Logo
image

কাইলৈৰ পৰা এপিএছচি পৰীক্ষা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ জুলাইঃ বহু প্ৰত্যাশিত অসম লোক সেৱা আয়োগৰ [এপিএছচি] ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক [মূল] পৰীক্ষা ৮, ৯ আৰু ১০ জুলাইত অনুষ্ঠিত হ’ব৷ মুঠ ছয়খন প্ৰশ্নকাকত ক্ৰমে ৰচনা লিখনী, সাধাৰণ জ্ঞান কাকত -I, II, III, IV আৰু V ভিত্তিত মুঠ ১৫০০ নম্বৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ উত্তৰবহীসমূহ ইংৰাজী বা অসমীয়া ভাষাত লিখিব পাৰিব৷ উল্লেখ্য, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক [প্ৰাৰম্ভিক পৰীক্ষা– ২০২২ ৰ বাবে মুঠ ৭৪, ৩৬৮ জন প্ৰাৰ্থীয়ে আবেদন পত্ৰ দাখিল কৰিছিল৷ উক্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ১০, ১৪৮ জন প্ৰাৰ্থীৰ মাজত মুঠ ১০,০০০ জন প্ৰাৰ্থীয়ে এইবাৰৰ মূল পৰীক্ষাৰ বাবে আবেদন পত্ৰ দাখিল কৰে৷ সংযুক্ত প্ৰতিযোগিতামূলক [প্ৰাৰম্ভিক] পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৭৪,৩৬৮ জন প্ৰাৰ্থীৰ ভিতৰত ১০,০০০ত কৈ অধিক প্ৰাৰ্থী ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী আৰু ৮০০ত কৈ অধিক প্ৰাৰ্থী কৃষি আৰু পশুপালন ডিগ্ৰীধাৰী আছিল৷ তদুপৰি ২৫৮ জন পিএইচডি ডিগ্ৰীধাৰী প্ৰাৰ্থী আৰু ৩৭জন এমবিবিএছ ডিগ্ৰীধাৰী প্ৰাৰ্থীয়েও আবেদন পত্ৰ দাখিল কৰিছিল৷  সংযুক্ত প্ৰতিযোগিতামূলক [মূল] পৰীক্ষা অসমৰ ৭টা মণ্ডলৰ মুঠ ১৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব৷ ইয়াৰ ভিতৰত ৫৮৫৭ জন গুৱাহাটী, ১৬৪৬ জন যোৰহাট, ৬৪৩ জন নগাঁও, ৫৮১ জন লখিমপুৰ, ৫১৮ জন তেজপুৰ, ৪৯১ জন বঙাইগাঁও আৰু ২৬০ জন শিলচৰ মণ্ডলত অৱতীৰ্ণ হ’ব৷  বিজ্ঞাপনত প্ৰকাশ পোৱা ৯১৩টা পদৰ ভিতৰত অসম নগৰ প্ৰশাসনিক সেৱা [১০৩টা পদ], সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সহকাৰী গবেষণা বিষয়া [ ১টা পদ], জলসিঞ্চন বিভাগৰ সহকাৰী গৱেষণা বিষয়া [১টা পদ], তথা গৱেষণা সহায়ক [৩টা পদ], ঔদ্যোগিক ন্যায়াধিকৰণৰ পঞ্জীয়ক [১টা পদ], পঞ্জীয়ক বিভাগৰ উপ-পঞ্জীয়ক [১০টা পদ], সহকাৰী নিৰীক্ষণ বিষয়া [৭৭টা পদ], সহকাৰী গাণণিক বিষয়া [৪১৫টা পদ], মাধ্যমিক শিক্ষা বিভাগৰ গাইডেঞ্চ কাউঞ্চিলাৰ [১টা পদ], সহকাৰী জনসংযোগ বিষয়া [১টা পদ] ইত্যাদি অন্যতম আছিল৷