Logo
image

অসমলৈ আহিল অভিলেখসংখ্যক পৰ্যটক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জুলাইঃ উগ্ৰপন্থীৰ হিংসাত্মক কাৰ্যকলাপ আৰু বিধবস্ত ঘাইপথে অসমলৈ পৰ্যটকৰ আগমণত বাধা হিচাপে থিয় দি আছিল যদিও সেয়া এতিয়া যেন অতীত হ’ব ধৰিছে৷ অসমত উগ্ৰপন্থীৰ কাৰ্যকলাপ হ্ৰাস পালেও  বাট-পথৰ জৰাজীৰ্ণ ৰূপ যে এতিয়াও শেষ হোৱা নাই৷ বাৰিষাৰ এই দিনকেইটাত উজনি অসমলৈ স্থলপথেৰে যাতায়াত অসম্ভৱ হৈ পৰিলেও ৰাজ্যলৈ দেশীয় পৰ্যটকৰ আগমনে অভিলেখ ৰচনা কৰিছে৷ ২০১২-১৩ বৰ্ষত অসমলৈ মাত্ৰ ৪৫ লাখ ঘৰুৱা তথা দেশীয় পৰ্যটকৰ আগমন ঘটিছিল যদিও এতিয়াৰ অসমলৈ বাৰ্ষিক দেশীয় পৰ্যটকৰ আগমনৰ সংখ্যাই ১ কোটিৰ সীমা অতিক্ৰম কৰিছে৷ অসমলৈ অভিলেখসংখ্যক পৰ্যটকৰ আগমনৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ টুইটযোগে মুখ্যমন্ত্ৰীয়ে অসমৰ পৰ্যটন উদ্যোগৰ অভিলেখৰ তথ্য ৰাজহুৱা কৰি উল্লেখ কৰে যে ২০১৪ চনৰ আগলৈকে কোনেও কল্পনা কৰা নাছিল যে এদিন অসম ভাৰতৰ পৰ্যটনৰ হটস্পট হিচাপে আত্মপ্ৰকাশ কৰিব৷ টুইটটোত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শান্তি আৰু প্ৰগতি প্ৰতিষ্ঠা কৰাত প্ৰধানমন্ত্ৰীয়ে ৯ বছৰ ধৰি চলোৱা প্ৰচেষ্টাৰ এয়া ফল বুলিও উল্লেখ কৰিছে৷ ঘৰুৱা পৰ্যটকৰ আগমনৰ তথ্যৰ এখন তালিকাও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ উক্ত তালিকাত দেখা গৈছে ২০১২-১৩ বৰ্ষত অসমত দেশীয় পৰ্যটকৰ সংখ্যা আছিল ৪৫,৪৪,৬৬৬জন৷ ইয়াৰ বিপৰীতে বাকী বৰ্ষকেইটাত অসমলৈ অহা দেশীয় পৰ্যটকৰ সংখ্যা হৈছে ক্ৰমে ২০১৩-১৪ বৰ্ষত ৭৪,৪৪,৩৯৩জন, ২০১৪-১৫ বৰ্ষত ৭৮,৬৩,৮২৬জন, ২০১৫-১৬ বৰ্ষত ৫৬,৪২,৯৫০জন, ২০১৬-১৭ বৰ্ষত ৫৪,১৩,১৫৬ জন, ২০১৭-১৮ বৰ্ষত ৫৯,৩৪,৭৯১জন, ২০১৮-১৯ বৰ্ষত ৬০,২৭,০০২জন, ২০১৯-২০ বৰ্ষত ৫১,৪৬,৩০৭জন, ২০২০-২১ বৰ্ষত ১৩,৫১,৬৯০জন ২০২১-২২ বৰ্ষত ১৭,০১,৭০১জন আৰু ২০২২-২৩ বৰ্ষত ১,০০,১২,১৯৫জন৷ অৱশ্যে ক’ভিডৰ দুটা বৰ্ষত অৰ্থাৎ ২০২০ আৰু ২০২১ বৰ্ষত অসমত পৰ্যটকৰ আগমন হ্ৰাস পাইছিল যদিও ক’ভিডৰ পাছতেই পুনৰ পৰ্যটকৰ সোঁত বৈছে৷ লক্ষণীয়ভাৱে অসমলৈ প্ৰতি বছৰেই বৃহৎসংখ্যক দেশীয় পৰ্যটকে মা কামাখ্যা দেৱালয় দৰ্শন কৰিবলৈ আহে৷ পৰ্যটন বিভাগে প্ৰকাশ কৰা মতে অসমত বিগত এটা বৰ্ষত দেশীয় পৰ্যটকৰ হাৰ ৫৭৫ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে বিদেশী পৰ্যটকৰ হাৰ ৭৬৩ শতাংশ বৃদ্ধি পাইছে৷