Logo
image

অশান্ত মণিপুৰক লৈ উদ্বিগ্ন আমেৰিকা, সহায়ৰ প্ৰস্তাৱ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ জুলাইঃ দুমাহৰো অধিক দিন ধৰি গৃহযুদ্ধসদৃশ পৰিস্থিতি হৈ থকা সত্বেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰক লৈ আজিও নীৰৱ৷ মণিপুৰত সংঘটিত গোষ্ঠী সংঘৰ্ষত এফালৰ পৰা নাৰী-পুৰুষ, শিশু সমন্বিতে কেইবাশতাধিকক হত্যা কৰা হৈছে৷ স্বৰূপাৰ্থতে উত্তৰ-পূবৰ ৰাজ্যখনত ভূলুণ্ঠিত হৈছে মানৱাধিকাৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে মোতায়েন কৰা সেনাবাহিনী আৰু অৰ্ধসামৰিক বাহিনীয়েও নিৰ্বিচাৰে মণিপুৰত হত্যালীলা চলাই আছে৷ ৰাজ্যখনত অঘোষিত সেনাৰ শাসন চলি আছে৷ একাধিক অৰ্ধসামৰিক বাহিনীৰ জোৱানক দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়াৰ সময়ত স্থানীয় লোকে হাতে-লোটে ধৰিছে৷ গুলীবিদ্ধ শিশু আৰু মহিলাক চিকিৎসালয়লৈ নি থকা অৱস্থাত এম্বুলেন্সসহ জীৱন্তে জ্বলাই দিয়া হৈছে৷ দুমাহ ধৰি মণিপুৰ অশান্ত, জ্বলন্ত৷ ৰাজ্যখনৰ সমস্ত অধিকাৰ সংবিধানৰ ৩৫৫ অনুচ্ছেদ জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতলৈ নিছে৷ অৰ্থাৎ সকলো অভিযান পৰিচালনা কৰি আছে অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ তথাপি পৰিস্থিতি শান্ত হোৱাৰ কোনো লক্ষণ নাই৷ এই অশান্তজৰ্জৰ পৰিস্থিতি দেখি অৱশেষত উপায় নাপাই মণিপুৰৰ ঘটনাত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে আমেৰিকা৷ আমেৰিকাৰ ভাৰতত থকা ৰাষ্ট্ৰদূত এৰিক গাছেট্ৰিয়ে মণিপুৰৰ এনে অশান্তজৰ্জৰ পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ প্ৰস্তুত বুলি মন্তব্য কৰিছে৷ স্বাভাৱিকতে এখন বিদেশী ৰাষ্ট˜ৰ ভাৰতত থকা শীৰ্ষ প্ৰতিনিধিজনে কৰা এই হস্তক্ষেপত দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আমেৰিকাৰ ভাৰতত থকা ৰাষ্ট˜দূত এৰিক গাছেট্ৰিয়ে কয়– ‘মণিপুৰত চলি থকা অশান্তজৰ্জৰ পৰিস্থিতিত আমি যিকোনো সহায় কৰিবলৈ প্ৰস্তুত৷ মই অন্তঃকৰণেৰে ভাবো, এইটো এটা মানৱাধিকাৰৰ প্ৰশ্ন৷ আমি বিচাৰিছোঁ সোনকালে মণিপুৰলৈ শান্তি ঘূৰি আহক৷ শান্তি ঘূৰি অহাৰ বাবে আমি যিকোনো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু৷ মণিপুৰলৈ শান্তি ঘূৰি আহিলে আমি তাত যিকোনো প্ৰকল্প নিৰ্মাণ আৰু বিনিয়োগ কৰিব পাৰিম৷’ ভাৰতৰ নাগৰিক নোহোৱা সত্বেও তেওঁ কৰা এই মন্তব্য যে অতি স্পৰ্শকাতৰ হৈ পৰিব পাৰে সেই বিষয়ে আমেৰিকাৰ ৰাষ্ট্ৰদূতজন ভালদৰেই জ্ঞাত৷ বিতৰ্ক সৃষ্টি হ’ব পাৰে বুলিও তেওঁ জানে৷ সেই প্ৰসংগত এৰিক গাছেট্ৰিয়ে কয়– ‘যেতিয়া শিশু, নাৰীসহ অসংখ্য মানুহৰ মৃত্যু হৈছে, তেতিয়া সেই বিষয়ক লৈ বিচলিত হ’বৰ বাবে মই যে ভাৰতীয় হ’বই লাগিব তাৰ কোনো প্ৰয়োজন নাই৷ বিষয়টো স্বাভাৱিকতে ভাৰতৰ আভ্যন্তৰীণ৷ কিন্তু মণিপুৰত যিদৰে মানৱাধিকাৰ ভূলুণ্ঠিত হৈছে, মহিলা-শিশুক এফালৰ পৰা নিৰ্দয়ভাৱে হত্যা কৰা হৈছে, সেই পৰিস্থিতিত ভাৰতীয় নোহোৱাকৈয়ো মাত মতা প্ৰয়োজন৷’ 

মণিপুৰৰ অশান্তি সৃষ্টিৰ আঁৰত চুবুৰীয়া দেশ চীনৰ হাত থকা বুলি মন্তব্য কৰিছিল ৰাজ্যখনৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে৷ ইপিনে সংঘৰ্ষৰ অন্যতম পক্ষ কুকি সম্প্ৰদায়ে মণিপুৰৰ হিংসাৰ পৰা কুকিসকলক ৰক্ষা কৰাৰ বাবে অলপতে ইজৰাইলৰ হস্তক্ষেপ বিচাৰিছিল৷ এই দুই বিষয় লৈ বিতৰ্ক চলি থকাৰ সময়তে ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতে মণিপুৰৰ পৰিস্থিতিক লৈ মন্তব্য কৰা আৰু সেই পৰিস্থিতি অৱসানৰ বাবে  আমেৰিকাই সহায় কৰিব বুলি কৰা মন্তব্য স্বাভাৱিকভাৱেই ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী ৰাষ্ট্ৰৰ হস্তক্ষেপ হিচাপে বিবেচিত হৈছে৷ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ এই মন্তব্য কোনো কাৰণতে ব্যক্তিগত বুলি ভবাৰ থল নাই৷ কিয়নো যিকোনো এখন দেশৰ ৰাষ্ট্ৰদূত তেওঁ প্ৰতিনিধিত্ব কৰা দেশখনৰ সৰ্বোচ্ছ প্ৰতিনিধি বা শীৰ্ষস্থানীয় কূটনীতিবিদ৷ সেয়ে এজন ৰাষ্ট্ৰদূতৰ বক্তব্যৰ ওজন আছে আৰু তেওঁ কৰা মন্তব্য নিজৰ দেশক প্ৰতিনিধিত্ব কৰাৰ দৰেই হয়৷ অৰ্থাৎ নিজৰ দেশৰ চৰকাৰৰ অনুমতি অবিহনে এজন ৰাষ্ট্ৰদূতে তেওঁ নিয়োজিত হৈ থকা দেশখনৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য নকৰে বা কৰিব নোৱাৰে৷ এৰিক গিছেট্ৰিৰ বক্তব্যও ইয়াৰ ব্যতিক্ৰম নহয় বুলি ধাৰণা কৰা হৈছে৷ অৰ্থাৎ জো বাইডেন প্ৰশাসনৰ অনুমতি অবিহনে তেওঁৰ দূত গাছেট্ৰিয়ে ভাৰতৰ আভ্যন্তৰীণ বিষয় এটা লৈ মন্তব্য কৰা বুলি ভবা কঠিন৷ অলপতে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আটাইতকৈ সফল আমেৰিকা ভ্ৰমণটো সম্পন্ন কৰি আহিছে৷ উভয়পক্ষই মোদীৰ ভ্ৰমণ ভাৰতৰ যিকোনো প্ৰধানমন্ত্ৰীৰ সৰ্বকালৰ সফলতম ভ্ৰমণ বুলি অভিহিত কৰিছে৷ মোদীৰ ভ্ৰমণ সম্পন্ন হোৱাৰ এপষেক নৌপূৰ হওতেই বাইডেনৰ ভাৰতত থকা দূতে ভাৰতকে এনে মন্তব্যৰে থকা-সৰকা কৰাটো আশ্চৰ্যকৰ যেন লগা হৈছে৷ এই পৰ্যন্ত নতুন দিল্লীয়ে অথবা ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে এৰিক গিছেট্ৰিক তেওঁৰ মন্তব্যৰ বাবে ককৰ্থনা কৰা নাই৷ এতিয়ালৈকে তেওঁক বৈদেশিক মন্ত্ৰণালয়ে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত কিয় মাত মাতিলে, সেই কথা সুধিবলৈ তলবো কৰা নাই৷ এইক্ষেত্ৰত আমেৰিকাক মুখ বন্ধ কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷ 

কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰদূতে ভাৰতৰ আভ্যন্তৰীণ বিষয়ক লৈ কৰা মন্তব্যত আশ্চৰ্যান্বিত হৈছে বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ৷ বিদেশী ৰাষ্ট্ৰৰ এই হস্তক্ষেপত হতবাক হৈ কংগ্ৰেছে কৈছে, দীৰ্ঘ ইতিহাসত ভাৰতৰ আভ্যন্তৰীণ বিষয়ত এনেদৰে আমেৰিকাই হস্তক্ষেপ কৰা স্মৰণকালত হোৱা নাই৷ কংগ্ৰেছৰ আগশাৰীৰ নেতা মণিষ তিৱাৰীয়ে কয় যে, ভাৰতত থকা আমেৰিকাৰ আটাইতকৈ শীৰ্ষস্থানীয় কূটনীতিবিদজনে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত এনেদৰে হস্তক্ষেপ কৰাটো বিৰলতম ঘটনা৷ তেওঁ কয়– ‘মোৰ স্মৰণকালত, অন্ততঃ মোৰ চাৰি দশকজোৰা ৰাজহুৱা জীৱনত আমেৰিকাৰ ৰাষ্ট˜দূতে ভাৰতৰ আভ্যন্তৰীণ বিষয়ক লৈ এনেদৰে মন্তব্য কৰা শুনা নাছিলো৷ এয়া প্ৰকৃততে এক বিৰল ঘটনা৷ আমি পঞ্জাৱত, জম্মু-কাশ্মীৰত আৰু উত্তৰ-পূবত বিদেশী ৰাষ্ট্ৰৰ হস্তক্ষেপৰ চিকাৰ হৈছো৷ এইবাৰ মণিপুৰক লৈয়ো আমেৰিকাই হস্তক্ষেপ কৰিছে৷ অথচ আমাৰ প্ৰধানমন্ত্ৰীয়ে অলপতে সফল আমেৰিকা ভ্ৰমণ কৰি উভতি আহিছে৷  তথাপি আমেৰিকাই কি সাহসত ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মাত মাতিছে? মোদী চৰকাৰে এইক্ষেত্ৰত সাহসেৰে ব্যৱস্থা ল’ব বুলি আশা কৰিছো৷ অন্ততঃ আমেৰিকাক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত নতুন দিল্লীয়ে মুখ বন্ধ কৰি ৰাখিব পাৰিব লাগে৷ এইখিনিতে প্ৰশ্ন উঠিছে, সঁচাকৈয়ে মণিপুৰৰ পৰিস্থিতি ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে নেকি? এইক্ষেত্ৰত প্ৰকৃততেই আমেৰিকাৰ হস্তক্ষেপৰ প্ৰয়োজন হৈছে নেকি? সেই উত্তৰ মোদী চৰকাৰে জৰুৰীভাৱে দিয়া প্ৰয়োজন৷’

ইপিনে মণিপুৰত হিংসাৰ অৱসান ঘটা বুলি একাংশ বিজেপি নেতাই আস্ফালন চলাই থকাৰ সময়তে শুকুৰবাৰে চূড়াচান্দপুৰ জিলাত পুনৰ আন এটা ভয়ংকৰ সংঘৰ্ষ সংঘটিত হৈছে৷ এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ সৈতে গুলীয়াগুলীত দুজন স্থানীয় লোক নিহত হৈছে আৰু বহু কেইজন আহত হৈছে৷ আহতৰ ভিতৰত তিনিজনৰ অৱস্থা অতি গুৰুতৰ৷ আনহাতে এদিন পূৰ্বে ইম্ফল চহৰত বাস কৰি থকা শেষগৰাকী কুকি মহিলাক অতি নিষ্ঠুৰভাৱে মুকলি স্থানত হত্যা কৰি মেইটেই সম্প্ৰদায়ৰ দুবৃৰ্ত্তই চূড়ান্ত নৃশংসতা প্ৰদৰ্শন কৰিছে৷ ৰাজ্যখনত দুদিন পূৰ্বে অধিকাংশ স্কুল পুনৰ খুলিলেও এনে অশান্তিজৰ্জৰ পৰিৱেশত  স্কুলত ছাত্ৰ-ছাত্ৰী উপস্থিত থকাটো সম্ভৱ হোৱা নাই৷ ৰাজ্য চৰকাৰে পৰিস্থিতি শান্ত হোৱা বুলি প্ৰতীয়মান কৰিবৰ বাবে এনে পদক্ষেপ ল’লেও সেই পদক্ষেপ ফলপ্ৰসূ হোৱা নাই৷