Logo
image

অভিযোগ আহিলেই হেৰাব পাৰে চাকৰি, আৰক্ষীক সকীয়াই দিলে ডিজিপিয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জুলাইঃ খাকী পোছাকৰ সন্মান লাঘৱ কৰিলেই চাকৰি হেৰুৱাবলগীয়াত পৰিব অসম আৰক্ষী বিষয়া-জোৱান৷  আৰক্ষীৰ খাকী পোছাকৰ সন্মান হানিক লৈ এই কঠোৰ স্থিতি গ্ৰহণৰ হুংকাৰ দিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷ দুৰ্নীতিগ্ৰস্ত-ঘোচখোৰ বিষয়া-জোৱানৰ পৰা আৰম্ভ কৰি লম্পট চৰিত্ৰৰ আৰক্ষী বিষয়ালৈ একাংশ আৰক্ষীয়ে এতিয়া নাক-কাণ  কাটিছে স্মাৰ্ট অসম আৰক্ষীক৷ ব্যক্তিগত অসৎ কৰ্মৰ বাবে অসম আৰক্ষীক লজ্জানত তথা হাঁহিয়াতৰ পাত্ৰ কৰা কোনো বিষয়া-জোৱানকে ৰেহাই দিয়া নহয় বুলি স্পষ্ট কৰি দিছে ডিজিপিয়ে৷ এই সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে হেড কোৱাৰ্টাৰ কৰ্মৰত বিষয়া-জোৱানৰ লগতে প্ৰতিখন জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে প্ৰতিজন আৰক্ষীকে সতৰ্ক কৰি দি নিৰ্দেশনা জাৰি কৰিছে৷ এক কথাত কোনো আৰক্ষীৰ বিৰুদ্ধে এতিয়া অভিযোগ উঠিলেই চাকৰি হেৰুৱাটো এক প্ৰকাশ যেন নিশ্চিত হৈ পৰিছে৷ জি পি সিঙে আৰক্ষী বিষয়া জোৱানসকললৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি আৰক্ষী থানা, আৰক্ষী চকী বা কাৰ্যালয়ৰ ভিতৰত যৌন নিৰ্যাতনৰ অপৰাধ সংঘটিত কৰা কোনো আৰক্ষীকে ৰেহাই দিয়া নহয়৷ কৰ্তব্যৰ অৱস্থাত বা থানা তথা কাৰ্যালয়ৰ ভিতৰত সুৰাপান কৰা কাৰ্যকো ক্ষমাৰ অযোগ্য বুলি স্পষ্ট কৰি দিছে৷ আৰক্ষীয়ে উৎকোচ ল’লেও কঠোৰ স্থিতি গ্ৰহণ সকীয়নি প্ৰদান কৰিছে৷ ৰাজপথত গাড়ী ৰখাই আৰক্ষী তথা হোমগাৰ্ডে ধন সংগ্ৰহ কৰাতো নিষেধাজ্ঞা আৰোপ কৰিছে৷ মুঠৰ ওপৰত মদাহী আৰক্ষী আৰু ঘোচখোৰ আৰক্ষীৰ বিপদ নিশ্চিত হৈ পৰিছে৷ তদুপৰি আৰক্ষী বিষয়া-জোৱানে অপৰাধ তথা অপৰাধজনিত ঘটনা সংঘটিত কৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশটোত সতৰ্ক কৰি দিছে৷ একেটা নিৰ্দেশনাত ডিজিপিয়ে ৰাজপত্ৰিত বিষয়াসকলক আৰক্ষী বাহিনীৰ বাবে একো একোজন আদৰ্শ হ’বলৈয়ো আহ৩ান জনাইছে৷ প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষককে অভিযুক্ত বিষয়াক বৰ্খ্যস্ত কৰাৰ ক্ষেত্ৰত শীৰ্ষ বিষয়াৰে আলোচনা কৰিবলৈও নিৰ্দেশ দিছে৷ তদুপৰি ডি এছ পি-এ চি পি বা শীৰ্ষ বিষয়াসকলক নিজৰ নিজৰ অধীনৰ থানা আৰু আৰক্ষী চকীসমূহত নিশা ভাগত নিয়মীয়াকৈ তহল দিয়াৰ বাবেও নিৰ্দেশ দিছে৷ উল্লেখ্য, দুদিন পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানে প্ৰতিখন জিলাৰে এছ পিলৈ দুৰ্নীতিৰ গোচৰ ৰুজু তথা বিচাৰাধীন হৈ থকা আৰক্ষীৰ গোচৰৰ সবিশেষ দাখিল কৰিবলৈয়ো নিৰ্দেশ প্ৰদান কৰিছিল৷ ডিজিপিৰ এই নিৰ্দেশৰ পাছতেই স্বাভাৱিকতেই এতিয়া অসম আৰক্ষীৰ ভিতৰচ’ৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