Logo
image

জোনাইত ভয়ংকৰ ঘটনাঃ প্ৰসাদত বিষক্ৰিয়া হৈ ৬০ জনৰো অধিক অসুস্থ

ডিজিটেল সংবাদ, জোনাইঃ জোনাই ডেকাপাম অৱমনলা গাঁৱৰ শান্তিপুৰ নামঘৰৰ প্ৰসাদ খাই বহু কিশোৰ-কিশোৰীকে ধৰি ৬০ জনৰো অধিক লোক অসুস্থ হৈ পৰে৷ 

জানিব পৰা মতে, বুধবাৰে ডেকাপাম অৱমনলা গাঁৱৰ শান্তিপুৰ নামঘৰত সমূহীয়াভাৱে আঞ্চলিক ভাগৱত কীৰ্তন অনুষ্ঠিত কৰে। নামঘৰত প্ৰসাদ খোৱাৰ পিছতে বৃহস্পতিবাৰৰ বিয়লিৰে পৰা প্ৰসাদ খোৱা লোকসকল জ্বৰ, মাথা বিষ, পেটবিষ, বমি, গাৰ বিষ আদি বিভিন্ন ৰোগত আক্ৰান্ত হয়৷

প্ৰসাদত বিষক্ৰিয়া হৈ অসুস্থ হোৱা লোকসকলক বৰ্তমান ডেকাপাম অৱমনলা প্ৰাথমিক বিদ্যালয়ত শুক্ৰবাৰে পুৱাৰে পৰা অস্থায়ী শিবিৰ পাতি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে৷ ইয়াৰে নমলা নাথ,  ৰত্নেশ্বৰ নাথ, হেমলতা দাস, মধুস্মিতা দাস, শেৱালি দাসক স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধেমাজি লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।