Logo
image

১৪ জুলাইত উৰিব চন্দ্ৰযান অৱতৰণ ২৩ আগষ্টত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ জুলাইঃ ১৩ জুলাইৰ পৰিৱৰ্তে চন্দ্ৰযান-৩ অহা ১৪ জুলাইতহে উৎক্ষেপণ কৰা হ’ব৷ ইছৰোৰ অধ্যক্ষ এছ সোমনাথে শুকুৰবাৰে ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ পুনৰ নিৰ্ধাৰিত সূচী প্ৰকাশ কৰিছে৷ পূৰ্বে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰাৰ কথা আছিল ১৩ জুলাইত৷ এছ সোমনাথে জনোৱা অনুসৰি এই নিৰ্দিষ্ট দিনটোতকৈ এটা দিন পাছত চন্দ্ৰযান-৩ শ্ৰীহৰিকোটাৰ  সতীশ ধাৱান উৎক্ষেপণ কেন্দ্ৰৰ পৰা জি এছ এল ভি ৰকেটেৰে উৎক্ষেপণ কৰা হ’ব৷ ইছৰোৱে কৰা পৰিকল্পনা অনুসৰি উৎক্ষেপণৰ পৰা প্ৰায় ৪০ দিন পাছত চন্দ্ৰযান-৩য়ে ২৩ অথবা ২৪ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব৷ এছ সোমনাথে জনাইছে যে অৱতৰণৰ বাবে দুটা দিন ধাৰ্য কৰা হৈছে৷ যিটো দিনতে অৱতৰণৰ বাবে পৰিৱেশ আৰু কাৰিকৰী বিষয় নিখুঁত বুলি গণ্য কৰা হ’ব সেই দিনটোতে চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব৷ তেওঁ জনোৱা অনুসৰি চন্দ্ৰত পৃথিৱীৰ পৰা মধ্যৱৰ্তী দূৰৰ অংশটোত চন্দ্ৰযান-৩ক অৱতৰণ কৰোৱাৰ বাবে পৰিকল্পনা কৰা হৈছে৷ এই অংশটো অপেক্ষাকৃতভাৱে ভাৰতে চাৰি বছৰ পূৰ্বে প্ৰেৰণ কৰা চন্দ্ৰযান-২ক অৱতৰণ কৰিবলৈ লোৱা স্থানতকৈ কোমল৷ তদুপৰি আগষ্টৰ শেষভাগত অৰ্থাৎ ২৩ কিম্বা ২৪ তাৰিখ ধাৰ্য কৰাৰ কাৰণ হৈছে তাৰ কোনোবা এটা দিনত সূৰ্যৰ পোহৰ গৈ চন্দ্ৰযান-৩য়ে অৱতৰণ কৰিবলগীয়া স্থান স্পৰ্শ কৰিব৷ এছ সোমনাথৰ মতে সেই দিনটোত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে সঠিকভাৱে অৱতৰণ কৰিবলৈ সক্ষম হ’লে চন্দ্ৰপৃষ্ঠত পৰীক্ষা-নিৰীক্ষাৰ বাবে  ১৫টা সূৰ্য আলোকিত দিন পোৱা যাব৷ যদিহে আগষ্টৰ এই নিৰ্দিষ্ট দুটা দিনত চন্দ্ৰযান-৩য়ে অৱতৰণ কৰিবলৈ সক্ষম নহয়, তেন্তে বিক্ৰমৰ অৱতৰণ ছেপ্টেম্বৰলৈ অৰ্থাৎ এমাহ পিছুৱাই দিয়া হ’ব৷ তেতিয়ালৈ চন্দ্ৰযান-৩য়ে চন্দ্ৰক প্ৰদক্ষিণ কৰি এটা নিৰ্দিষ্ট দূৰত্বৰে ঘূৰি থাকিব৷ এমাহ পিছুওৱাৰ কাৰণ হৈছে সেই একেটাই– সূৰ্যৰ পোহৰ৷ অৰ্থাৎ সূৰ্যৰ পোহৰে পুনৰ এমাহৰ পাছত যেতিয়া চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিব তেতিয়াহে ইছৰোৱে চন্দ্ৰযান-৩ৰ অৱতৰণৰ বাবে চেষ্টা চলাব৷ অৱশ্যে তাৰ পূৰ্বে যদিহে চন্দ্ৰযান-৩য়ে সফলভাৱে আগষ্টত অৱতৰণ কৰিবলৈ সক্ষম হয়, তেন্তে এমাহ অপেক্ষা কৰাৰ কোনো কাৰণ নাথাকিব৷ 

