৰা এই পৰ্যন্ত উভতাই অনাত সফল হ’ব পৰা নাই৷ স্কুল ৰুল বুক সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়– ৯ বজাত বিদ্যালয়ৰ মূল গেট বন্ধ হ’ব লাগিব৷ আমাৰ বিদ্যালয়সমূহৰ বাবে ৰুল বুক নাছিলে৷ বিদ্যালয় এখন পৰিচালনাৰ নিয়ম সন্নিবিষ্ট কৰি এই ৰুল বুকখন প্ৰস্তুত কৰা হৈছে৷ বহু সময়ত কোনোবা সংগঠনৰ অধিৱেশন আদিৰ কাৰণে বিদ্যালয়ক শিবিৰ হিচাপে ব্যৱহাৰ কৰে৷ ডেক্স-বেঞ্চৰ কোনো দায়িত্ব নলয়৷ ভাঙি থৈ গুচি যায়৷ ফলত সেইখিনি নষ্ট হয়৷ ভিতৰুৱা গাঁৱত কেতিয়াবা এইবিলাক বাহিৰলৈও উলিয়াই লৈ যায়৷ এইবিলাক নিয়ন্ত্ৰিত ব্যৱস্থাৰ মাজেদি আনিবলৈ বিদ্যালয় বিধি প্ৰস্তুত কৰা হৈছে৷ সকলোকে শৃংখলাবদ্ধ কৰাৰ কাৰণে এইখন প্ৰস্তুত কৰা হৈছে৷ বিদ্যালয়খনে ধৰ্ণাৰ কাৰণে ছুটি দিব নোৱাৰে৷ যাৰ প্ৰতিবাদ কৰিবলগীয়া আছে তেওঁলোকে প্ৰতিবাদ কৰক৷ কিন্তু ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ অহাৰ পাচত প্ৰধান শিক্ষকে ছুটি দি বা বিদ্যালয়খন বন্ধ কৰি কাকো কোনো সভা সমিতিত যোগদান কৰাৰ কাৰণে বা বেলেগ কাৰ্যসূচীলৈ পঠিয়াব নোৱাৰে৷ বিদ্যালয় এখন সময়সূচী অনুসৰি চলিব লাগিব৷ শ্ৰেণী আৰম্ভ হোৱাৰ পাচত কোনো সভা বা ধৰ্ণা বা বাহিৰা কাৰ্যসূচীত যোগদান কৰাৰ কাৰণে বিদ্যালয় এখন ছুটি দিব নোৱাৰিব প্ৰধান শিক্ষকে৷ প্ৰধান শিক্ষকেও শিক্ষকতাৰ অনুশীলন অব্যাহত ৰাখিব লাগিব৷ স্কুলত নপঢ়াই টিউচনত পঢ়োৱাব নোৱাৰিব শিক্ষকে৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক জবাবদিহী হ’বলগীয়া হ’ব এতিয়াৰ পৰা নিয়ম উলংঘাৰ কাৰণে৷ ইতিমধ্যে কেবিনেটে এই ৰুল বুকক অনুমোদন জনাইছে৷ ১৫ দিনৰ ভিতৰত বিদ্যালয়সমূহে ইয়াক লাভ কৰিব৷ বিদ্যালয়সমূহ দৈনন্দিন পৰিচালনাৰ বাবে ২৬ টা নীতি-নিৰ্দেশনা যুগুত কৰি উলিওৱা হৈছে এই ৰুল বুকৰ বাবে৷