Logo
image

২ অক্টোবৰৰ পূৰ্বেই গছ কাটি অভিলেখ চৰকাৰৰ

কৃষ্ণাইৰ পৰা নীলমণি শৰ্মা [আমাৰ অসম] ৮ জুলাইঃ গান্ধী জয়ন্তীৰ দিনা সমগ্ৰ ৰাজ্যতে এক কোটি গছপুলি ৰোপণ কৰি অভিলেখ গঢ়াৰ আঁচনি লৈছে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে৷ মূলতঃ ৰাজ্যত দ্ৰুতগতিত হ্ৰাস পোৱা সেউজ আৱৰণ পুনৰ ওভতাই অনাৰ লক্ষ্যৰে চৰকাৰে এই অভিলাষী কাৰ্যসূচী গ্ৰহণ কৰিছে৷ এহাতে চৰকাৰে সমগ্ৰ ৰাজ্যতে এক কোটি  গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লোৱাৰ বিপৰীতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চৰকাৰী উদ্যোগত কাটি থকা হৈছে হাজাৰ হাজাৰ পূৰঠ গছ৷ হিমন্তবিশ্ব শৰ্মা চৰকাৰখনে যিদৰে গছপুলি ৰুই অভিলেখ সৃষ্টি কৰিব বিচাৰিছে, ঠিক তেনেদৰে গছ কাটিও যেন ২ অক্টোবৰৰ পূৰ্বেই অভিলেখ ৰচিব বিচাৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে৷ উল্লেখ্য যে গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাযাৰ্লয়ৰ অন্তৰ্গত বৰঝাৰ আৰু বৰমাটিয়া সংৰক্ষিত বনাঞ্চলত সম্প্ৰতি চৰকাৰী পৃষ্ঠপোষকতাতে আৰম্ভ হৈছে বনধবংস অভিযান৷ বৈদু্যতিক কৰতেৰে এফালৰ পৰা কাটি পেলোৱা হৈছে হাজাৰ হাজাৰ অপৈণত শালগছ৷ কৃষ্ণাই আৰু দুধনৈৰ মাজৰ বিস্তৃত অঞ্চলজুৰি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শাৰী শাৰীকৈ আছিল শাল গছসমূহ৷ একেদৰে পঞ্চৰত্ন আৰু আগিয়াৰ মাজৰ পথতো দুয়োকাষে থকা প্ৰকাণ্ড প্ৰকাণ্ড শ শ গছ নিমিষতে কাটি পেলোৱা হৈছে৷ প্ৰণিধানযোগ্য যে, চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবেই চলিছে এই বনধবংস অভিযান৷ এক কথাত উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলিছে মানুহৰ নিৰ্মম হাতোঁৰা৷ বনধবংসই অনাবৃষ্টি আৰু ধৰিত্ৰীৰ উষ্ণতাৰ মূল কাৰণ বুলি জানিও নভবা-নিচিন্তাকৈ এফালৰ পৰা গছ-গছনি নিঃশেষ কৰা হৈছে৷ বিশেষকৈ যান্ত্ৰিকতাৰ যুগত উন্নয়নৰ নামত চৰকাৰী পৃষ্ঠপোষকতাতে লাখ লাখ গছ-গছনি তহিলং কৰা হৈছে৷ গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা শোলমাৰীলৈকে পথৰ দুয়োকাষে কাষে শ শ শাল, চেগুন, কৃষ্ণচূড়া, সোণাৰু, ৰাধাচূড়া আদিৰ লগতে আন আন গছ-গছনিসমূহ কাটি তহিলং কৰা হ’ল৷ যিসমূহ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু ফুলৰ সৌন্দৰ্যই পথছোৱা মনোমোহা কৰি তুলিছিল৷ পথচাৰীৰ লগতে যান-বাহন আৰোহীক গাড়ী ৰখাবলৈ বাধ্য কৰাইছিল সেই মনোমোহা সৌন্দৰ্যই৷ উল্লেখ্য, ১৯৯৮ চনত পঞ্চৰত্ন যোগীঘোপাৰ মাজৰ ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নৰনাৰায়ণ সেতু মুকলি কৰাৰ সময়তে গছসমূহ পথৰ দুয়োকাষে ৰোপণ কৰা হৈছিল৷ কিন্তু পথছোৱা চাৰিলেনযুক্ত কৰাৰ স্বাৰ্থত ২৫-৩০ বছৰ বয়সীয়া গছসমূহ কাটি পোলোৱা হ’ল৷ বিভাগীয় হিচাপ অনুসৰি গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত এহাজাৰ আৰু কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত এহাজাৰ মুঠ দুহাজাৰ গছ-গছনি কাটি পেলোৱা হৈছে৷  পথ সম্প্ৰসাৰণৰ নামত এইসমূহ প্ৰকাণ্ড প্ৰকাণ্ড হাজাৰ হাজাৰ গছ-গছনি কাটি পেলোৱা হ’ল৷ বন বভাগে বিনাদ্বিধাই গছ-গছনিসমূহ কাটিবলৈ দিলে৷ যাৰ ফলত এতিয়া ৰাস্তাৰ কাষৰ মানুহ উত্তাপত থাকিব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত বন বিভাগে আকৌ হাজাৰ হাজাৰ গছ-গছনি নিধন প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ অতি কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ গছ-গছনি নোহোৱা হ’ল৷ মাত্ৰ কৃষ্ণাই আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বৰঝাৰ আৰু বৰমাটিয়া সংৰক্ষিত বনাঞ্চলতে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে প্ৰায় ৮ হাজাৰ পৈণত অপৈনত শাল গছ কাটি পোলোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ যি কথাই প্ৰকৃতিপ্ৰেমীসকলক ব্যথিত কৰি তুলিছে৷ তেওঁলোকৰ প্ৰশ্ন এই আধুনিক প্ৰযুক্তিৰ দিনত গছ-গছনিসমূহ নোহোৱা নকৰাকৈ ৰাস্তা সম্প্ৰসাৰণ কৰিব নোৱাৰি নে? যি উন্নয়নে পৃথিৱীখনকে ধবংসৰপিনে ঠেলি দিয়াৰ থল আছে তেনে উন্নয়নৰ কিবা প্ৰয়োজন আছে নে বুলি একাধিক প্ৰকৃতিপ্ৰেমীয়ে ক্ষোভ ব্যক্ত কৰিছে৷

এক কোটি গছপুলি ৰোপণেৰে বিশ্বৰেকৰ্ডৰ লক্ষ্য অসম চৰকাৰৰ

‘আমাৰ অসম’ৰ সোণাপুৰৰ প্ৰতিবেদকঃ গছপুলি ৰোপণৰ বাবে সমাজত জাগৰণ সৃষ্টি কৰিব লাগিব৷ গছ-গছনিৰ বাবেই পূৰ্বৰ তুলনাত যথেষ্ট জলবায়ুৰ পৰিৱৰ্তন হৈছে৷ গছেই মানুহক যথেষ্ট উপকাৰ কৰে৷ গছে,  ছাঁ,  ফলমূল, প্ৰদূষণ ৰোধ, আৰু মানুহ জীয়াই থকাৰ ইন্ধন দিয়ে৷ সেয়েহে গছ-গছনিৰ উপকাৰৰ বাবেও  মানুহে চিন্তা কৰাৰ দৰকাৰ৷ এই মন্তব্য বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ৷ আজি অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ ৭৪ সংখ্যক বন মহোৎসৱ উদ্‌যাপন উপলক্ষে ক্ষেত্ৰীৰ টোপাতলিৰ আপ্ৰীকোলাত গছপুলি ৰোপণ কাৰ্যসূচীৰ লগতে অনুষ্ঠিত  এখন সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে আৰু কয় যে আমি গছক জীয়াই ৰাখিব লাগিব৷ গছৰ প্ৰতি মৰম থকাটো প্ৰয়োজন৷ মানুহ জীয়াই থকাত গছে বহুত সহায় কৰে৷ পাছৰ প্ৰজন্ম জীয়াই থকাৰ বাবে গছ ৰোপণ কৰিব লাগিব৷ নহ’লে বায়ুমণ্ডলত কাৰ্বন-ডাই গেছ বাঢ়ি গ’লে জীয়াই থাকিবৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে স্কুললৈ গ’লে বেগত অক্সিজেন গেছৰ চিলিণ্ডাৰ ভৰাই নিব লাগিব বুলিও ভাষণত কয়৷ অহা ৫ ছেপ্টেম্বৰ নাইবা ২ অক্টোবৰত ৰাজ্যত এককোটি গছ ৰোপণ কৰি ৰাজ্য চৰকাৰে বিশ্বৰেকৰ্ড গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে৷ মন্ত্ৰীজনে আৰু কয় যে বৰ্তমান ৰাজ্য চৰকাৰে ১৯ হাজাৰ ৫০০ বিঘা ভূমিত ৭৫ লাখ ৫০ হাজাৰ গছপুলি ৰোপণ কৰা হৈছে বুলি উল্লেখ কৰে৷  এনে পৰি থকা সকলো ভূমিতে তেওঁ ৰাজ্যবাসীক গছ ৰোপণ কৰিবলৈ আহ৩ান জনায়৷ ইতিমধ্যে বন বিভাগে বিভিন্ন জাতৰ গছ-গছনিৰ এক কোটি ৭১ লাখ পুলিৰ নাৰ্চাৰী কৰা বুলিও সদৰি কৰে৷ উল্লেখ্য, পূব কামৰূপ বন সংমণ্ডলৰ সোণাপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ক্ষেত্ৰী টোপাতলিৰ আপ্ৰীকুলাত লোৱা এই গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য বন সংৰক্ষক তথা মুৰব্বী বন সুৰক্ষা বাহিনীৰ এম কে যাদৱো উপস্থিত থাকে৷ সভাৰ আদৰণি ভাষণত তেওঁ কয় যে আমি সকলোৱে গছ ৰোপণ কৰি জলবায়ুৰ পৰিৱৰ্তন আনিব লাগিব৷ প্ৰদূষণ ৰোধ কৰিব লাগিব৷ গছ ৰোপণৰ বাবে আন্দোলনৰ জোৱাৰ সৃষ্টি কৰিব লাগিব৷ গছ-গছনিৰ পৰা বহু কুটীৰ শিল্প গঢ়ি উঠাত সহায় কৰে৷ সেয়েহে স্কুল, কলেজ, খেলপথাৰৰ চৌহদৰ লগতে এনে পৰি থকা ভূমিত মূল্যবান গছ ৰোপণ কৰিবলৈ তেওঁ সকলোকে অনুৰোধ কৰে৷ আজিৰ এই গছ ৰোপণ কাৰ্যসূচীটো বনমন্ত্ৰীয়ে মুকলি কৰাৰ লগতে ৰাইজৰ মাজত একোডালকৈ মূল্যবান গছপুলিও বিতৰণ কৰে৷ অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ পূব কামৰূপ সংমণ্ডলৰ সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এলেকাত  অনুষ্ঠিত এই কাৰ্যসূচীত বন বিভাগৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷

এক কোটি গছপুলি প্ৰতিপালন কৰিবলৈ মানুহ নাই বন বিভাগত

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ অহা দুই অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা ৰাজ্যজুৰি এক কোটি গছপুলি ৰোপণ কৰা হব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই৷ ইফালে অসম চৰকাৰৰ বন বিভাগৰ একাংশ শীৰ্ষ বিষয়াই ইমান সংখ্যক গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি জীয়াই ৰাখিবলৈ হলে গ্ৰাছৰুট পৰ্যায়ত যিমান সংখ্যক বনকৰ্মীৰ প্ৰয়োজন তাৰ আধাৰ আধাও নথকাত আঁচনিখন ব্যৰ্থ হব পাৰে বুলি আশংকা ব্যক্ত কৰিছে৷ উল্লেখ্য যে বন বিভাগত গ্ৰাছৰুট পৰ্যায়ৰ বনকৰ্মী বুলিলে মাহিলী নিৰ্ধাৰিত হাৰত দৰমহা লাভ কৰা মাষ্টাৰৰোল বা কেজুৱেল শ্ৰমিকখিনীকে বুজা হয়৷ কিয়নো বাগানত গছপুলি উৎপাদন কৰি সেই পুলি ৰোপণ কৰা, প্ৰতিপালন কৰি জীয়াই ৰখালৈকে সকলো কামেই সেই কেজুৱেল বনকৰ্মী সকলেই কৰিব লাগে৷ কিন্তু ইমানখিনীৰ পাছতো সেই কেজুৱেল বন শ্ৰমিক সকলৰ বহুতেই ৩০ বছৰৰো অধিক কাল ধৰি প্ৰাপ্য বেতন নোপোৱা আৰু বিত্ত বিভাগ আৰু বন বিভাগৰ একাংশ উদ্ধৰ্তম বিষয়াৰ প্ৰতাৰণাৰ বলি হোৱা বিষয়টোৱে বেতন বঞ্চিত শ্ৰমিকসকলক ক্ষোভিত কৰি তুলিছে৷ সদৌ অসম বন বিভাগ কেজুৱেল শ্ৰমিক সন্থাৰ সভাপতি চিকন ডেকা আৰু সম্পাদক ধনঞ্জয় দাসে জানিবলৈ দিয়া মতে ২০০৯ চনৰ ১৯ ডিচেম্বৰত গুৱাহাটীৰ বশিষ্ঠস্থিত বন বিভাগৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এখন সভাত ভাগ লৈ ৰাজ্যৰ তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে তিনিমাহৰ ভিতৰত অৰ্থাৎ ২০১০ চনৰ ৩১ মাৰ্চৰ ভিতৰত বাদ পৰি যোৱা কেজুৱেল শ্ৰমিকসকলক ফিক্সড পে’ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ সভাত বন বিভাগৰ তদানীন্তন মুৰব্বী তথা প্ৰধান মুখ্য বন সংৰক্ষক ভি কে বিষ্ণয়কে ধৰি বন বিভাগৰ উচ্ছপদস্থ বিষয়াসকল আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ সেই সময়ৰ সচিব প্ৰধান বাসৱ কলিতায়ো উপস্থিত আছিল৷ কিন্তু তিনিমাহৰ ভিতৰত ফিক্সড পে’ প্ৰদানৰ ঘোষণা বিগত তেৰ বছৰ পাৰ হৈ যোৱাৰ পাছতো কাৰ্যকৰী নোহোৱাত শ্ৰমিকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ পৰৱৰ্তী সময়ত সন্থাৰ দাবীত বিভাগৰ উৰ্ধতম কতৃৰ্পক্ষই গঠন কৰা উচ্ছক্ষমতা সম্পন্ন কমিটিৰ জৰিয়তে প্ৰথম পৰ্যায়ত ৬৯৭জন কেজুৱেল বনকৰ্মীক ফিক্সড পে’ প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি৷ বন বিভাগৰ তদানীন্তন অতিৰিক্ত সচিব দেৱ কুমাৰ কলিতাই ২০২১ চনৰ ৬ অক্টোবৰত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বীলৈ প্ৰেৰণ কৰা এটা নিৰ্দেশত ৬৯৭জন কেজুৱেল শ্ৰমিকক নিযুক্তি দিব পাৰিব বুলি উল্লেখ কৰিছিল৷ ইয়াৰ ভিতৰত বি টি এ ডি এলেকাৰ চাৰিটা বন সংমণ্ডলত ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা ১৬৪জন কেজুৱেল শ্ৰমিকে নিৰ্ধাৰিত হাৰত দৰমহা লাভ কৰি আহিছে৷ কিন্তু একেটা নিৰ্দেশত বাকী৷ থকা ৫৩৩জন কেজুৱেল শ্ৰমিকক কি কাৰণত বেতন প্ৰদান কৰি তেওঁলোকক বিভাগীয় দায়িত্ব দিয়া হোৱা নাই তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ আনকি বন বিভাগৰ একাংশ শীৰ্ষ বিষয়ায়ো এই কেজুৱেল বনকৰ্মীখিনীক নিৰ্ধাৰিত হাৰত ফিক্সড পে’ প্ৰদান  কৰিলে বিভাগে গ্ৰাছৰুট পৰ্যায়ত কিছু হলেও অভিজ্ঞ মানৱ সম্পদ লাভ কৰিব৷  তেতিয়া হলে মুখ্যমন্ত্ৰীৰ সেউজ অসমৰ আঁচনিখন কাৰ্যকৰী কৰাত বহুখিনী সহায়ক হব বুলি আশা প্ৰকাশ কৰিছে৷