প্ৰসংগতঃ উল্লেখযোগ্য চাৰি বছৰ পূৰ্বে ইছৰোৱে প্ৰেৰণ কৰা চন্দ্ৰযান-২য়ে সঠিকভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব নোৱাৰি ঠেকেছা খাই পৰি নিঃসাৰ হৈ গৈছিল৷ বিদেশৰ একাংশ বিজ্ঞানীয়ে দাবী কৰা অনুসৰি ইছৰোৱে অৱতৰণৰ সঠিক সময় চূড়ান্ত কৰিব পৰা নাছিল৷ তেনে একাংশ বিজ্ঞানীৰ দাবী, যিটো সময়ত সূৰ্যৰ পোহৰ গৈ চন্দ্ৰপৃষ্ঠত পৰে, তেতিয়া চন্দ্ৰপৃষ্ঠত থকা ৰেগোলিথ নামৰ এবিধ কণাৰ প্ৰৱল বেগত ধুমুহাৰ সৃষ্টি হয়৷ সূৰ্যৰ পোহৰ গৈ পৰাৰ লগে লগে সূৰ্যৰ কৰ’ণা বা বায়ুমণ্ডলৰ পৰা ওলাই অহা এক্স-ৰে নামৰ ৰশ্মিৰ স্পৰ্শত চন্দ্ৰপৃষ্ঠত থকা ৰেগোলিথ নামৰ কণাৰ মাজত উত্তেজনাৰ সৃষ্টি হয়৷ এই উত্তেজনাৰ ফলত চন্দ্ৰপৃষ্ঠৰ কেইবা কিলোমিটাৰ ওপৰলৈ ৰেগোলিথৰ ধুমুহা হয়৷ এই ধুমুহাৰ গতিবেগ ঘণ্টাত কেইবা হাজাৰ কিলোমিটাৰ পৰ্যন্ত হয়৷ বিদেশী একাংশ বিজ্ঞানীৰ মতে চাৰিবছৰ পূৰ্বে ভাৰতৰ চন্দ্ৰযান-২ অৱতৰণৰ সময়ত এই ৰেগোলিথৰ ধুমুহাৰ কৱলত পৰিছিল৷ ইয়াৰ ফলত ভাৰতৰ চন্দ্ৰযান-২য়ে ‘ক্ৰেছ লেণ্ডিং’ কৰি নিঃসাৰ হৈ পৰিছিল৷ যদিহে বিদেশী সেই বিজ্ঞানীমহলৰ দাবী সত্য হয়, তেন্তে এইবাৰো একে সময়তে অৱতৰণৰ পৰিকল্পনা কৰা চন্দ্ৰযান-৩ৰ ভৱিষ্যতো সুখকৰ নহ’ব বুলি আশংকা থাকি গৈছে৷ 

ইছৰোৱে প্ৰেৰণ কৰিবলৈ লোৱা চন্দ্ৰযান-৩ৰ ওজন হৈছে ৩৯০০ কিলোগ্ৰাম আৰু ইয়াৰ মূল লুনাৰ মডিউলটোৰ ওজন হৈছে ২১৪৮ কিলোগ্ৰাম৷ এই লুনাৰ মডিউলটোৰ মাজতে সোমাই থাকিব ৰ’ভাৰ, যাৰ ওজন ১৭৫২ কিলোগ্ৰাম৷ বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছত ৰ’ভাৰে চন্দ্ৰপৃষ্ঠত ইফালে সিফালে ঘূৰি পৰীক্ষা-নিৰীক্ষা চলাব৷  যদিহে ইছৰোৰ এই অভিযান সম্পূৰ্ণৰূপে সফল হয়, অৰ্থাৎ চন্দ্ৰযান-৩য়ে সফলভাৱে অৱতৰণ কৰিব পাৰে, তেন্তে ভাৰত হ’ব চন্দ্ৰপৃষ্ঠত যিকোনো যান অৱতৰণ কৰোৱা বিশ্বৰ চতুৰ্থখন দেশ৷ ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া আৰু চীনে চন্দ্ৰপৃষ্ঠত যান অৱতৰণ কৰাবলৈ সক্ষম হৈছে৷ তাৰে কেৱল আমেৰিকাইহে চন্দ্ৰপৃষ্ঠত মানৱ অৱতৰণ কৰাবলৈ সক্ষম হৈছে৷ অৱশ্যে এইবাৰ ইছৰোৱে চন্দ্ৰযান-৩ৰ সফল ‘ছফ্‌ট লেণ্ডিং’ কৰিবলৈ সক্ষম হ’ব বুলি আত্মবিশ্বাস প্ৰকাশ কৰিছে৷ তাৰ বাবে লেণ্ডাৰ বিক্ৰমৰ আটাইকেইটা ভৰি বিগত বাৰতকৈ সলনি কৰা হৈছে৷ সফলভাৱে অৱতৰণ কৰিব পাৰিলে চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত এটা চন্দ্ৰদিন অৰ্থাৎ ১৪টা পৃথিৱীৰ দিন সময় ধৰি পৰীক্ষা-নিৰীক্ষা চলাব৷