Logo
image

অসমত ৩ গগৈয়ে চলাইছে 'Election Tourism': পীয়ূষ হাজৰিকা

ডিজিটেল সংবাদ, গুৱাহাটীঃ পুনৰ তিনি গগৈক লৈ সৰৱ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা। ৰাজ্যৰ ১১ বিৰোধী ৰাজনৈতিক ঐক্যমঞ্চৰ সৈতে গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ দিল্লী যাত্ৰা সন্দৰ্ভত কটাক্ষ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই। অসমত তিনি গগৈয়ে মিলি ইলেকচ্যন ট্যুৰিজম চলাইছে বুলি সমালোচনা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। 

শুকুৰবাৰে চৰকাৰী বিশেষ কাৰ্যসূচী লৈ ডিব্ৰুগড় ভ্ৰমণলৈ অহা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে তিনি গগৈয়ে দিল্লীলৈ গ'লেও কিবা লাভ হ'ব বুলি মই নাভাবোঁ। তেওঁলোকে এইকেইদিন 'ইলেকচ্যন ট্যুৰিজম' কৰি আছে। কোনোৱে শিলচৰ, ধুবুৰী, শিৱসাগৰলৈকে আহিছে। মুঠৰ ওপৰত এইটো ইলেকচ্যন ট্যুৰিজম হৈ আছে। তাৰে এজন ব্যক্তিৰ লগত মোৰ কালি কথা হৈছিল। কংগ্ৰেছৰ নহয়, তিনি গগৈৰ সহযোগী দল এটাৰ সৈতে হোৱা কথা-বতৰাত এই শক্তিটোৰ পৰা কোনোধৰণৰ লাভ নহ'ব বুলি কৈছে। তেওঁলোকেই সন্দিহান গতিকে আমি আৰু সন্দিহান। গতিকে মই নাভাবোঁ যে এই ইলেকচ্যন ট্যুৰিজমৰ পৰা তেওঁলোক লাভৱান হ'ব। 

বিৰোধী ঐক্য মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ওলোৱা খবৰ সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়, মই নাভাবোঁ লুৰিণজ্যোতি গগৈ জিকিব। কাৰণ বিগত বিধানসভা নিৰ্বাচনত দুটা সমষ্টিত হাৰিছে। আমাৰে সৰু ভাইটি এটাৰ হাততেই হাৰিছে লুৰিণজ্যোতি গগৈ। লোকসভাটো বহু দূৰৈৰ কথা। লুৰিণজ্যোতি গগৈয়ে লোকসভাত নিৰ্বাচনী বৈতৰণী পাৰ কৰাটো ইমান সহজ নহয়। উল্লেখযোগ্য যে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। চহৰখনৰ মালিপট্টিস্থিত খহনীস্থলী পৰিদৰ্শন কৰি সমগ্ৰ প্ৰতিৰোধ ব্যৱস্থা বুজ লয় মন্ত্ৰী হাজৰিকাই। মন্ত্ৰী হাজৰিকাই এই সন্দৰ্ভত কয় যে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া আমাৰ বাবে অতি চিন্তনীয়। যিকোনো পৰ্যায়ত ডিব্ৰুগড় চহৰক বচাবই লাগিব। অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে ক্ষীপ্ৰতাৰে চলিছে। ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী অঞ্চলত হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া চিন্তনীয় আৰু আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ পৰা তিনি মাহমানৰ আগতেও আহিছিলো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ। আনহাতে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক পৰীক্ষণৰ বাবে গুৱাহাটীৰ আই আই টিক দায়িত্ব দিয়াৰ কথা জানিবলৈ দি মন্ত্ৰী হাজৰিকাই কয় যে ইতিমধ্যে এই প্ৰক্ৰিয়াটোৰ বাবে গুৱাহাটীৰ আই আই টিৰ সৈতে এক বুজাবুজি চুক্তিটো স্বাক্ষৰিত হৈছিল। আই আই টিৰ দলটোৱে যোৱা ২৬ জুনত পৰ্যবেক্ষণৰ বাবে আহিছিল ডিব্ৰুগড়লৈ। ১৫ আগষ্টৰ ভিতৰত আই আই টিৰ গুৱাহাটী দলটোক প্ৰতিবেদন দাখিলৰ বাবে আহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই। ছেপ্টেম্বৰ-অক্টোবৰ মাহত চহৰখনৰ সংবেদনশীল এলেকাত স্থায়ী খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই। আই আই টি আৰু জলসম্পদ বিভাগে যুটীয়াভাৱে মিলি ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰি চৰকাৰে। উল্লেখযোগ্য যে, মন্ত্ৰী হাজৰিকাৰ এই পৰিদৰ্শনত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকে।