Logo
image

পক্‌ছ’ গোচৰতো সংগীতা-ৱালিক চাৰ্জশ্বীট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জুলাইঃ জামিন লাভৰ যেন সকলো পথ ৰুদ্ধ হৈ পৰিছে হাইপ্ৰ’ফাইল চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ৷ নিজৰ তোলনীয়া দেৱতুল্য দুই সন্তানক যৌন নিৰ্যাতন চলোৱা বিকৃত  মানসিকতাৰ চিকিৎসক দম্পতী সংগীতা আৰু ৱালিউলৰ বিৰুদ্ধে দ্বিতীয়টো পক্‌ছ’ গোচৰতো অভিযোগনামা দাখিল কৰিলে গুৱাহাটী আৰক্ষীয়ে৷ তিনিদিন পূৰ্বে পল্টনবজাৰ আৰক্ষীয়ে কন্যা শিশুটিক ঘৰৰ চাঁদৰ ওপৰত বান্ধি নিৰ্যাতন তথা যৌন উৎপীড়ন চলোৱাৰ অভিযোগ পক্‌ছ’ আইনৰ ধাৰাত ৰুজু কৰা ১১৭/২০২৩ নম্বৰৰ গোচৰটোত অভিযোগনামা দাখিল কৰাৰ পাছত বৃহস্পতিবাৰে ল’ৰা শিশুটিৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ অভিযোগত পল্টনবজাৰ থানাই ৰুজু কৰা ২০১/২০২৩ নম্বৰৰ দ্বিতীয়টো গোচৰতো আদালতত অভিযোগনামা দাখিল কৰে৷ বৃহস্পতিবাৰে তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰা প্ৰায় ৩০০ পৃষ্ঠাৰ অভিযোগনামাত ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলাম দুয়োজনকে অভিযুক্ত কৰা হৈছে৷ তদুপৰি চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা দুই মহিলা লক্ষী ৰায় আৰু কেম্প্ৰাইৰ উপৰি চিকিৎসক দম্পতীক নৱজাতক শিশু দুটি যোগান ধৰা দালাল উৎপলা বসুকো অভিযুক্ত কৰা হৈছে অভিযোগনামাত৷ ডাঃ সংগীতা আৰু ডাঃ ৱালিউলৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ ৬ ধাৰা আৰোপ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭/৩২৫/৩২৬/৩৪১/৩৭০[৫]/৩৭৬/৪৬৫/৪৬৮ ধাৰাতো অভিযুক্ত কৰিছে৷ তদুপৰি শিশু ন্যায়িক আইনৰ ৭৫/৮০/৮১ ধাৰা আৰোপ কৰিছে চিকিৎসক দম্পতীৰ বিৰুদ্ধে৷ একেদৰে কাম কৰা মহিলা লক্ষী ৰায় আৰু কেম্পাইৰ বিৰুদ্ধে শিশুটিক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত আইপিচি ৩০৭ ধাৰা আৰোপ কৰাৰ লগতে আইপিচি ৩২৫/৩২৬/৩৪১/৫০১ ধাৰাতো অভিযুক্ত কৰিছে৷ একেদৰে দালাল উৎপলা বসুৰ বিৰুদ্ধে আইপিচি ৩৭০[৫] ধাৰাৰ লগতে শিশু ন্যায়িক আইনৰ ৮০ আৰু ৮১ ধাৰা আৰোপ কৰিছে৷ অভিযোগনামাত অবৈধ ছাৰ’গেচী বেপাৰৰে জড়িত উৎপলা বসুৱে ৰ লাখ টকাৰ বিনিময়ত এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ মহিলাৰ পৰা ল’ৰা শিশুটিক ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে ক্ৰয় কৰা বুলি উল্লেখ কৰিছে৷ দুই চিকিৎসকে শিশুটিক যৌন উৎপীড়ন চলোৱাৰ লগতে কাম কৰা মহিলাদুগৰাকীয়েও শাৰীৰিক নিৰ্যাতন চলোৱাৰ কথা অভিযোগনামাত উল্লেখ কৰিছে বুলি তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে৷ অভিযোগনামাৰ সৈতে মেডিকেল ৰিপ’ৰ্ট আৰু ভিডিঅ’ ফুটেজো দাখিল কৰিছে৷ ইতিমধ্যে অভিযোগনামা দাখিল কৰা প্ৰথমটো গোচৰৰ অভিযোগনামাত চিকিৎসক দম্পতীক কন্যা শিশুটিক হত্যাৰ চেষ্টাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰা, যৌন শোষণৰ বাবে শিশু সৰবৰাহৰ অভিযোগত ৩৭০[৫] ধাৰা, ১২ বছৰ অনূধবৰ্ৰ শিশু বলাৎকাৰৰ অভিযোগ ৩৭৬ [এ-বি] ধাৰা, ঠগ-প্ৰৱঞ্চনাৰ অভিযোগত ৪৬৫ ধাৰা, ভুৱা নথি-পত্ৰৰ অভিযোগত ৪৭১ ধাৰা, শিশুক যৌন নিৰ্যাতনৰ অভিযোগত পক্‌ছ’ আইনৰ ৬/১৭ ধাৰা,  জুভেনাইল জাষ্টিচ আইনৰ অধীনত ধনৰ বিনিময়ত নৱজাতক ক্ৰয়, বেআইনীভাৱে শিশু ‘দত্তক’ লোৱা, জন্মৰ ভুৱা নথি-পত্ৰ প্ৰস্তুতৰ অভিযোগত ৭৫/৮০/৮১ ধাৰাত অভিযুক্ত কৰা হৈছিল৷ অভিযোগনামাখনত লগতে চিকিৎসক দম্পতীয়ে এক লাখ টকাৰ বিনিময়ত দালাল উৎপলা বসুৰ পৰা শিশুটিক ক্ৰয় কৰি ভুৱা জন্মৰ প্ৰমাণ-পত্ৰ প্ৰস্তুত কৰা বুলিও উল্লেখ আছে৷ তদুপৰি উক্ত  জন্মৰ ভুৱা প্ৰমাণ-পত্ৰৰ জৰিয়তে বিদ্যালয়ত শিশু দুটিক নামভৰ্তি কৰোৱাৰ কথাও সন্নিবিষ্ট আছে অভিযোগনামাত৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালাল উৎপলা বসু আৰু চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা দুই মহিলাৰ ভাষ্যৰ লগতে ভুক্তভোগী শিশু দুটিয়ে চিআৰপিচিৰ অধীনত দিয়া ভাষ্যৰ মৰ্মে এই অভিযোগনামা প্ৰস্তুত কৰাৰ কথা  তদন্তকাৰী আৰক্ষীয়ে সদৰি কৰিছে৷