Logo
image

‘মূত্ৰস্নাত’ ৰাৱাটৰ চৰণ ধুৱাই দিলে মুখ্যমন্ত্ৰীয়ে

ভূপাল, ৭ জুলাইঃ মধ্যপ্ৰদেশত এজন আদিবাসী শ্ৰমিকৰ মুখত বিজেপি কৰ্মী এজনে প্ৰস্ৰাৱ কৰা ঘটনাক লৈ বিগত তিনিদিন ধৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ পাছত অৱশেষত মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে ঘটনাটোৰ বাবে শ্ৰমিকজনক ক্ষমা ভিক্ষা মাগে৷ অকল সেয়াই নহয়, দশমত ৰাৱাট নামৰ শ্ৰমিকজনক ঘৰলৈ মাতি নি ভৰি ধুৱাই দিয়াৰ লগতে নতুন বস্ত্ৰ পৰিধান কৰায়৷ প্ৰদান কৰে বিভিন্ন উপহাৰ৷ উল্লেখ্য যে তিনিদিন  পূৰ্বে প্ৰৱেশ শুক্লা নামৰ এজন বিজেপি কৰ্মীয়ে দশমত ৰাৱাট নামৰ শ্ৰমিকজনৰ মুখত প্ৰস্ৰাৱ কৰিছিল৷ পৰৱৰ্তী সময়ত এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ ফলত লগে লগে মধ্যপ্ৰদেশৰ লগতে ঘটনাটোক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি হয়৷ এনে অৱস্থাত বাধ্যত পৰি বিষয়টোত সোমাই পৰে মধ্যপ্ৰদেশৰ খোদ মুখ্যমন্ত্ৰীগৰাকী৷ সেই অনুসৰি অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰশাসনে আনকি অভিযুক্ত যুৱকজনৰ বাসগৃহ বুলডজাৰেৰে ভাঙি পেলোৱাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰে৷ ইয়াৰ পাছতো ঘটনাটোৰ প্ৰতিক্ৰিয়া শাম নকটাত অৱশেষত মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে ভুক্তভোগী শ্ৰমিকজনক নিজৰ বাসগৃহলৈ মাতি নি ক্ষমাভিক্ষা কৰাৰ লগতে হাত-ভৰি ধুৱাই দিয়ে৷ এই ঘটনাত স্বাভাৱিকতে হতচকিত হৈ পৰে দশমত নামৰ আদিবাসী শ্ৰমিকজন৷ এটা ভিডিঅ’ত দেখা গৈছে যে শ্ৰমিকজনে মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ জোতা খুলিবলৈ আগবাঢ়ি যায়৷ ফলত ইতস্ততঃ বোধ কৰে শ্ৰমিকজনে৷ এনে অৱস্থাত মুখ্যমন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰ জোৰ কৰিয়েই শ্ৰমিকজনৰ দুভৰিত থকা জোতা খুলি  দুভৰি ধুৱাই দিয়ে৷ পিন্ধাই দিয়ে নতুন বস্ত্ৰ, প্ৰদান কৰে বিভিন্ন উপহাৰ৷ অকল সেয়াই নহয়, আদিবাসী শ্ৰমিকজনক আনকি মুখ্যমন্ত্ৰী চৌহানে নিজ হাতেৰে খুৱাই দিয়ে সুস্বাদু খাদ্য৷ পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনাৱলীৰ ভিডিঅ’ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে নিজৰ টুইটাৰ হেণ্ডেলযোগে ৰাজহুৱা কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰস্ৰাৱকাণ্ড সন্দৰ্ভত শ্ৰমিকজনক ক্ষমাভিক্ষা কৰি লগতে কয় যে ‘উক্ত ঘটনাৰ ভিডিঅ’ প্ৰত্যক্ষ কৰি মই গভীৰ দুখ অনুভৱ কৰিছো৷ সেয়ে মই ক্ষমা বিচাৰি আপোনাক মোৰ ঘৰলৈ নিমন্ত্ৰণ জনাই আনিছো৷ আপোনালোকৰ দৰে মানুহ আমাৰ বাবে ভগৱানস্বৰূপ৷’ স্মৰ্তব্য যে আদিবাসী শ্ৰমিকজনৰ  মুখত প্ৰস্ৰাৱ কৰা যুৱকজন আছিল মধ্যপ্ৰদেশৰ এজন বিজেপি কৰ্মী৷  বিজেপিৰ বিধায়ক কেদাৰনাথ শুক্লৰ ঘনিষ্ঠৰূপে পৰিচিত তেওঁ৷ পিছে প্ৰস্ৰাৱকাণ্ডৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত বিধায়কজনে অভিযুক্ত বিজেপি কৰ্মীজনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বা কৰ্মীজনক তেওঁ চিনি নাপায় বুলিহে প্ৰকাশ কৰিছে৷ বিধায়কৰ এই ভাষ্যক লৈয়ো ৰাজনৈতিক মহলত চৰ্চা চলিছে৷