কৃষকৰ ৬০ হাজাৰ ট্ৰেক্টৰ সোমাব দিল্লীত
আমাৰ অসম, ২৫ জানুৱাৰীঃ ২৬ জানুৱাৰীত দিল্লীত আন্দোলনৰত কৃষকে ৬০ হাজাৰখন ট্ৰেক্টৰ লৈ প্ৰতিবাদী পেৰেড কৰিব৷ কেন্দ্ৰীয় চৰকাৰে এই ট্ৰেক্টৰ পেৰেড বন্ধ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিলেও অৱশেষত দিল্লী আৰক্ষীয়ে কৃষক আন্দোলনকাৰীক পেৰেডৰ অনুমতি দিবলৈ বাধ্য হৈছে৷ কেন্দ্ৰীয় চৰকাৰে উচ্ছতম ন্যায়ালয়ে কৃষকৰ এই প্ৰতিবাদ বন্ধ কৰাৰ বাবে আবেদন জনালেও সৰ্বোচ্ছ আদালতে বিষয়টোৰ পৰা ফালৰি কাটি সেয়া আইন-শৃংখলাজনিত বিষয় বুলি কৈ দিল্লী আৰক্ষীক সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়ে৷ ইমান দিনে দিল্লী আৰক্ষীয়ে ট্ৰেক্টৰ পেৰেডৰ অনুমতি প্ৰদানক লৈ টনা-আজোৰা চলাই থাকি দেওবাৰে অনুমতি প্ৰদান কৰা বুলি কৃষক আন্দোলনকাৰীয়ে প্ৰকাশ কৰিছে৷ অৱশ্যে কোন কোন পথেৰে এই ট্ৰেক্টৰ পেৰেড হ’ব সেই সন্দৰ্ভত দিল্লী আৰক্ষীৰ সৈতে কৃষক আন্দোলনকাৰীয়ে আলোচনা কৰাৰ পাছতহে সিদ্ধান্ত হ’ব৷ সম্প্ৰতি দিল্লীৰ টিক্ৰী, সিংঘু, গাজিপুৰ সীমাত ট্ৰেক্টৰ সাজু কৰি আন্দোলনকাৰী বহি আছে৷ গণৰাজ্য দিৱসৰ দিনা তেওঁলোকে বিভিন্ন সীমান্তৰে ট্ৰেক্টৰ লৈ দিল্লীত প্ৰৱেশ কৰিব৷ ৬০ হাজাৰখন ট্ৰেক্টৰেৰে অতিকমেও সেই দিনটোত আন্দোলনকাৰীয়ে ১০০ কিলোমিটাৰ পথত পেৰেড কৰিব৷ ৬০ হাজাৰখন ট্ৰেক্টৰে একেটা পথতে পেৰেড নকৰি ভিন ভিন পথ বাচি লৈ সমগ্ৰ দিল্লী সেইদিনা ট্ৰেক্টৰময় কৰি তোলাৰ পৰিকল্পনা কৰিছে আন্দোলনকাৰীয়ে৷ আন্দোলনকাৰীয়ে আশ্বস্ত কৰিছে যে সেইদিনা দিল্লীৰ ৰাজধানীৰ ৰাজপথত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত এই পেৰেডে কোনো প্ৰভাৱ নেপেলায় আৰু আন্দোলনকাৰীয়ে দেশৰ সন্মান আৰু মৰ্যাদাৰ সৈতে জড়িত থকা কাৰ্যসূচীত বিঘিনি নঘটায়৷
উল্লেখ্য, কৃষক আন্দোলনকাৰীৰ এই বিশাল ট্ৰেক্টক পেৰেডৰ কাৰ্যসূচীয়ে দেশৰ উপৰি বিদেশৰো সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ ঘাইকৈ সেইবাবেই কেন্দ্ৰীয় চৰকাৰে যিকোনো প্ৰকাৰে এই ট্ৰেক্টৰ পেৰেডৰ কাৰ্যসূচী বন্ধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ দিল্লীৰ শীৰ্ষ বিজেপি নেতৃত্বৰ কৃপাধন্য উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰে পেৰেড কৰিবলৈ ওলোৱা ট্ৰেক্টৰসমূহে যাতে পেট্ৰলৰ যোগান নাপায় সেয়া নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে৷ আন্দোলনকাৰী কৃষকে কৈছে যে চৰকাৰে তেওঁলোকৰ ধৈৰ্য পৰীক্ষা কৰিছে৷ সেই লৈ আন্দোলনকাৰীৰ আপত্তি নাই৷ চৰকাৰে তিনিখন বিতৰ্কিত কৃষক আইন বাতিল নকৰা পৰ্যন্ত তেওঁলোকে আন্দোলন চলাই যাব৷
ইপিনে দেওবাৰে দিল্লীত চলি থকা আন্দোলনৰ সমৰ্থনত মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত কৃষকসকলে বিশাল প্ৰতিবাদী সমদল উলিয়ায়৷ তিনিখন কৃষক আইন বাতিল কৰাৰ দাবীত মহাৰাষ্ট্ৰত বিভিন্ন জিলাৰ পৰা কৃষকসকলে পদযাত্ৰা কৰি আহি মুম্বাইৰ আজাদ ময়দানত সমবেত হৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ কৃষক আন্দোলনকাৰীৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি শাসনাধিষ্ঠিত এন চি পি, শিৱসেনা আৰু কংগ্ৰেছে সমৰ্থন আগবঢ়ায়৷ এই প্ৰতিবাদ কেইবাদিনো ধৰি চলিব, য’ত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ সোমবাৰে প্ৰতিবাদস্থলীত উপস্থিত থকাৰ কথা৷