Logo
image

ড্ৰাগ্‌ সৰবৰাহত ধৰা পৰিল জোনমণিৰ ঘনিষ্ঠ ৰিজুৱান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ জুলাইঃ নগাঁও আৰক্ষীয়ে ড্ৰাগ্‌সহ এজন অধিবক্তাক আদালতৰ চৌহদত গ্ৰেপ্তাৰৰ ঘটনাই লৈছে নতুন মোৰ৷ বুধবাৰে নগাঁও আদালতৰ চৌহদত ড্ৰাগ্‌ৰ বেহা চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হুছেইন মহম্মদ ৰিজুৱান নামৰ অধিবক্তাজনক৷ নগাঁও বাৰ এছ’চিয়েশ্বনৰ সভাপতি আব্দুল হাচিম খণ্ডকাৰৰ অভিযোগৰ ভিত্তিতেই আক্ষীয়ে অধিবক্তা হুছেইন মহম্মদ ৰিজুৱানক গ্ৰেপ্তাৰ কৰিছিল৷  অভিযোগকাৰী অধিবক্তা আবুল হাচিম খণ্ডকাৰে দাবী কৰা মতে ৰিজুৱানে আদালতৰ চৌহদত  ড্ৰাগ্‌ৰ বেহা চলোৱাৰ লগতে গ্ৰেপ্তাৰৰ সময়ত পকেটত কণ্টেইনাৰত হেৰ’ইন জাতীয় দ্ৰব্য জব্দ কৰিছিল৷ কিন্তু ধৃত অধিবক্তা হুছেইন মহম্মদ ৰিজুৱানৰ সৈতে নগাঁৱৰ মৰিকলং থানাৰ অ’ চি প্ৰয়াত জোনমণি ৰাভাৰ সম্পৰ্ক পোহৰলৈ অহাত চৰ্চা লাভ কৰিছে৷ ড্ৰাগ্‌সহ ধৰা পৰা অধিবক্তা ৰিজুৱান আছিল এছ আই জোনমণি ৰাভাৰ অতিকে ঘনিষ্ঠ৷ পূৰ্বে একেখন বাহনতে জোনমণি ৰাভা আৰু ড্ৰাগ্‌ সৰবৰাহকাৰী অধিবক্তা ৰিজুৱানক নগাঁও চহৰত ঘূৰি ফুৰাও দেখা গৈছিল৷ ৰিজুৱান আৰু জোনমণিৰ এখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে৷ য’ত এখন বাহনৰ ভিতৰত দুয়োজনকে দেখা পোৱা গৈছে৷ ড্ৰাগ্‌ সৰবৰাহকাৰীটোৰ সৈতে এছ আই জোনমণিৰ কি সম্পৰ্ক আছিল তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে নগাঁও চহৰত৷ অৱশ্যে ড্ৰাগ্‌সহ গ্ৰেপ্তাৰৰ সময়ত চিঞৰি চিঞৰি অধিবক্তা ৰিজুৱানে নগাঁও বাৰ এছ’চিয়েশ্বনৰ সভাপতি আবুল হাচিম খণ্ডকাৰৰ বিৰুদ্ধে তেওঁ মানহানি গোচৰ ৰুজু কৰাৰ বাবেহে ষড়যন্ত্ৰমূলকভাৱে ফচোৱা হ’ল বুলিও দাবী কৰা দেখা গৈছিল৷ ড্ৰাগ্‌ সৰবৰাহকাৰীৰ সৈতে এছ আই জোনমণিৰ সম্পৰ্ক চৰ্চালৈ আহিলেও জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত থমকি ৰোৱা বুলিও অভিযোগ উঠিছে৷ আনকি জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত নাম লোৱা শীৰ্ষ আৰক্ষী বিষয়াক কোনো জেৰা নকৰাকৈ চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰে অসম ত্যাগ কৰা বুলিও অভিযোগ কৰিছে জোনমণিৰ পৰিয়ালে৷ আনহাতে, চি বি আয়ে লখিমপুৰত নকল সোণ আৰু জাল নোট বেপাৰী চক্ৰক জেৰা কৰাৰ পাছতো চক্ৰটোৰ কোনো এজন অভিযুক্তকে গ্ৰেপ্তাৰ নকৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰত অভিযোগনামা দাখিল কৰিবনে নে চি বি আয়ে দ্বিতীয়লানি তদন্ত আৰম্ভ কৰিব, সেয়া সময়তহে স্পষ্ট হ’ব৷