Logo
image

পুত্ৰক পাশৱিক অত্যাচাৰ কৰা পিতৃক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ

আমাৰ অসম'ৰ ডিগবৈৰ প্ৰতিবেদক,৭ জুলাইঃ ৰাজ্যখনত শিশুৰ ওপৰত পাশৱিক অত্যাচাৰ চলোৱা বাতৰিয়ে শিৰোনাম দখল কৰি অহাৰ সময়তে ডিগবৈত এক ঘটনা পোহৰলৈ আহিছে। নিজ পুত্ৰক তালিবানী কায়দাৰে পাশৱিক অত্যাচাৰ চলাই আজি ডিগবৈত গ্ৰেপ্তাৰ হ'ল এজন নিৰ্দয়ৱান পিতৃ।পিতৃ জন ডিগবৈ আই অ চি হাস্পতাল টিলাৰ চাৰভেণ্ট লাইন কোৱাৰ্টাৰৰ বাসিন্দা সন্তোষ দেৱনাথ বুলি জানিব পৰা গৈছে।সন্তোষ দেৱনাথে বৰ্তমান বিবাহ বিচ্ছেদ হোৱা পত্নীৰ এটি চাৰিবছৰীয়া পুত্ৰ সন্তানক অত্যাচাৰ চলাইছিল। সন্তোষে প্ৰথমা পত্নীৰ সৈতে বিবাহবিচ্ছেদ হোৱাৰ পাছত শিশুটি তিনিচুকীয়া শিশু সুৰক্ষা আশ্ৰয় স্থানত আছিল। কিন্তু যোৱা এমাহ মানৰ পূৰ্বে শিশুটিক পিতৃ সন্তোষ দেৱনাথে ঘৰলৈ লৈ আনে।তাৰ পিছতে শিশুটিৰ ওপৰত পিতৃয়ে দৈনিক শাৰীৰিকভাৱে অত্যাচাৰ চলাবলৈ ধৰে। প্ৰাপ্ত অভিযোগ মতে, নিজ ঘৰত ৰচীৰে বান্ধি থয় শিশুটিক।এখন হাতৰ আঙুলিত গজাল পৰ্যন্ত সোমোৱাই অকথ্য শাস্তি দিয়ে। শিশুটিয়ে অত্যাচাৰ সহিব নোৱাৰি কান্দি  থকা প্ৰতিবেশীয়ে প্ৰায় শুনিবলৈ পায়। অৱশেষত শিশুটিৰ ওপৰত চলা অত্যাচাৰ কথা মাতৃ তথা সন্তোষৰ বিবাহ বিচ্ছেদ হোৱা পত্নীয়ে খবৰ লাভ কৰি ডিগবৈ আৰক্ষীক অৱগত কৰে।ডিগবৈ আৰক্ষীৰ সহায়ত শিশুটিক ঘৰৰ ভিতৰত এখন চকীত হাত দুখন বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়।পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্তোষক গ্ৰেপ্তাৰ কৰি শিশু সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।সন্তোষ পেছাত এগৰাকী ই-ৰিক্সা চালক।ইপিনে ডিগবৈ আৰক্ষী থানাত সন্তোষৰ পত্নীয়ে বিস্ফোৰক অভিযোগ তোলে। সন্তোষে কোনো সামাজিক ভাৱে বিবাহ কৰা নাছিল। কাম দিম বুলি কৈহে পত্নী গৰাকীক দিল্লীলৈ লৈ গৈছিল আৰু তাত এটা ঘৰত আৱদ্ধ কৰি থৈছিল। তেতিয়াই উক্ত শিশুটিৰ জন্ম হৈছিল।এতিয়া শিশুটিক মাতৃয়ে নিজৰ লগত ৰাখি ডাঙৰ কৰিব বুলি জানিবলৈ দিছে। ঘটনাৰ সন্দৰ্ভত ডিগবৈ আৰক্ষীয়ে ১৫৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি সন্তোষ দেৱনাথক আটক কৰি আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।